Rupaliparda.com
চচিয়েল মিডিয়াৰ মাধ্যম সমূহৰ পৰা অব্যাহতি আমিৰ খানৰ! কিন্তু কিয়? 1

চচিয়েল মিডিয়াৰ মাধ্যম সমূহৰ পৰা অব্যাহতি আমিৰ খানৰ! কিন্তু কিয়?

আমিৰ খানে চচিয়েল মিডিয়া একাউন্ট সমূহৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে, ইয়াৰ অন্তৰ্নিহিত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও তেওঁৰ সম্পৰ্কে খবৰ সমূহ এতিয়া লাভ কৰিব পৰা যাব অইন এটা মাধ্যমৰ জৰিয়তেহে। আমিৰ খানে নিজ ইনষ্টাগ্ৰাম একাউন্টত দিয়া এক পোষ্টৰ জৰিয়তেই এই কথা অনুৰাগীক জানিবলৈ দিয়ে। তেওঁ কয় যে, “আপোনালোকে মোৰ জন্মদিনত মোক ইমান মৰম আৰু ইমান শুভকামনা প্ৰদান কৰাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো। মোৰ মন ভৰি গৈছে। এতিয়া দ্বিতীয়টো খবৰ হৈছে এয়া যে, চচিয়েল মিডিয়াত এয়া মোৰ শেষৰটো পোষ্ট। অৱশ্যে মই এই মাধ্যমবোৰত অত্যাধিক সক্ৰিয়ও হৈ নাথাকো গতিকে মই এই সমূহৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছো।” তেওঁ আগলৈ কয় যে, “আনহাতে আমিৰ খান প্ৰডাকচনে নিজ অফিচিয়েল পেজ বনাইছে। গতিকে এতিয়াৰে পৰা মোৰ খবৰ বোৰ অথবা মোৰ ছবি মুক্তিৰ বাতৰি সমূহ আপোনালোকে @akppl_official ত পাব।” আমিৰ খানে চাৰি বছৰতেই নিজ একাউন্টৰ পৰা আঁতৰি গৈছে।

চচিয়েল মিডিয়াৰ মাধ্যম সমূহৰ পৰা অব্যাহতি আমিৰ খানৰ! কিন্তু কিয়? 2
চচিয়েল মিডিয়াৰ মাধ্যম সমূহৰ পৰা অব্যাহতি আমিৰ খানৰ! কিন্তু কিয়? 3


আনহাতে উল্লেখ্য যে, উল্লেখ্য যে, আমিৰ খানৰ পুত্ৰ জুনেইদ আহি আছে বলীউড জগতলৈ। য়শ ৰাজ ফিল্মচৰ বেনাৰত আমিৰ খানৰ পুত্ৰই কৰিব ডেবিউ; ছবিখনক লৈ বৰ বিশেষ তথ্য বাহিৰলৈ অহা নাই যদিও জানিব পৰা মতে, জুনেদৰ এই ছবিখনত তেওঁৰ সৈতে অভিনয় কৰিব দক্ষিণৰ অভিনেত্ৰী তথা “অৰ্জ্জুন ৰেড্ডি” ত অভিনীত অভিনেত্ৰী শালিনী পাণ্ডে। শালিনীয়ে য়শ ৰাজ ফিল্মচৰ বেনাৰত তিনিখন ছবি গ্ৰহণ কৰিছিল আৰু ইয়াৰ ভিতৰত তেওঁৰ প্ৰথমখন ছবি হৈছে ৰণৱীৰ সিঙৰ সৈতে “জয়েশভাই জোৰদাৰ”। আমিৰ খানৰ পুত্ৰ অথবা জীয়ৰীক লৈ প্ৰায় সকলোবোৰ দৰ্শক উৎসাহিত হৈ থকা দেখিবলৈ পোৱা যায়। জুনেইদৰ আহিবলগীয়া এই ছবিখন এতিয়া কেতিয়ালৈ মুক্তি লাভ কৰিব তাৰ বাবে অপেক্ষাৰত সকলো।

Add comment

Leave a Reply