Rupaliparda.com
বিয়া কৰোৱাই দিবলৈ এইবাৰ অনুৰোধ সনু সোদকঃ 1

বিয়া কৰোৱাই দিবলৈ এইবাৰ অনুৰোধ সনু সোদকঃ

বলীউড অভিনেতা সনু সোদ “লক-ডাউন” সময়ৰে পৰাই চৰ্চিত হৈ আছে। তেওঁৰ প্ৰতিটো কথাৰ বাবেই তেওঁক সকলোৱে প্ৰশংসিত কৰা দেখিবলৈ পোৱা গৈছিল; মজদুৰ সকলক কেৱল মাত্ৰ নিজ নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰি দিয়াই নহয় তেওঁলোকক খাদ্য যোগানৰো ব্যৱস্থা কৰি দিছিল। তেওঁক শেহতীয়াকৈ এটা টুইট যোগে এগৰাকী ব্যক্তিয়ে তেওঁৰ বিবাহৰ কথা কয়; তেওঁ কয় যে, “ছাৰ, আপুনি মোৰ বিয়া কৰোৱাই দিব নেকি?” এই প্ৰশ্নটোৰ উত্তৰত সনু সোদে কৰা ৰিপ্লাইয়ে সকলোকে হাঁহিৰ অৱকাশ প্ৰদান কৰিছে। অভিনেতা গৰাকীয়ে ৰিপ্লাইত কয় যে, “কিয় নকৰিম! আপোনাৰ বিয়াত মই মন্ত্ৰও পঢ়ি দিম; কিন্তু এগৰাকী ছোৱালী বিচৰা কষ্টটো আপুনিহে কৰিব লাগিব।” শেহতীয়াকৈ সনু সোদে “ব্লাড বেংক” নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁ এক ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, “দেশত ১২ হাজাৰ এনে ৰোগী থাকে যিয়ে ৰক্ত নোপোৱাৰ বাবে মৃত্যুক আঁকোৱালি ল’বলগীয়াত পৰে। আপোনাৰ ২০ মিনিটে একোজন ব্যক্তিক জীয়াই তুলিব পাৰে। কাৰোবাৰ জীৱন বচাবলৈ আপুনি ডাক্তৰ নহ’লেও হ’ব। ৰিপোৰ্টনুসৰি, সনু সোদে “সনু ফৌৰ ইউ” নামে এক এপৰ মুকলি কৰিব; যাৰ দ্বাৰা ৰক্তদানকাৰী সকলৰ সৈতে নিজাববীয়াকৈ ৰোগী সকলৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। এই ব্লাড বেংকটোৰ জৰিয়তে দূৰ্লভ ব্লাড সমূহৰ উপলদ্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব।

https://twitter.com/SonuSood/status/1371720317693960200?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1371720317693960200%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fd-33516209072796905719.ampproject.net%2F2103020156005%2Fframe.html
বিয়া কৰোৱাই দিবলৈ এইবাৰ অনুৰোধ সনু সোদকঃ 2


সনু সোদৰ মহানুভৱতাই বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল মজদুৰ সকলক। এক কথাত ক’বলৈ গ’লে, এয়া নকৰিবওঁনো কিয়? “লক-ডাউন” ৰ ফলত বহু মজদুৰ খোজ কাঢ়ি গৈয়ে নিজ গন্তব্য স্থানলৈ আগবাঢ়িছিল আৰু তেনে এক সময়ত সনু সোদৰ এই সহায়ে তেওঁলোকৰ বাবে আশাৰ কিৰণ হৈ নামিছিল।

Add comment

Leave a Reply

Most popular