Rupaliparda.com
অডিঅ' ৰ লগতে "মনে বিচাৰে" ৰ ভিডিঅ'তো দৰ্শকৰ সঁহাৰিঃ 1

অডিঅ’ ৰ লগতে “মনে বিচাৰে” ৰ ভিডিঅ’তো দৰ্শকৰ সঁহাৰিঃ

Electronic Dance Music চমুকৈ “EDM” ৰ ধাৰাক গ্ৰহণ কৰি অসমীয়া সংগীত ক্ষেত্ৰখনত বহু নতুন সংগীতৰ সৃষ্টি হোৱা দেখিবলৈ পাইছো। অৱশ্যে সৃষ্টিৰ সমান্তৰালকৈ গীতসমূহক গ্ৰহণ কৰিছে অসমীয়া শ্ৰোতা-দৰ্শকে। কিছুদিন পূৰ্বে এটি “EDM” গীতে মুক্তি লাভ কৰি জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিল; এই গীতটিৰ নাম হৈছে “মনে বিচাৰে”। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম; এই পৰিৱৰ্তন সমূহত নতুনত্ব থাকে। পৰিৱৰ্তনৰ যদি ঋণাত্মক ফালটোত মন নিদিয়ো তেতিয়াহ’লে বুজিব পৰা যায় যে পৰিৱৰ্তনে বহু নতুন নতুন বস্তুৰ সৃষ্টি কৰে। বলীউডৰ উক্ত সংগীতৰ ধাৰাক লৈ বিভিন্ন গীতৰ সৃষ্টি হৈছে যিসমূহক লৈ অসমৰ সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ মাজত এক বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা গৈছিল; কিন্তু এতিয়া কেৱল মাত্ৰ বলীউড বুলিয়ে নহয়। এনে গীতৰ সৃষ্টি হ’বলৈ লৈছে অসমীয়া সংগীত ক্ষেত্ৰখনতো। শেহতীয়াকৈ মুক্তি লাভ কৰা “মনে বিচাৰে” শীৰ্ষক গীতটিক লৈ নৱপ্ৰজন্মৰ মাজত এক বিশেষ উৎসাহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। ইউটিউবত মুক্তি লাভ কৰা পিছতেই উক্ত গীতটিৰ ভিডিঅ’টিয়েও লাভ কৰিছে জনসাধাৰণৰ সমাদৰ।


এইখিনিতে আপোনালোক জনাই থওঁ যে, “মনে বিচাৰে” শীৰ্ষক এই গীতটিৰ ভিডিঅ’ৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীয়ে অতি কম বয়সতে এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ লগতে কিছু নতুন সৃষ্টিৰ দিশত মন মেলিছে। “মনে বিচাৰে” শীৰ্ষক এই গীতটিৰ ভিডিঅ’ত ব্যৱহৃত কাৰিকৰী দিশটো অত্যন্ত মন কৰিবলগীয়া। VFX, সম্পাদনা ক্ষেত্ৰত ভিডিঅ’টোৰ সৈতে খেলিবলৈ চেষ্টা কৰা যেন অনুভৱ হয় উক্ত নৱপ্ৰজন্মৰ দলটোৱে। গীতটিৰ ভিডিঅ’ পৰিচালনা, বিষয়বস্তু প্ৰিয়ম জে কোঁচৰ লগতে ইয়াত অভিনয় কৰিছে ফাৰহান হক আৰু সুস্মিতা শৰ্মাই। আনহাতে, গীতটিৰ সম্পাদনা আৰু ৰং অচ্যুত দত্তৰ। গীতটোত কন্ঠদান কৰাৰ লগতে ইয়াৰ সংগীত পৰিচালনা ৰাজনীশ শইকীয়াৰ; লগতে গীতটিত সংগীত দিয়াৰ উপৰিও শব্দ সংমিশ্ৰণ পিংকুল আহমেদৰ। গীতটিত কথা আৰচাদ এম ৰহমানৰ।

অডিঅ' ৰ লগতে "মনে বিচাৰে" ৰ ভিডিঅ'তো দৰ্শকৰ সঁহাৰিঃ 2


কোনো এটা প্ৰকল্পৰ যেতিয়া কাৰিকৰী দিশটো মজবুত হয় তেতিয়া অৱশ্যে সমগ্ৰ প্ৰকল্পটোত জনসাধাৰণ ইচ্ছাও পৰিলক্ষিত হয়। গীতটিৰ অডিঅ’ তথা ভিডিঅ’ৰ সৈতে জড়িত প্ৰতিজন নৱপ্ৰজন্মক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform