Rupaliparda.com
ফেন ক্লাৱৰ যুদ্ধই সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজ গিলৰ বন্ধুত্বত প্ৰভাৱ নেপেলায়! 1

ফেন ক্লাৱৰ যুদ্ধই সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজ গিলৰ বন্ধুত্বত প্ৰভাৱ নেপেলায়!

বিগ বচ ১৩ ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাই শেহতীয়াকৈ একাংশ টুইটৰ ওপৰত নিজ মত ব্যক্ত কৰিছে। বিগ বছ ১৩ ৰ বহু প্ৰত্যাশিত প্ৰতিযোগী আৰু এটা যুঁটিৰ বিষয়ে যদি কথা পাতিবলগীয়া হয় তেতিয়াহ’লে সেয়া হ’ব সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজ গিলৰ। বিগ বচ ১৩ শেষ হৈ যোৱা পিছতো আচলতে বহু দৰ্শকে তেওঁলোককহে চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল; শেহতীয়াকৈ শ্বেহনাজ গিল আৰু সিদ্ধাৰ্থ শুক্লাৰ ফেন ক্লাৱৰ মাজত হোৱা মতবিৰোধক লৈ সিদ্ধাৰ্থ শুক্লাই নিজ মত ব্যক্ত কৰি কয় যে, ফেন ক্লাৱ সমূহৰ মাজত কাজিয়া অথবা মতবিৰোধ আদি যিয়েই নচলক কিয়! শ্বেহনাজ আৰু তেওঁৰ বন্ধুত্বৰ মাজত কোনোধৰণৰ প্ৰভাৱ পৰা নাই। বহু সময়ত এনেও হয় যে সিদ্ধাৰ্থ আৰু শ্বেহনাজৰ ফেন ক্লাৱ সমূহে চচিয়েল মিডিয়াত তেওঁলোকৰ ভিডিঅ’ তথা ফটোৰে একোটা ট্ৰেণ্ডৰো আৰম্ভ কৰে; কিন্তু আকৌ বহু সময়ত এওঁলোকৰ মাজত ঘটা মতবিৰোধো দেখিবলৈ পোৱা যায়।

https://twitter.com/Love_YouKat/status/1364572694553845762?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1364575734375714816%7Ctwgr%5E%7Ctwcon%5Es2_&ref_url=https%3A%2F%2Fd-39758226863131692594.ampproject.net%2F2102130314001%2Fframe.html


সিদ্ধাৰ্থে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰি থকা সময়ত এগৰাকী অইন ব্যক্তিয়ে এনেদৰেও কয় যে, “শ্বেহনাজৰ সৈতে থকা তোমাৰ বন্ধুত্বই তোমাক বহুত লোকচান কৰোৱাব।” এই কমেন্টৰ পিছতো সিদ্ধাৰ্থ মৌন হৈ নাথাকি কয় যে “মই যেতিয়া বন্ধুত্ব কৰো তেতিয়া মই কোনো লাভ-লোকচানৰ চিন্তা নকৰো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.