Rupaliparda.com
বয়সো নহ'ল হেঙাৰ; ১০২ বছৰীয়া মাই সন্দিকৈ কাষ চাপিল আয়ূসমান খুৰানাৰ- 1

বয়সো নহ’ল হেঙাৰ; ১০২ বছৰীয়া মাই সন্দিকৈ কাষ চাপিল আয়ূসমান খুৰানাৰ-

মায়ানগৰীলৈ গৈ হিন্দী ছবিত সৰুকৈ এটা চৰিত্ৰ ৰূপায়ন কৰিবলৈ পালেই উৎসাহী হৈ পৰে অভিনেতা-অভিনেত্ৰী সমূহ। অসমৰ প্ৰায় সংখ্যক প্ৰতিভাই ইতিমধ্যে মুম্বাইলৈ গৈ নিজ প্ৰতিভা প্ৰদৰ্শনেৰে জনসাধাৰণক আপ্লুত কৰি ৰাখিছে; আনহাতে কেতিয়াবা এনেও খবৰ আমি দেখিবলৈ অথবা শুনিবলৈ পাওঁ য’ত কামৰ অভাৱত একোগৰাকী প্ৰতিভাই নকৰিবলগীয়া কিছু কাম সম্পাদন কৰি পেলায়;যাৰ বাবে আটাইবোৰ দৰ্শক শোকস্তব্ধ হৈ পৰে। সফলতা অথবা বিফলতা আচলতে কোন মহুূৰ্তত কেনেদৰে কাষ চাপে সেয়া ক’ব পৰা নাযায়। কিন্তু, এটা কথা নিশ্চিত যে যেতিয়া কোনো এটা কামক লৈ কোনো এজন ব্যক্তি দৃঢ় প্ৰতিজ্ঞ হয় তেতিয়া সফলতাইও তেওঁক বিচাৰি উলিয়াই তেওঁৰ কাষ চাপে। এইবাৰ আপোনালোকলৈ আনিছো আন এক ভাল লগা খবৰহে; এগৰাকী বৃদ্ধাৰ বয়সেও এইবাৰ যেন হেঙাৰ হয় থিয় নিদিলে তেওঁৰ সমুখত। শেহতীয়াকৈ তেওঁ সুযোগ লাভ কৰিছে বলীউডত অভিনয় কৰাৰ। হয়, আপোনালোকে ঠিকেই শুনিছে; ১০২ বছৰীয়া এই গৰাকী বৃদ্ধ আইতাক দেখিবলৈ পোৱা যাব বলীউডৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অভিনেতা আয়ূসমান খুৰানাৰ সৈতে। গুৱাহাটীস্থিত বৃদ্ধাবাস অৰ্থাৎ মাডাৰ অল্ড এজ্ হ’মৰ আবাসী মাই সন্দিকৈক আয়ূসমান খুৰানাৰ সৈতে দেখিবলৈ পোৱা যাব এখন হিন্দী ছবিত।

বয়সো নহ'ল হেঙাৰ; ১০২ বছৰীয়া মাই সন্দিকৈ কাষ চাপিল আয়ূসমান খুৰানাৰ- 2
বয়সো নহ'ল হেঙাৰ; ১০২ বছৰীয়া মাই সন্দিকৈ কাষ চাপিল আয়ূসমান খুৰানাৰ- 3


ইতিমধ্যে উক্ত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে শ্বিলঙলৈ ৰাওঁনা হৈছে আইতা গৰাকী। এসময়ত তেওঁ গোলাঘাট জিলাৰ বাসিন্দা আছিল যদিও বিগত বহু সময়ৰ পৰা তেওঁ বৃদ্ধাবাসত থাকিবলৈ লয়। তেওঁৰ অভিনয়ৰ খবৰটো লাভ কৰা পিছতেই চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ ফটো। তেওঁক এই ছবিখনত চাবলৈ উৎসাহিত হৈ পৰিছে বৰ্তমান প্ৰত্যেকজন দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform