Rupaliparda.com
"চৰিত্ৰবোৰৰ সৈতে খাপ খোৱাকৈ অভিনেতা-অভিনেত্ৰী নিৰ্বাচন হৈছে"- আলফ্ৰেড (একলব্য) 1

“চৰিত্ৰবোৰৰ সৈতে খাপ খোৱাকৈ অভিনেতা-অভিনেত্ৰী নিৰ্বাচন হৈছে”- আলফ্ৰেড (একলব্য)

কিছুদিন পূৰ্বে চচিয়েল মিডিয়াত এখন অসমীয়া ছবিৰ পোষ্টাৰ ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিল। ছবিখনত দৰ্শকৰ বহুল ইচ্ছা প্ৰতিফলিত হোৱাৰ সমান্তৰালকৈ ছবিখনৰ নামটোও এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল দৰ্শক সকলৰ মাজত। ছবিখনৰ নাম আছিল “একলব্য”; অহা ১০ মাৰ্চৰ পৰা ছবিখনৰ শ্বুটিঙত ব্যস্ত হ’ব ইয়াৰ সৈতে জড়িত কলা-কুশলী। আমি সৰুৰ পৰা এতিয়ালৈ “মহাভাৰত” ৰ একলব্যৰ কাহিনী শুনি আহিছো; তেওঁৰ নিষ্ঠা, একাগ্ৰতা, গুৰুৰ প্ৰতি থকা সন্মান আদিকে আৰম্ভ কৰি স্থিতপ্ৰজ্ঞতা আদি বিষয়বোৰ আমাৰ প্ৰত্যেকৰে বোধগম্য। কিন্তু, বৰ্তমান “একলব্য” কোন আৰু তেওঁৰ কেনে গুণে দৰ্শকক মুগ্ধ কৰিব সেয়াই থাকিব এই ছবিখনৰ আঁৰত। আলফ্ৰেডৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন ৰিভান প্ৰডাকচন বেনাৰত প্ৰযোজনা কৰিছে চৈয়দ আজিজুল হক, ঋত্বিক শইকীয়া আৰু অলকা শইকীয়াই। ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুক্তিৰ পিছতেই ছবিখনক লৈ দৰ্শক অপেক্ষােৰত হৈ পৰিছে। এইখিনিতে আপোনালোকক জনাই থওঁ যে, সম্প্ৰতি সময়ৰ জনপ্ৰিয় অভিনেতা কমল লোচনৰ “একলব্য” য়ে হ’ব প্ৰথমখন অসমীয়া বাণিজ্যিক ছবি। তেওঁ ছবিখনত ৰূপায়ন কৰিছে মূখ্য চৰিত্ৰ; শেহতীয়াকৈ এক্সক্লুচিভলি ৰূপালীপৰ্দাৰ সৈতে হোৱা “একলব্য” ৰ পৰিচালক আলফ্ৰেডৰ কথা-বতৰা যোগে যেতিয়া তেওঁক ছবিখনৰ কাহিনীত এনে কিহৰ সংযোজন আছে যিয়ে দৰ্শকক আকৰ্ষণ কৰিব পাৰে বুলি কৰা প্ৰশ্নৰ উত্তৰ পৰিচালক গৰাকীয়ে কয় যে,

"চৰিত্ৰবোৰৰ সৈতে খাপ খোৱাকৈ অভিনেতা-অভিনেত্ৰী নিৰ্বাচন হৈছে"- আলফ্ৰেড (একলব্য) 2


“একলব্য” ৰ কাহিনীয়ে শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোকে অন্য সোঁৱাদ দিব বুলি আমি ভাবো; প্ৰতিজনৰ বাবেই সমানে উপভোগ্য কৰাটোৱেই আমাৰ প্ৰথম দায়িত্ব। মানুহৰ জীৱনটো‌ তেনেই সাধাৰণ, সেই সাধাৰণ জীৱনক অনেক টুকুৰা টুকুৰ‌ কাহিনীয়ে ক্ৰিয়া কৰে আৰু তেনেদৰেই চিনেমা হৈ যায়। এই ছবিখনৰ জৰিয়তে নিজক দেখাৰ – বুজাৰ সুযোগ পাব বহুজনে। কাহিনীৰ আঁৰত ৰৈ যোৱা কাহিনীৰে নিৰ্মিত চিনেমাই হৈছে “একলব্য”।” ছবিখনত পৰিচালক গৰাকীয়ে ভালকেইজন বৰ্তমান সময়ৰ নৱপ্ৰজন্মৰ প্ৰতিভাক ইয়াত চৰিত্ৰ ৰূপায়নৰ দায়িত্ব দিছে। ইয়াৰ আঁৰত পৰিচালক গৰাকীৰ কোনো ষ্ট্ৰেটেজী আছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত আলফ্ৰেডে কয় যে, “প্ৰথম কথা; চৰিত্ৰবোৰৰ সৈতে খাপ খোৱাকৈ অভিনেতা-অভিনেত্ৰী নিৰ্বাচন হৈছে। আৰু, দ্বিতীয় কথা; এই প্ৰজন্মটো খুউব সম্ভাৱনা থকা প্ৰজন্ম। গতিকে, মোৰ বিশ্বাস তেওঁলোকে “একলব্য” ছবিখনক এক অন্য প্ৰৰ্যায়লৈ লৈ যাব।” “একলব্য” ৰ বাদেও অইন কোনো প্ৰকল্পৰ সৈতেও আলফ্ৰেড জড়িত নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “বৰ্তমান সম্পূৰ্ণৰূপে কেৱল “একলব্য” ক লৈ ব্যস্ত হৈ আছো; কিবা নতুন থাকিলে নিশ্চয় জনাম।”

"চৰিত্ৰবোৰৰ সৈতে খাপ খোৱাকৈ অভিনেতা-অভিনেত্ৰী নিৰ্বাচন হৈছে"- আলফ্ৰেড (একলব্য) 3


উল্লেখ্য যে, ছবিখনৰ চিত্ৰনাট্য প্ৰণৱ ভৰালীৰ লগতে পৰিচালক গৰাকীৰ নিজৰ। আনহাতে, অৰুণ নাথ, ৰূপচন্দা শৰ্মা, হিমাংশু গগৈ, অতনু মহন্ত আৰু কৰিশ্মা পূজাৰীৰ অভিনয়ৰে ছবিখনৰ সংলাপৰ দায়িত্বত আছে ত্ৰৈলোক্য কাশ্যপ আৰু আলফ্ৰেড। ছবিখনত সংগীত কৰিছে সংগীতৰ ক্ষেত্ৰখনত ব্যতিক্ৰমৰ সৃষ্টি কৰি যোৱা সংগীতশিল্পী অৰূপজ্যোতি বৰুৱাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform