Rupaliparda.com
মাজুলীত উপস্থিত বিবেক অব্ৰয়ৰ ঘোষণা; বনাব লাচিত বৰফুকনক লৈ ছবিঃ 1

মাজুলীত উপস্থিত বিবেক অব্ৰয়ৰ ঘোষণা; বনাব লাচিত বৰফুকনক লৈ ছবিঃ

বিগত দেওবাৰৰ দিনটোত বলীউড অভিনেতা বিবেক অব্ৰয় উপস্থিত হয় মাজুলীত। ২০২০-২১ বৰ্ষৰ “সহোদৰ” অনুষ্ঠানত উপস্থিত থাকে অভিনেতা গৰাকী। অনুষ্ঠানটোত উপস্থিত অভিনেতা গৰাকীয়ে অসমীয়া ভাষাতেই নিজ ভাষণ আৰম্ভ কৰে; এইখিনিতে আন এক সু-খবৰ, ভাষণ প্ৰসংগত অভিনেতা বিবেক অব্ৰয়ে কয় যে আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱন কাহিনীক লৈ তেওঁ নিৰ্মাণ কৰি উলিয়াব এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ সেনাপতিৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰা লাচিত বৰফুকনৰ কৃতিত্বক লৈ তেওঁ ছবি নিৰ্মাণৰ মন মেলিছে। অভিনেতা গৰাকীৰ এই কথাটোৱে শেহতীয়াকৈ প্ৰতিজন অসমীয়াক উৎসাহিত কৰি তোলাত সক্ষম হৈছে। বিবেক অব্ৰয় অসমলৈ আহি তেওঁ ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসা কৰাৰ উপৰিও সৰ্বানন্দ সোণোৱাল যে তেওঁৰ এগৰাকীৰ জ্যেষ্ঠ ভাতৃৰ দৰে সেই কথাও প্ৰকাশ কৰে।

মাজুলীত উপস্থিত বিবেক অব্ৰয়ৰ ঘোষণা; বনাব লাচিত বৰফুকনক লৈ ছবিঃ 2


বিবেক অব্ৰয়ৰ সৈতে অভিনেতা যতীন বৰাইও চচিয়েল মিডিয়াত আপলোড কৰে বিভিন্ন খন ফটো। আনহাতে, বিবেক অব্ৰয়ে নিজাববীয়াকৈ অসমক লৈ কৰা টুইটটোও ইতিমধ্যে ভাইৰেল হৈছে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform