Rupaliparda.com
ট্ৰেণ্ডিঙত থকা ৰাকেশ ৰিয়ানৰ গীত "হোলা ভাই মোলা" ৰ মুক্তিঃ এদিনতে ভিউৱাৰচ লাখত- 1

ট্ৰেণ্ডিঙত থকা ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা” ৰ মুক্তিঃ এদিনতে ভিউৱাৰচ লাখত-

বিগত বৰ্ষত ইউটিউবত ট্ৰেণ্ডিঙত থকা কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা” ৰ ভিডিঅ’ সংস্কৰণি ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ইউটিউবত। গীতটিৰ ভিডিঅ’ত তেওঁৰ সৈতে অভিনয় কৰিছে আইমী বৰুৱাই। ইউটিউবত ১৯ নম্বৰত ট্ৰেণ্ডিঙত আছিল ৰাকেশ ৰিয়ানৰ উক্ত গীতটি। মুক্তিৰ কিছু মূহুূৰ্ত পিছতেই গীতটিয়ে জনসাধাৰণৰ পৰা বহুল সঁহাৰি লাভ কৰাত ৰাকেশ ৰিয়ানে এটি পোষ্ট যোগে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰাও দেখিবলৈ পোৱা গৈছিল। গীতটিত কথা লুইত নীলৰ লগতে ইয়াত সংগীত দিয়াৰ উপৰিও শব্দ-সংমিশ্ৰণ কৰিছে পলাশ গগৈয়ে। ঢোল বজাইছে লাচিত বৰুৱাই আৰু বাঁহী বজাইছে প্ৰদীপ ডেকা তথা অঞ্জন মেধিয়ে। উল্লেখ্য যে, বিগত বৰ্ষটোতে কন্ঠশিল্পী ৰাকেশ ৰিয়ানে এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে।

ট্ৰেণ্ডিঙত থকা ৰাকেশ ৰিয়ানৰ গীত "হোলা ভাই মোলা" ৰ মুক্তিঃ এদিনতে ভিউৱাৰচ লাখত- 2


বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু শেহতীয়াকৈ মুক্তিৰ লাভ কৰা গীতটিৰ জনপ্ৰিয়তা আপুনিও নিশ্চয় অনুভৱ কৰিছে। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ ক্ষেত্ৰতো এক দীঘলীয়া অনুৰাগীৰ শাৰীও দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.