Rupaliparda.com
হেমন্ত পাঠক আৰু জিন্টু কুমাৰ কাশ্যপৰ সপোন "পোহৰ প্ৰডাকচন"- 1

হেমন্ত পাঠক আৰু জিন্টু কুমাৰ কাশ্যপৰ সপোন “পোহৰ প্ৰডাকচন”-

সংগীতৰ ক্ষেত্ৰখনত চহকী অসমত বহু এনে যুৱক-যুৱতী আছে; যিয়ে প্ৰায়ে নিজ নিজ পৰিকল্পনাৰে জনসাধাৰণক সুখী কৰিবলৈ চেষ্টা কৰি থাকে। মনোৰঞ্জন ক্ষেত্ৰখনত কেৱল নিজৰ বাবেই নহয়; নিজৰ সৈতে আন দহজনক নিজ নিজ প্ৰতিভা প্ৰদৰ্শনত সহায় আগবঢ়ায় নৱপ্ৰজন্মৰ এনে যুৱক সকলে। আপোনালোক নিশ্চয় “পোহৰ প্ৰডাকচন” নামে এটা প্ৰডাকচন হাউচৰ নামটোৰ সৈতে পৰিচিত; কেৱল মাত্ৰ দুজন যুৱকৰ ৰে’লযাত্ৰাৰ সময়ছোৱাত পতা কথা-বতৰাৰ মাজেৰেই হোৱা পৰিকল্পনা আৰু পৰিকল্পনাৰ শেষৰটো ষ্টেচনত উপনীত হয় নিৰ্মাণ কৰা “পোহৰ প্ৰডাকচন” ত বৰ্তমান উৎকন্ঠা জনসাধাৰণৰ। টিহুৰ দুগৰাকী প্ৰতিভাৱান যুৱক ক্ৰমে হেমন্ত পাঠক আৰু জিন্টু কুমাৰ কাশ্যপৰ শ্ৰমেৰে নিৰ্মিত উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত ইতিমধ্যে মুক্তি লাভ কৰিছে ২০ টাকৈ গীত আৰু ১০ খন চুটি ছবি। প্ৰায় ১২ বছৰ পূৰ্বে জন্ম পোৱা পোহৰ প্ৰডাকচনে অইন যুৱপ্ৰতিভাৰ বিকাশতো অহোপুৰুষাৰ্থ কৰে। একেখন ঠাইৰে নিবাসী জিন্টু আৰু হেমন্তৰ এই প্ৰচেষ্টাক আকোঁৱালি লৈ তেওঁলোকৰ সপোনক দিঠক ৰূপ দিবলৈ হিমজিত তালুকদাৰকে আৰম্ভ কৰি হীৰুদীপ বৈশ্য, গুঞ্জন বৰ্মন, নয়নজ্যোতি কাশ্যপ, ভিক্টৰ কলিতাই সহায় আগবঢ়ায়। “কষ্টৰ ফল মিঠা” শীৰ্ষক বাক্যশাৰী আমি প্ৰায়ে শুনো কিন্তু এই বাক্যশাৰীক সফল ৰূপত উপস্থাপন কৰে এনে একাংশ নৱপ্ৰজন্মৰ দলে; যিসকলৰ সপোন কেৱল নিজেই সফল হোৱা নহয়, হাতত ধৰি অইনকো তেওঁলোকে আগবঢ়াই লৈ যায়।

হেমন্ত পাঠক আৰু জিন্টু কুমাৰ কাশ্যপৰ সপোন "পোহৰ প্ৰডাকচন"- 2


সংগীত ক্ষেত্ৰখনত হেমন্তৰ ৰাপ থকাৰ সমান্তৰালকৈ নাটক, চলচিত্ৰ তথা সাহিত্যৰ দিশটোত নিজ ইচ্ছা প্ৰদৰ্শন কৰিছে জিন্টুয়ে। এটা পূৰ্ণ পৰ্যায়ৰ “পোহৰ প্ৰডাকচন” ষ্টুডিঅ’ গঢ় দিয়াৰ খাতিৰত এই যুৱক দুগৰাকীয়ে নিজ শিল্পকৰ্মৰ বাবদ পোৱা মাননীৰ এটা অংশ জমা কৰাৰ লগতে সপোনক বাস্তৱ ৰূপ দিবলৈ এই দুগৰাকীয়ে পথৰ দাঁতিত ফাষ্ট ফুডৰ দোকানো দিয়ে। অৱশ্যে, যেতিয়া খোলা চকুৰে সপোন দেখা হয় তেতিয়া সেই সপোনক সঁচা কৰিবলৈ বহু দূৰলৈ যাবলগীয়া হ’লেও তাত অকণো সংকোচবোধ নহয়। এইখিনিতে আপোনালোকক দিছো আন এক সুখবৰ; প্ৰায় ৪ বছৰ পূৰ্বে যুৱক দুগৰাকীয়ে মুকলি কৰে তেওঁলোকৰ সপোন পোহৰ প্ৰডাকচনৰ পূৰ্ণ পৰ্যায়ৰ ষ্টুডিঅ’। লগতে, প্ৰিয়ান্সী কাশ্যপ নামে আন এগৰাকী প্ৰতিভাও জড়িত হৈ পৰিছে প্ৰডাকচন হাউচটোৰ সৈতে। আনহাতে, হেমন্ত আৰু জিন্টুয়ে প্ৰডাকচন হাউচটোৰ বেনাৰত আৰ্থিক ভাৱে পিছপৰি ৰোৱা একাংশ প্ৰতিভাৱান যুৱক-যুৱতীকো এখন মঞ্চ প্ৰদানৰ ব্যৱস্থা কৰিছে।

হেমন্ত পাঠক আৰু জিন্টু কুমাৰ কাশ্যপৰ সপোন "পোহৰ প্ৰডাকচন"- 3


পোহৰে চলিত বৰ্ষত নিজাকৈ এটা Puhor Tunes নামে অসমীয়া মিউজিক এপ নিৰ্মাণ কৰিছে; বৰ্তমান ই সকলোৰে বাবে উপলদ্ধ প্লে’ ষ্টৰত। এই এপটোত কোনোধৰণৰ Subscription নিদিয়াকৈ ন-পূৰণি ভিন্ন অসমীয়া গীত শুনিব পৰা যায়। মনোৰঞ্জন ক্ষেত্ৰখনক লৈ প্ৰতিদিনেই কিবা এটা কৰাৰ ইচ্ছা বুকুত বান্ধি জীয়াই থকা এনে কিছু যুৱকৰ প্ৰচেষ্টা সমূহ সঁচাকৈ প্ৰশংসনীয়। এওঁলোকৰ প্ৰতিটো সৃষ্টিত বৰ্তমান দৃষ্টিনিবদ্ধ ৰাইজৰ। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও এওঁলোকৰ প্ৰচেষ্টাক আমি জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform