Rupaliparda.com
চচিয়েল মিডিয়াত উৰা বাতৰিঃ ইণ্ডিয়ান আইডল সমাপ্তিৰ খবৰ ভাইৰেল- 1

চচিয়েল মিডিয়াত উৰা বাতৰিঃ ইণ্ডিয়ান আইডল সমাপ্তিৰ খবৰ ভাইৰেল-

২০০৪ চনৰ পৰা ধাৰাবাহিকভাৱে বৰ্তমানলৈ দৰ্শকক মনোৰঞ্জন প্ৰদান কৰা টেলিভিছন ৰিয়েলিটী শ্ব’ “ইণ্ডিয়ান আইডল” ৰ সমাপ্তিৰ খবৰ ভাইৰেল হৈছে চচিয়েল মিডিয়াত। উক্ত শ্ব’টোৰ পৰিৱৰ্তে চনী টিভিয়ে লৈ আনিছে নতুন টিভি শ্ব’। বলীউড লাইফ ডট কমৰ খবৰ অনুসৰি, “ইণ্ডিয়ান আইডল ১২” ৰ সংস্কৰণটোক লৈ শেহতীয়াকৈ চচিয়েল মিডিয়াত উৰা বাতৰিয়ে গা কৰি উঠিছে। জানিব পৰা মতে, চলিত বৰ্ষৰ অহা ২৭ মাৰ্চ তাৰিখে এই শ্ব’টোৰ শেষৰটো খণ্ডই লাভ কৰিব সম্প্ৰচাৰ। আৰু, এই শ্ব’টো বন্ধ হোৱাৰ মূল কাৰণটো হ’ল এয়াই যে; শ্বটোৰ টি.আৰ.পি যথেষ্ট কম গতিকে ইয়াৰ নিৰ্মাতাই এই শ্ব’টো বন্ধ কৰাৰ কথা ব্যক্ত কৰে। এতিয়ালৈ সম্পূৰ্ণ স্পষ্টীকৰণ অহা নাই যদিও চচিয়েল মিডিয়াত এই খবৰে সক্ৰিয়তা লাভ কৰা দেখা যায়। এইখিনিতে আপোনালোকক জনাই থওঁ যে, এই শ্ব’টোত বৰ্তমান ১০ গৰাকী প্ৰতিযোগী আছে; গতিকে যদিহে এই শ্ব’টো বন্ধ হ’বলৈ হয় তেতিয়াহ’লে প্ৰতিযোগী সমূহক সোনকালে শ্ব’টোৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

চচিয়েল মিডিয়াত উৰা বাতৰিঃ ইণ্ডিয়ান আইডল সমাপ্তিৰ খবৰ ভাইৰেল- 2
চচিয়েল মিডিয়াত উৰা বাতৰিঃ ইণ্ডিয়ান আইডল সমাপ্তিৰ খবৰ ভাইৰেল- 3
SOURCE: GOOGLE


ইতিমধ্যে চনী টিভিয়ে আন নতুন নতুন শ্ব’ৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। অহা ২৭ মাৰ্চ তাৰিখৰ পৰাই তেওঁলোকৰ নতুন শ্ব’ “চুপাৰ ডেন্সাৰ চেপটাৰ ৪” ৰ সম্প্ৰচাৰ কৰা হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform