Rupaliparda.com
"…ইয়াৰ মূলতে হ'ল নিজ ঘৰখনত পোৱা এক সাংস্কৃতিক পৰিৱেশ"- বাবুল ভূঞা 1

“…ইয়াৰ মূলতে হ’ল নিজ ঘৰখনত পোৱা এক সাংস্কৃতিক পৰিৱেশ”- বাবুল ভূঞা

অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখন তাহানিৰ দিনৰ পৰাই আছিল লেখত ল’বলগীয়া। শেহতীয়াকৈ এই ক্ষেত্ৰখনৰ বিভিন্নটা মাধ্যমৰ সৈতে জড়িত হোৱা নৱপ্ৰজন্মই এই ক্ষেত্ৰখনক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিবলৈ সক্ষম হৈছে। সংগীত তথা অভিনয় বুলিয়েই নহয় বৰ্তমান নাটকৰ দিশটোতো অধিক সক্ৰিয়তাৰে নিজ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ ধৰিছে একাংশ নৱপ্ৰজন্মই; ইতিমধ্যে আমি এনে নৱপ্ৰজন্মৰ বহু উদাহৰণ দেখি আহিছো। নাটক ক্ষেত্ৰখনৰ সৈতে নিৰৱিচ্চিন্নভাৱে জড়িত আন এগৰাকী প্ৰতিভা তথা নাট্যকাৰ বাবুল ভূঞাৰ বিষয়ে ৰূপালীপৰ্দাৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ ওলাইছো। কেইবাখনো নাটক ৰচনাৰ দায়িত্বত থকা বাবুল ভূঞাৰ সৈতে এক্সক্লুচভলি পাতিছিলো কিছু কথা। নাটক ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত বাবুল ভূঞাই উত্তৰত কয় যে, “ৰাসত পোৱালি কৃষ্ণ লোৱা দিনৰ পৰাই মই অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। প্ৰথম অৱস্থাত, ভাওঁনা কৰিছিলো আৰু পিছলৈ নাটকৰ সৈতে জড়িত হৈ পৰিলো; ইয়াৰ মূলতে হ’ল নিজ ঘৰখনত পোৱা এক সাংস্কৃতিক পৰিৱেশ। এইখিনিতে, আপোনালোকক জনাই থওঁ যে মোৰ দেউতা ভ্ৰাম্যমাণৰ এগৰাকী কৌতুক অভিনেতা।”

"…ইয়াৰ মূলতে হ'ল নিজ ঘৰখনত পোৱা এক সাংস্কৃতিক পৰিৱেশ"- বাবুল ভূঞা 2


নাটক আৰু ছবিৰ মাজত স্ক্ৰীণ তথা মঞ্চ এখনৰ বাহিৰেও আন কি পাৰ্থক্য আছে বুলি তেওঁ ভাবে বুলি প্ৰশ্ন কৰাত বাবুল ভূঞাই কয় যে, “স্ক্ৰীণ আৰু মঞ্চ এখনৰ বাহিৰেও মই এই দুই মাধ্যমৰ প্ৰায়বোৰ দিশতে পাৰ্থক্য আছে বুলি ভাবো; যেনে ধৰক উপস্থাপন শৈলী, অভিনয়, চৰিত্ৰ উপস্থাপন, সংলাপ প্ৰক্ষেপন, পটভূমিৰ পৰিকল্পনা (মঞ্চ), পোহৰ পৰিকল্পনা আৰু সংগীত ইত্যাদি।” আনহাতে, প্ৰতিভা গৰাকীৰ আগন্তুক পৰিকলল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “পৰিকল্পনা নাটক আৰু ছবি দুয়োটা ক্ষেত্ৰতে আছে। মোৰ নিজা ৰচনা আৰু অভিনয়েৰে বৰ্তমান কৰি থকা নাট “মই কোন?” অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত কৰাৰ ইচ্ছা আছে। লগতে, মোৰ কাহিনী আৰু পৰিচালনাৰে এখন চুটি ছবি নিৰ্মাণ কৰি থকা হৈছে। সমান্তৰালকৈ, আগন্তুক সময়ত সম্প্ৰচাৰ হ’বলগীয়া এখন ধাৰাবাহিকৰ সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ কথা আছে।”

"…ইয়াৰ মূলতে হ'ল নিজ ঘৰখনত পোৱা এক সাংস্কৃতিক পৰিৱেশ"- বাবুল ভূঞা 3


বাবুল ভূঞাৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি থকা ইচ্ছাই আচলতে দৰ্শক সকলকো অধিক হাৰত উৎসাহিত কৰি তোলাত সক্ষম হৈছে। প্ৰতিভাগৰাকীৰ এনে পৰিকল্পনা সমূহৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform