Rupaliparda.com
"গংগুবাই কাঠিয়াবাড়ী" ৰ টিজাৰ মুকলিৰ পিছতেই আলিয়া ভাটক প্ৰশংসা একাংশৰঃ 1

“গংগুবাই কাঠিয়াবাড়ী” ৰ টিজাৰ মুকলিৰ পিছতেই আলিয়া ভাটক প্ৰশংসা একাংশৰঃ

বুধবাৰে আলিয়া ভাটৰ ছবি “গংগুবাই কাঠিয়াবাড়ী” ৰ টিজাৰ মুক্তিৰ পিছতেই ই চচিয়েল মিডিয়াত খলকনি তুলিবলৈ সক্ষম হৈছে। সঞ্জয় লীলা ভঞ্চালিৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখনৰ সৈতে আলিয়া ভাট আৰু সঞ্জয় লীলাৰ যুঁটি পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব। টিজাৰ মুকলিৰ পিছতেই চচিয়েল মিডিয়াত টিজাৰটোক বহুল সংখ্যাত সাধাৰণ দৰ্শকে শ্বেয়াৰ কৰাৰ লগতে টিজাৰটোক লৈ নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আন কেইবাগৰাকীও বলীউড চিলেব্ৰেটীও। শ্বাহিদ কাপুৰে নিজ কমেন্টত আলিয়াক উদ্দেশ্যি কয় যে, “গুণ্ডীটো তুমি আগৰে পৰা আছিলা কিন্তু নতুনকৈ “ডনো” হৈ পৰিলা” । ইয়াৰ উপৰিও আয়ূসমান খুৰানা, ৰণৱীৰ সিং, মৌনী ৰয়, বৰুণ ধৱনৰ সৈতে আন বহুকেই গৰাকীয়ে আলিয়াৰ এই আহিবলগীয়া ছবিখনৰ টিজাৰটোক লৈ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৈছে। হুসেন জেদীৰ নোৱেল “মাফিয়া কুইন অৱ মুম্বাই” ৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনত “গংগুবাই কোঠেৱালী” ৰ আত্মজীৱনী দেখুওৱা হ’ব।


কম বয়সতে বেশ্যাবৃত্তিত জোৰ কৰি ভৰাই দিয়া গংগুবাইয়ে পিছলৈ নিজেই এগৰাকী বেশ্যাবৃত্তিৰ দালাল হিচাপে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰে। তেওঁৰ গ্ৰাহক হিচাপে থাকে ডাঙৰ ডাঙৰ দালাল আৰু ক্ৰিমিনেল। “গংগুবাই” ৰ এই জীৱন কাহিনীৰ ওপৰত আধাৰিত ছবিখনতেই নায়িকাৰ চৰিত্ৰত থাকিব আলিয়া ভাট।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.