Rupaliparda.com
"Project Borgeet Chapter 2" ক লৈ সাজু অনুৰাগ শইকীয়াঃ 1

“Project Borgeet Chapter 2” ক লৈ সাজু অনুৰাগ শইকীয়াঃ

বিগত বৰ্ষৰ আৰম্ভণি সময়ছোৱাতে এটা বৰ সুন্দৰ প্ৰকল্পক লৈ আমি প্ৰত্যেকগৰাকী অসমীয়া উৎসাহিত হৈছিলো। আচলতে, আমি প্ৰতিজন অসমীয়া মহাপুৰুষ দুজনাৰ সৃষ্টি সমূহক লৈ ইমানেই অধিক আগ্ৰহী যে তেওঁলোকক কেন্দ্ৰ কৰি নিৰ্মিত একোটা প্ৰকল্পই আমাক আনন্দিত কৰি তোলে। গতিকে, এইখিনিতে আপোনালোকক জনাওঁ আন এক সুখবৰ; ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান অনুৰাগ শইকীয়া সাজু হৈছে তেওঁৰ “প্ৰজেক্ট বৰগীত” ৰ দ্বিতীয়টো সংস্কৰণক লৈ। চলিত মাহতেই “Project Borgeet Chapter 2” ক মুকলি কৰি দিয়া হ’ব ৰাইজৰ মাজত। উক্ত প্ৰকল্পটোৰ প্ৰথমটো সংস্কৰণে ইতিমধ্যে জনসাধাৰণক বহুল হাৰত আকৰ্ষণ কৰাৰ সমান্তৰালকৈ ইয়াৰ দ্বিতীয়টো সংস্কৰণক লৈ ৰাইজক অপেক্ষাৰতও কৰি তুুলিছিল। অনুৰাগ শইকীয়াৰ এই প্ৰচেষ্টাত শেহতীয়াকৈ আকৌ এবাৰ গুণমুগ্ধ হৈ পৰিছে বহু অসমীয়া।ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বৰগীতক চিনাকী কৰোৱাই দিয়া যি এক প্ৰচেষ্টা; সেই প্ৰচেষ্টাত সফল ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত (ৰজত কমল) অসম সন্তান অনুৰাগ শইকীয়া।

৫০০-৬০০ বছৰ পূৰণি দুটিকৈ বৰগীত ক্ৰমে, “আৰে কম্পিত” আৰু “ফাগু খেলে” কোনো ধৰণৰ ফিউজন প্ৰদান নকৰি কেৱল মাত্ৰ ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছিল তেওঁৰ প্ৰথমটো সংস্কৰণত। “আৰে কম্পিত” বৰগীতটিক ভিডিঅ’ আকাৰে উপস্থাপন কৰা হৈছিল। উক্ত ভিডিঅ’টোত বৰগীতৰ তালে তালে দৰ্শকৰ আগত দেখুওৱা হৈছিল সত্ৰীয়া সংস্কৃতি তথা সত্ৰ সমূহক । জীৱনত এনে কিছুমান ব্যক্তিক লগ পোৱা যায় যাৰ সান্নিধ্যই আমাক আটাইকে মন্ত্ৰমুগ্ধ কৰি তোলে; আৰু তেনে এটা পৰিয়ালক লৈয়ে অনুৰাগ শইকীয়াই তেওঁৰ “প্ৰজেক্ট বৰগীত” ৰ দ্বিতীয়টো সংস্কৰণ লৈ আগবাঢ়িছে। উল্লেখ্য যে, অনুৰাগ শইকীয়াৰ “চেপটাৰ ১” প্ৰকল্পটো ২০১৯ ৰ মেছিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ’ত বাণীবন্ধৰ কাম সম্পূৰ্ণ কৰা হৈছিল। অনুৰাগ শইকীয়াৰ পৰিচালনাত সৃষ্ট এই প্ৰকল্পটিত বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে অংশগ্ৰহণ কৰে ১৫ গৰাকী কলা-কুশলীয়ে।

"Project Borgeet Chapter 2" ক লৈ সাজু অনুৰাগ শইকীয়াঃ 2

আনহাতে, আগন্তুক সময়ত মুক্তি পাবলগীয়া এই দ্বিতীয় সংস্কৰণটোত তেওঁ কি সংযোজন কৰিব সেয়া হ’ব লক্ষণীয়। অনুৰাগ শইকীয়াৰ “Project Borgeet Chapter 2” ক লৈ প্ৰত্যেকজন অসমবাসীৰ লগতে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform