Rupaliparda.com
ছাত্ৰবৃত্তিৰ কথাৰ পৰিৱৰ্তে চালান কাটিবলগীয়া কথা হ'লগৈ ৰাষ্ট্ৰীয় খবৰঃ ক্ষোভিত বিবেক অব্ৰয়- 1

ছাত্ৰবৃত্তিৰ কথাৰ পৰিৱৰ্তে চালান কাটিবলগীয়া কথা হ’লগৈ ৰাষ্ট্ৰীয় খবৰঃ ক্ষোভিত বিবেক অব্ৰয়-

কিছুদিন পূৰ্বে বিবেক অব্ৰয়ে হেলমেট আৰু মাস্ক পৰিধান নকৰাকৈ বাইক চলাই থকাৰ ফলত অভিনেতা গৰাকীয়ে চালান কাটিবলগীয়া হৈছিল লগতে তেওঁৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে এজাহাৰো দাখিল কৰোৱাইছিল। এই কথাটোৰ চৰ্চা হোৱাত বিবেক অব্ৰয়ে ধনাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ মুম্বাই আৰক্ষীৰ প্ৰশংসাও কৰিছিল; কিন্তু শেহতীয়াকৈ অভিনেতা গৰাকীয়ে ক্ষোভ ব্যক্ত কৰিছে জনসাধাৰণ তথা সংবাদ মাধ্যমক লৈ। তেওঁ কয় যে, “সেইটো সপ্তাহেই আছিল যেতিয়া মই কৃষকৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সমূহলৈ ১৬ কোটি টকাৰ ছাত্ৰবৃত্তি ঘোষণা কৰিছিলো; এই খবৰটোক কোনো গুৰুত্ব দিয়া হোৱা নাছিল কিন্তু এদিন মই হেলমেট আৰু মাস্ক পৰিধান নকৰাৰ ফলত সেই খবৰটো ৰাষ্ট্ৰীয় খবৰ হৈ পৰিছিল।’ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিবেক অব্ৰয়ে কয় যে, “মই এইটো ভাবি চিন্তিত হৈছিলো যে যেতিয়া মই ছাত্ৰবৃত্তিৰ ঘোষণা কৰিলো; যিয়ে ছাত্ৰ সকলৰ জীৱন সলনি কৰিব পাৰে কিন্তু এই খবৰটোৱে ৰাইজৰ ধ্যান আকৰ্ষণ কৰিবই নোৱাৰিলে।”

ছাত্ৰবৃত্তিৰ কথাৰ পৰিৱৰ্তে চালান কাটিবলগীয়া কথা হ'লগৈ ৰাষ্ট্ৰীয় খবৰঃ ক্ষোভিত বিবেক অব্ৰয়- 2
ছাত্ৰবৃত্তিৰ কথাৰ পৰিৱৰ্তে চালান কাটিবলগীয়া কথা হ'লগৈ ৰাষ্ট্ৰীয় খবৰঃ ক্ষোভিত বিবেক অব্ৰয়- 3


উল্লেখ্য যে, ২০২০-২১ বৰ্ষৰ “সহোদৰ” অনুষ্ঠানটোত উপস্থিত অভিনেতা গৰাকীয়ে অসমীয়া ভাষাতেই নিজ ভাষণ আৰম্ভ কৰিছল; ভাষণ প্ৰসংগত অভিনেতা বিবেক অব্ৰয়ে কয় যে আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱন কাহিনীক লৈ তেওঁ নিৰ্মাণ কৰি উলিয়াব এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ সেনাপতিৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰা লাচিত বৰফুকনৰ কৃতিত্বক লৈ তেওঁ ছবি নিৰ্মাণৰ মন মেলিছে। অভিনেতা গৰাকীৰ এই কথাটোৱে শেহতীয়াকৈ প্ৰতিজন অসমীয়াক উৎসাহিত কৰি তোলাত সক্ষম হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.