Rupaliparda.com
"শিল্পী" শব্দটো অৱশ্যে এনেই কাৰোবাৰ নামৰ সৈতে জড়িত কৰি দিব পৰা এটা শব্দ নহয়"- সূৰ্য্য প্ৰকাশ মেধি 1

“শিল্পী” শব্দটো অৱশ্যে এনেই কাৰোবাৰ নামৰ সৈতে জড়িত কৰি দিব পৰা এটা শব্দ নহয়”- সূৰ্য্য প্ৰকাশ মেধি

উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱিচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে। য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে। মুঠতে, পূৰ্বেও উল্লেখ কৰাৰ দৰেই এই ক্ষেত্ৰখনৰ এক সুন্দৰ যাত্ৰা অবিৰত ভাৱে চলি গৈ আছে। শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত পেছাগত ভাৱে খোজ পেলাবলৈ অহা এগৰাকী যুৱকৰ নাম হৈছে সূৰ্য্য প্ৰকাশ মেধি; শেহতীয়াকৈ তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এটি গীত “পাহৰাই দিয়া” য়ে ইতিমধ্যে আপ্লুত কৰি তুলিছে শ্ৰোতা-দৰ্শকক। আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত এইগৰাকী প্ৰতিভাক লৈ আনিছো আপোনালোকৰ মাজলৈ; চাওঁচোন আহকঃ

"শিল্পী" শব্দটো অৱশ্যে এনেই কাৰোবাৰ নামৰ সৈতে জড়িত কৰি দিব পৰা এটা শব্দ নহয়"- সূৰ্য্য প্ৰকাশ মেধি 2

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?

সূৰ্য্য প্ৰকাশ মেধিঃ একাংশৰ দৰে যদি মইও কওঁ যে মই জন্মৰে পৰা মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত তথাপিও হয়টো বঢ়াই কোৱা নহ’ব। কিয়নো মই সৰুৰে পৰা পৰিয়ালত এক সাংস্কৃতিক পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পাইছো। মোৰ মা মৰমী মেধি এগৰাকী কথক নৃত্যশিল্পী হোৱাৰ বিপৰীতে মোৰ দেউতা জয়প্ৰকাশ মেধি এগৰাকী হিন্দুস্তানী ক্লাচিকেল গায়ক। সমান্তৰালকৈ, মোৰ বাইদেউ মেঘৰঞ্জনী এগৰাকী অসমীয়া জনপ্ৰিয় অভিনেত্ৰী তথা সুদক্ষ কথক নৃত্যশিল্পী।

"শিল্পী" শব্দটো অৱশ্যে এনেই কাৰোবাৰ নামৰ সৈতে জড়িত কৰি দিব পৰা এটা শব্দ নহয়"- সূৰ্য্য প্ৰকাশ মেধি 3

প্ৰশ্নঃ আপোনাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

সূৰ্য্য প্ৰকাশ মেধিঃ “শিল্পী” শব্দটো অৱশ্যে এনেই কাৰোবাৰ নামৰ সৈতে জড়িত কৰি দিব পৰা এটা শব্দ নহয়; ইয়াৰ বিশেষত্ব বৰ সুন্দৰ আৰু দৃঢ়। কিন্তু আপুনি যদি এইখিনিতে মোৰ মতে এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচাৰিছে তেতিয়াহ’লে মই ক’ম যে যিগৰাকীয়ে সৃষ্টিশীল কৰ্ম আৰু কলাৰ সাধনাত ব্ৰতী হৈ থাকে তেৱেই মোৰ দৃষ্টিত এগৰাকী শিল্পী।

"শিল্পী" শব্দটো অৱশ্যে এনেই কাৰোবাৰ নামৰ সৈতে জড়িত কৰি দিব পৰা এটা শব্দ নহয়"- সূৰ্য্য প্ৰকাশ মেধি 4

প্ৰশ্নঃ দৰ্শকক আকৰ্ষণ কৰিব পৰা বিধৰ প্ৰকল্প সমূহৰ সৈতে আপুনি জড়িত হৈ ভাল পায় নে যিটো প্ৰকল্পৰ সৈতে আপুনি সংযোগ কৰিব তেনে প্ৰকল্পই আপোনাক টানে?

সূৰ্য্য প্ৰকাশ মেধিঃ আমি যদি মনোৰঞ্জনৰ দিশটোৰ সৈতে জড়িত হৈছো তেতিয়াহ’লে দৰ্শক অথবা জনসাধাৰণক আমোদ প্ৰদান কৰাটো আমাৰ এক দায়িত্ব স্বৰূপ হৈ পৰে। দৰ্শকক সংযোগ কৰিব পৰা একোটা প্ৰকল্পৰ সৈতে জড়িত হৈ আচলতে খুব ভাল লাগে যেতিয়া তেওঁলোকৰ তাত সঁহাৰি লাভ কৰিব পৰা যায়। অৱশ্যে প্ৰথমতে মই নিজে ভালপোৱা প্ৰকল্পৰ সৈতে জড়িত হ’বলৈ চেষ্টা কৰো আৰু তাত দৰ্শকৰ ৰুচিবোধ কিমান আছে তাত মনোযোগ দিওঁ। কিন্তু, নিজে ভালপোৱা অথবা দৰ্শকৰ মনোযোগ থাকিলেও কিছুমান সস্তীয়া প্ৰকল্পৰ পৰা বিৰত থাকিবলৈ বিচাৰো।

"শিল্পী" শব্দটো অৱশ্যে এনেই কাৰোবাৰ নামৰ সৈতে জড়িত কৰি দিব পৰা এটা শব্দ নহয়"- সূৰ্য্য প্ৰকাশ মেধি 5

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।

সূৰ্য্য প্ৰকাশ মেধিঃ মই বৰ্তমান এটি গীতৰ সংগীত ব্যৱস্থাপনাৰ লগত জড়িত হৈ আছো; য’ত ক্লাচিকেল সংগীতৰ সৈতে পশ্চিমীয়া সংগীতৰ সংমিশ্ৰণ ঘটোৱা হৈছে। “ৰিম ঝিম ৰিমঝিম নামে বৰষুণ ” শীৰ্ষক এই গীতটিৰ কথা শশীন্দ্ৰ কুমাৰ অধিকাৰীৰ। অতি শীঘ্ৰেই মই এই গীতটি এটা ভিডিঅ’ৰ সৈতে ৰাইজৰ মাজলৈ আগবঢ়াই দিম।”

"শিল্পী" শব্দটো অৱশ্যে এনেই কাৰোবাৰ নামৰ সৈতে জড়িত কৰি দিব পৰা এটা শব্দ নহয়"- সূৰ্য্য প্ৰকাশ মেধি 6

ৰূপালীপৰ্দাঃ ধন্যবাদ সূৰ্য্য প্ৰকাশ মেধি; তোমাৰ পৰিকল্পনা সমূহ সফল হওঁক।

সূৰ্য্য প্ৰকাশ মেধিঃ ধন্যবাদ ৰূপালীপৰ্দা।

1 comment

Leave a Reply