Rupaliparda.com
আগন্তুক প্ৰতিটো মাহত একোটাকৈ অসমীয়া গীতৰ মুকলি কৰিব পাপনে! 1

আগন্তুক প্ৰতিটো মাহত একোটাকৈ অসমীয়া গীতৰ মুকলি কৰিব পাপনে!

অসমীয়া সংগীত ক্ষেত্ৰখনৰ এগৰাকী উজ্বলি থকা কন্ঠশিল্পী বুলি ক’বলৈ গ’লে তেওঁৰ নাম হ’ব অংগৰাগ পাপন মহন্ত; তেওঁৰ প্ৰতিটো সৃষ্টিয়ে আপ্লুত কৰিবলৈ সক্ষম হয় জনসাধাৰণক। তেওঁ শেহতীয়াকৈ ইনষ্টাগ্ৰাম যোগে #askmeanything নামে এক প্ৰশ্ন-উত্তৰ শিতান আৰম্ভ কৰিছিল। কিন্তু আটাইবোৰ প্ৰশ্নৰ উত্তৰ নিজ ইনষ্টাগ্ৰাম ষ্টৰী যোগে দিবলৈ নোৱাৰাত অংগৰাগ পাপন মহন্তই এটি ভিডিঅ’ যোগেৰে প্ৰশ্ন সমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰে। তেওঁৰ অনুৰাগী এগৰাকীয়ে তেওঁক “মাহেকত আমদানি কিমান হয়” বুলি প্ৰশ্ন কৰে তেতিয়া তাৰ ওপৰত কন্ঠশিল্পী গৰাকীয়ে কয় যে, “টকা কিমান পাওঁ সেয়া আচলতে ডাঙৰ কথা নহয়; নিজে কষ্ট কৰি কিমান আৰ্জিব পাৰা, খৰচ কৰিব পাৰা সেয়া আটাইবোৰ নিজৰ ওপৰত কথা।” ইয়াৰ লগতে, অংগৰাগৰ আহিবলগীয়া অসমীয়া গীতৰ বিষয়ে জানিবলৈ বিচৰাত অংগৰাগে কয় যে, “অতি সোনকালে অসমীয়া গীতে মুক্তি লাভ কৰিব।” আহিবলগীয়া সময়ত প্ৰতিটো মাহত একোটাকৈ অসমীয়া গীতে মুক্তি লাভ কৰিব বুলি জানিবলৈ দিয়ে অংগৰাগ পাপন মহন্তই।


বিগত বৰ্ষত লক-ডাউনৰ মাজত নিজ ইউটিউব চেনেলত সক্ৰিয় হৈ থকা অংগৰাগৰ কন্ঠৰে মুক্তি লাভ কৰা প্ৰতিটো গীতেই জনসাধাৰণৰ সমাদৰো লাভ কৰিছিল; “নীলাঞ্জনা” ৰ পৰা আৰম্ভ কৰি “নীৰৱতাৰ দাও গান” আৰু সদ্যমুক্তিপ্ৰাপ্ত “তোমাৰ কথা” গীতটিক লৈ সংগীত প্ৰেমী শ্ৰোতাৰো বহুল হেঁপাহ দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.