Rupaliparda.com
ৰাজনৈতিক দললৈ কিয় টানি অনা হৈছে দীপলিনা ডেকা অথবা কেকে-মোহনক?ঃ 1

ৰাজনৈতিক দললৈ কিয় টানি অনা হৈছে দীপলিনা ডেকা অথবা কেকে-মোহনক?ঃ

সমুখত নিৰ্বাচন আৰু কেওঁদিশে চলিছে নিৰ্বাচনৰ কোঁচকাৱাজ। প্ৰতিটো দলে নিজ নিজ ৰণকৌশল সমূহ লৈ আগবাঢ়িছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। এই দলসমূহত কিছুদিন পূৰ্বে একাংশ অসমীয়া কন্ঠশিল্পী, অভিনেতা-অভিনেত্ৰীৰো আমি আগমন হোৱা দেখিবলৈ পাইছিলো। তেওঁলোকৰ যোগদানৰ সময়ছোৱাত তেওঁলোকৰেই একাংশ অনুৰাগী নিৰাশ হৈ পৰাৰ সমান্তৰালকৈ মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰা ফালৰি কাটি ৰাজনৈতিক ক্ষেত্ৰখনত নামি পৰাক লৈও তেওঁলোকক কিছু ঋণাত্মক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু, এতিয়া কথা সমূহৰ অইন এক প্ৰসংগহে সমুখলৈ আহিছে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ যিসকল অভিনেতা-অভিনেত্ৰী তথা কন্ঠশিল্পীৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ অহা কোনো পৰিকল্পনা নাই তেওঁলোককো এচামে এই ৰাজনৈতিক প্ৰসংগ সমূহলৈ টানি নিয়াৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ, এটি ব্যক্তিগত সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰঅনুসৰি কন্ঠশিল্পী দীপলিনা ডেকা আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব পাৰে বুলি এক বাতৰি সম্প্ৰচাৰ কৰা হৈছিল।

ৰাজনৈতিক দললৈ কিয় টানি অনা হৈছে দীপলিনা ডেকা অথবা কেকে-মোহনক?ঃ 2


কিন্তু যেতিয়া কন্ঠশিল্পী গৰাকীয়ে জানিব পাৰিলে এই কথা তেতিয়াহে ওলাল উৰহী গছৰ ওঁৰ। আচলতে, ৰাজনৈতিক ক্ষেত্ৰখনলৈ ঢাপলি মেলাল কোনো ইচ্ছাই ৰখাই নাই কন্ঠশিল্পী গৰাকীয়ে; গতিকে দীপলিনা ডেকাই পোষ্ট কৰি এই কথাও কয় যে বিনা মছলাৰে খবৰ সমূহ ৰাইজৰ মাজলৈ উলিয়াই অনাৰ চেষ্টা কৰক। আচলতে, বিগত বৰ্ষতো দীপলিনাই নিজ ৰাজনৈতিক স্থিতিক লৈ স্পষ্টীকৰণ দাঙি ধৰিছিল; তেওঁ কৈছিল যে, “সঁচা অৰ্থত মইও এগৰাকী ৰাজনৈতিকভাৱে সক্ৰিয় সাধাৰণজন আৰু মই ইয়াক নুই নকৰো। আৰু, আমি যেতিয়াৰ পৰাই আমাৰ চিষ্টেমটোক লৈ নিজৰ মানসিকতা ব্যক্ত কৰিবলৈ ল’ম তেতিয়াৰ পৰাই আমি নিজক “উন্নত” বুলি ক’ব পাৰিম।” দীপলিনাৰ এনে স্পষ্টীকৰণৰ পিছতো যেতিয়া তেওঁক ৰাজনৈতিক মেৰপাক সোমোৱাবলৈ চেষ্টা কৰা হৈছিল তেতিয়াই আচলতে তেওঁ নিজ ক্ষোভ ব্যক্তি কৰা দেখিবলৈ পোৱা গ’ল।

ৰাজনৈতিক দললৈ কিয় টানি অনা হৈছে দীপলিনা ডেকা অথবা কেকে-মোহনক?ঃ 3
SOURCE: FACEBOOK


দীপলিনা ডেকাৰ বাদেও জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট” ৰ দুগৰাকী মূখ্য অভিনেতা ক্ৰমে কেকে আৰু মোহনক কংগ্ৰেছ দলৰ ফলীয়া বুলি কোনো এক চচিয়েল মিডিয়া পেজে মিম প্ৰস্তুত কৰিছিল। কিন্তু বৰ্তমান ইয়াক লৈও উক্ত দুয়োগৰাকী অভিনেতাই বিৰোধিতা কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform