Rupaliparda.com
"লক-ডাউন" ৰ সময়ৰে সৃষ্টি সমূহৰে অংগৰাগ পাপন মহন্তঃ সদ্যমুক্তিপ্ৰাপ্ত "শব্দ বহু দিনৰ"- 1

“লক-ডাউন” ৰ সময়ৰে সৃষ্টি সমূহৰে অংগৰাগ পাপন মহন্তঃ সদ্যমুক্তিপ্ৰাপ্ত “শব্দ বহু দিনৰ”-

বিগত বৰ্ষত হোৱা লক-ডাউনৰ ফালত ভিন্ন সৃষ্টিক আমি দেখিবলৈ পাইছিলো; ন-ন প্ৰতিভাৰ আৰম্ভণি আৰু বিকাশ অৱশ্যে সেই কালছোৱাতে হোৱা দেখিছিলো। ঠিক তেনেদৰে, অংগৰাগ পাপন মহন্তই সেইকেইটা দিনত কৰা নিজ সৃষ্টি সমূহ শেহতীয়াকৈ এটা এটাকৈ উলিয়াই দিয়া দেখিবলৈ পোৱা গৈছে ৰাইজৰ সমুখত। কেৱল মাত্ৰ গীতত কথা দিয়াই নহয়, তেওঁ একোটা গীতত নিজৰ সুৰ আৰু নিজ সংগীতো প্ৰয়োগ কৰিছে; “লক-ডাউন” ৰ সুন্দৰ ব্যৱহাৰেৰে তেওঁ শেহতীয়াকৈ একোটাকৈ গীত মুকলি কৰি দিছে অনুৰাগীৰ মাজত। সদ্যমুক্তিপ্ৰাপ্ত “শব্দ বহু দিনৰ” শীৰ্ষক গীতটিও হৈছে তেওঁৰ “লক-ডাউন” ৰ সৃষ্টি। ইতিমধ্যে গীতটিক ভিডিঅ’ সহ মুকলি কৰা হৈছে তেওঁৰ ব্যক্তিগত ইউটিউব চেনেলত। তেওঁৰ সৈতে ভিডিঅ’টোত অভিনয় কৰিছে ঐশ্বৰ্য্য ডুবেই; গীতটিৰ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা পৰাশৰ বৰুৱাৰ। সহঃ পৰিচালনা ৰাফিক ৰাজা তথা ইশান চাদৱালকাৰৰ। লক-ডাউনৰ সময়তে নিৰ্মাণ কৰা আন এটি গীতক আকৌ কিছুদিন পূৰ্বে ইনষ্টাগ্ৰামত অনুৰাগীৰ মাজত মুকলি কৰি দিয়ে অংগৰাগ পাপন মহন্তই। ফোনৰ সহায়ত শ্বুটিঙৰ দ্বাৰা ইনষ্টাগ্ৰামতেই থকা বিভিন্ন ফিল্টাৰ ব্যৱহাৰ কৰি এই নতুন গীতটিক ৰাইজৰ মাজত উলিয়াই দিয়ে পাপনে।

"লক-ডাউন" ৰ সময়ৰে সৃষ্টি সমূহৰে অংগৰাগ পাপন মহন্তঃ সদ্যমুক্তিপ্ৰাপ্ত "শব্দ বহু দিনৰ"- 2


আহিবলগীয়া সময়ত প্ৰতিটো মাহত একোটাকৈ অসমীয়া গীতে মুক্তি লাভ কৰিব বুলি জানিবলৈ দিয়ে অংগৰাগ পাপন মহন্তই। বিগত বৰ্ষত লক-ডাউনৰ মাজত নিজ ইউটিউব চেনেলত সক্ৰিয় হৈ থকা অংগৰাগৰ কন্ঠৰে মুক্তি লাভ কৰা প্ৰতিটো গীতেই জনসাধাৰণৰ সমাদৰো লাভ কৰিছিল; “নীলাঞ্জনা” ৰ পৰা আৰম্ভ কৰি “নীৰৱতাৰ দাও গান” আৰু সদ্যমুক্তিপ্ৰাপ্ত “তোমাৰ কথা” গীতটিক লৈ সংগীত প্ৰেমী শ্ৰোতাৰো বহুল হেঁপাহ দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.