Rupaliparda.com
আপোনাৰ অকণমান সহায়ে সূস্থ কৰি তুলিব পাৰে প্ৰতিভাসম্পন্ন অংশুপ্ৰতিম শইকীয়াক! 1

আপোনাৰ অকণমান সহায়ে সূস্থ কৰি তুলিব পাৰে প্ৰতিভাসম্পন্ন অংশুপ্ৰতিম শইকীয়াক!

আমাৰ অসম খন পৰিপূৰ্ণ প্ৰতিভাৰে। এই কথাষাৰৰ আৰু আন কিছুমান উদাহৰণ দিয়াৰ হয়টো প্ৰয়োজন নাই। আমি প্ৰত্যেকেই প্ৰতিদিনেই এনে কিছু প্ৰতিভাক লগ পাওঁ যিসকলে নিতৌ তেওঁলোকৰ প্ৰতিভাৰে প্ৰতিজন জনসাধাৰণকেই মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে। মুঠতে, এনে একাংশ প্ৰতিভাৰ বাবেই অৱশ্যে আজিৰ আমাৰ সোণৰ অসমখন চহকী হৈ থকাত সফল হৈছে। কিন্তু শেহতীয়াকৈ মনোৰঞ্জন ক্ষেত্ৰখনৰ এগৰাকী প্ৰতিভাৱান যুৱকে চিকিৎসালয়ৰ বিচনাত যুঁজি আছে জীৱন-মৰণৰ সৈতে। তেওঁৰ নাম হৈছে অংশুপ্ৰতিম শইকীয়া; গুৰুত্বৰ ভাৱে অসুস্থ এইগৰাকী প্ৰতিভাৱান যুৱকক আপোনালোকৰ অকণমান সহায়ে জীৱন দান কৰিব পাৰে। জানিব পৰা মতে, নেমকেয়াৰ হাস্পাতালৰ আই.চি.ইউত বৰ্তমান চিকিৎসাধীন হৈ থকা অংশুপ্ৰতিম লিভাৰৰ অসুখত ভুক্তভোগী; তেওঁক সুস্থ কৰি তুলিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন। কিন্তু, মধ্যবিত্ত পৰিয়ালৰ এই যুৱকগৰাকীৰ ঘৰৰ আৰ্থিক অৱস্থা বৰ বেছি টনকিয়াল নহয়; গতিকে এতিয়া তেওঁৰ প্ৰতিজন বন্ধু বৰ্গই তেওঁক এধানি সহায় কৰাৰ বাবে প্ৰত্যেকগৰাকী মনোৰঞ্জন প্ৰেমী ৰাইজৰ ওচৰত আৱেদন জনাইছে।

আপোনাৰ অকণমান সহায়ে সূস্থ কৰি তুলিব পাৰে প্ৰতিভাসম্পন্ন অংশুপ্ৰতিম শইকীয়াক! 2


বৰ্তমান মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ অংশুপ্ৰতিম শইকীয়া কবিতা আবৃত্তি লগতে অভিনয়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰা এইগৰাকী প্ৰতিভা অংশুপ্ৰতিমক জীৱন-মৰণৰ এই যুদ্ধৰ পৰা উদ্ধাৰ কৰিবলৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰো বহু শিল্পী, কলা-কুশলীয়ে নিজ চেষ্টা অব্যাহত ৰাখিছে। সামান্য পেটৰ বিষ আৰু জ্বৰৰ বাবে জি এম চি এইচত প্ৰথমাৱস্থাত ভৰ্তি কৰোৱা হৈছিল যদিও সেইটো সময়ত তেওঁৰ ওপৰত কৰ্তৃপক্ষই কিছুমান অৰ্থহীন মিছা অপবাদ দি ছাত্ৰগৰাকীক কেৱল মাত্ৰ একোটা চেলাইনৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা কৰি ৰখা হৈছিল। কিন্তু, অৱশেষত ছাত্ৰ গৰাকীক নেমকেয়াৰ হাস্পাতাললৈ লৈ যোৱা হয় যদিও কোনোধৰণৰ সুস্থতাৰ খবৰ এতিয়ালৈ লাভ কৰিব পৰা হোৱা নাই। কোনো সদাশয় ব্যক্তিয়ে যদি এই প্ৰতিভাগৰাকীক অকণমান সহায় কৰিবলৈ বিচাৰে তেন্তে তলত তেওঁৰ বেংক একাউন্টৰ সৱিশেষ তথ্য দি দিয়া হৈছেঃ

আপোনাৰ অকণমান সহায়ে সূস্থ কৰি তুলিব পাৰে প্ৰতিভাসম্পন্ন অংশুপ্ৰতিম শইকীয়াক! 3

Angshu Pratim Saikia
SBI
39798426883
IFSC: SBIN0007700
Gpay +917896171348

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform