Rupaliparda.com
পৰিৱৰ্তন, সমাজ আৰু মিলিন দত্তঃ ভাৰ্গৱ লহকৰৰ তথ্যচিত্ৰ "কাঁচিয়লি"- 1

পৰিৱৰ্তন, সমাজ আৰু মিলিন দত্তঃ ভাৰ্গৱ লহকৰৰ তথ্যচিত্ৰ “কাঁচিয়লি”-

পৰিৱৰ্তন; শব্দটো শুনি আমি যদিও কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰো তথাপিও কিন্তু এই শব্দটোত এনে শক্তি আছে যিয়ে কোনো বস্তু অথবা ব্যৱস্থাক সলনি কৰি দিব পাৰে। আমি পৰিৱৰ্তনটোক গ্ৰহণ কৰাৰ পূৰ্বে প্ৰশ্ন কৰো, অমান্য কৰো অথবা কেতিয়াবা পৰিৱৰ্তনটো ৰুধিবলৈ যুঁজ দিওঁ। কিন্তু, এইখিনি বুজিবলৈ চেষ্টা নকৰো যে এই পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম; আৰু সেইবাবই হয়টো বহু সময়ত পৰিৱৰ্তন অনা ব্যক্তিগৰাকীয়ে জনসাধাৰণৰ মানসিকতাৰ সৈতে দীৰ্ঘদিনীয়া এখন যুদ্ধ কৰিবলগীয়া হয়। LGBTQ+ Community, সমকামিতা; এই শব্দবোৰ আমি আজি ক’বলৈ পাৰি থকাৰ আঁৰত আছে এই “Community” ৰ সৈতে জড়িত একাংশ ব্যক্তিৰ কষ্ট, সংগ্ৰাম আৰু সংঘৰ্ষ। তথাকথিত সমাজৰ সমালোচনা, তেখেতসকলক একাষৰীয়া কৰি ৰখা ইত্যাদি বিভিন্ন কথাবোৰৰ বিৰুদ্ধে সম্প্ৰতি সময়ত বহু সংখ্যক জনসাধাৰণে সক্ৰিয়তাৰে নিজ কাৰ্যসূচী আৰম্ভ কৰাৰ সমান্তৰালকৈ ৰাইজক এই নিৰ্দ্দিষ্ট বিষয়টোক লৈ বুজাবলৈ নিৰৱিচ্চিন্ন ভাৱে প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে। তাৰ মাজৰে এগৰাকীৰ নাম হৈছে মিলিন দত্ত; আচলতে আপোনালোকৰ বহুতৰ বাবে এই নামটো নতুন নহয়। তেওঁৰ দীঘলীয়া প্ৰচেষ্টা আৰু প্ৰয়াসৰ ফলত বৰ্তমান সমকামিতা বিষয়টোক লৈ সলনি হোৱা জনসাধাৰণৰ মন্তব্যই তেওঁক সকলোৰে সমুখত পৰিচিত কৰি তুুলিছে। কিন্তু আপোনালোকে জানেনে? তেওঁৰ এই প্ৰয়াস, চেষ্টা তথা প্ৰচেষ্টা আদি দুদিন অথবা দুমাহ নাইবা দুবছৰৰ নাছিল; তেওঁৰ এই চেষ্টা হৈছে বহু বছৰৰ। এইগৰাকী মিলিন দত্তৰ জীৱন নামে কিতাপখনৰ পৃষ্ঠাবোৰৰ কাহিনীবোৰ বাৰু আপোনালোকৰ জানিবলৈ মন নাযায়নে?


তেতিয়াহ’লে আপোনালোকৰ বাবে আছে এক বৰ ভাল খবৰ, মিলিন দত্তৰ জীৱনৰ খণ্ড খণ্ড কাহিনীবোৰক লৈ পৰিচালক ভাৰ্গৱ লহকৰৰ পৰিচালনাৰে মুক্তি লাভ কৰিছে এখন তথ্যচিত্ৰ “কাঁচিয়লি”। পৰিচালক গৰাকীৰ পৰিচালনাৰে নিৰ্মিত এইখনেই হৈছে তেওঁৰ প্ৰথম খন তথ্যচিত্ৰ। Four Leaf Covers ৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখনৰ নিৰ্মাণৰ বাবে সময় লাগিছিল প্ৰায় দুবছৰ। তথ্যচিত্ৰখন নিৰ্মাণৰ আঁৰৰ কথা ব্যক্ত কৰি পৰিচালক গৰাকীয়ে কয় যে, “Gender Sensitization Workshop এখনত মই মিলিন দত্তক লগ পাইছিলো আৰু তেওঁৰ জীৱনৰ বহুখিনি কথা জানিবলৈ পাৰিছিলো। সেইটো সময়তে আচলতে মই মনত ঠিৰাং কৰি লৈছিলো যে তেওঁৰ কাহিনী ৰাইজৰ মাজলৈ লৈ উলিয়াই নিব লাগিব। জনসাধাৰণৰ মনত কিছুমান বস্তুক লৈ যি ভুল চিন্তা-ধাৰা আছে সেই সমূহ আঁতৰাবলৈ এনে এখন তথ্যচিত্ৰৰ প্ৰয়োজন আছিল বুলি মই ভাবো। ৰাইজৰ মাজত এই বিষয়টোক লৈ সজাগতা আৰু সচেতনতা বৃদ্ধি কৰিবলৈয়ে “কাঁচিয়লি” ক মই নিৰ্মাণ কৰিছিলো।” তথ্যচিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰিছে নীল আৰু সুশান্ত বৰ্মণে; আনহাতে সম্পাদনা, ৰং লগতে গ্ৰাফিক্স হীৰক জ্যোতি পাঠকৰ।

পৰিৱৰ্তন, সমাজ আৰু মিলিন দত্তঃ ভাৰ্গৱ লহকৰৰ তথ্যচিত্ৰ "কাঁচিয়লি"- 2


তথ্যচিত্ৰখনৰ শেষৰফালে এটি সুন্দৰ গীত “নিস্তব্ধ উশাহ” ক সন্নিবিষ্ট কৰা হৈছে যিয়ে “কাঁচিয়লি” ক আৰু অধিক উপভোগ্য কৰি তুলিছে। শেহতীয়াকৈ বহু সংখ্যক দৰ্শক আকৰ্ষিত হৈ পৰিছে। মিলিন দত্তৰ বিষয়ে আৰু অধিক জানিবলৈ পাই অৱশ্যে জনসাধাৰণো অধিক হাৰত উৎসাহিত হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform