Rupaliparda.com
কিছু শংকা আৰু প্ৰশ্নক বুকুত বান্ধি মুক্তি লাভ কৰিছে "দুবাহুৰে সাৱটি ল'বানে" 1

কিছু শংকা আৰু প্ৰশ্নক বুকুত বান্ধি মুক্তি লাভ কৰিছে “দুবাহুৰে সাৱটি ল’বানে”

কিছুদিন পূৰ্বে আমি আটাইয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভকামনাৰে প্ৰত্যেকগৰাকী নাৰীক উপচাই পেলালো; নহয়নে? এগৰাকী নাৰীৰ দুখ-কষ্ট অথবা সংগ্ৰামৰ কাহিনীবোৰ আমাৰ বাবে নতুন নহয়; উন্নয়নশীল দেশৰ তালিকাত আমাৰ দেশ যিমানেই নাথাকক কিয়। এতিয়াও প্ৰত্যেকজনী নাৰী অথবা ছোৱালী ৰাতি ৮ বজাৰ পিছত এটা ৰাষ্টাত তথা এখন বাছত অকলে উঠিবলৈ ভয় কৰে! আচলতে ইয়াৰ বাবে বহুক্ষেত্ৰত আমি আমাৰ সমাজ ব্যৱস্থাক দায়ী কৰিব নোৱাৰোঁ‌; আমি দায়ী কৰিব পাৰোঁ‌ মানসিকতাবোৰকহে। এগৰাকী নাৰীৰ জীৱনত নঘটিবলগীয়া কিছু কাহিনীৰ প্ৰসংগ লৈয়ে শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি নতুন গীত “দুবাহুৰে সাৱটি ল’বানে”। আচলতে, গীতটিৰ কাহিনীৰ আঁৰতে লুকাই আছে সেই শংকা তথা প্ৰশ্নটো। নিজক আকৌ এবাৰ সমাজৰ মাজত থিয় কৰোৱাবলৈ যদিও একোগৰাকী নাৰী বহুলভাৱে সক্ষম তথাপিও তেওঁলোকক ওৰেটো জীৱন জীয়াবলৈ কাৰোবাৰ দুবাহুৰ প্ৰয়োজন অথবা সঁহাৰিৰ প্ৰয়োজন হয়। সেই সামান্য সঁহাৰিকণে এগৰাকী নাৰীৰ আগন্তুক জীৱনটো কিমান সুখময় কৰি তুলিব পাৰে সেয়া হয়টো আপোনালোকৰো কল্পনাৰ অগোচৰ। এনে এক বিষয়বস্তুৰ হাত ধৰিয়ে শেহতীয়াকৈ মুক্তি দিয়া গীতটি হৈছে “দুবাহুৰে সাৱটি ল’বানে”।


সুললিত কন্ঠৰ গৰাকী দীপলিনা ডেকাৰ সুৰীয়া কণ্ঠেৰে মুক্তি লাভ কৰা গীতটিত যুঁটীয়া ভাৱে কণ্ঠদান কৰাৰ লগতে ভিডিঅ’টোত অভিনয় কৰিছে নিপ্জে অৰ্থাৎ নিপুন তালুকদাৰে। তেওঁৰ সৈতে গীতটিত অভিনয় কৰিছে অভিনেত্ৰী সুৰভী দাসে। “ৰুক্সানা” ৰ বহুল জনপ্ৰিয়তাৰ পিছত সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিৰো কথা, গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু কাহিনী হৈছে প্ৰাচুৰ্য্য তালুকদাৰৰ। “ৰুক্সানা” গীতটিৰ পিছত জনসাধাৰণৰ সমুখত আকৌ সফল হৈ থিয় দিবলৈ সক্ষম হৈছে প্ৰাচুৰ্য্য। আনহাতে, এই গীতটিত সুৰ কৰিছে পৰিণীতা গোস্বামীয়ে; নৱপ্ৰজন্মৰ এইগৰাকী প্ৰতিভাৰ কণ্ঠেৰে আহিবলগীয়া সময়ত আপোনালোকে শুনিবলৈ পাব এটি নতুন গীত “আলিবাট”। ইয়াৰ লগতে “দুবাহুৰে সাৱটি ল’বানে” গীতটিত সংগীত কৰিছে পল্লৱ তালুকদাৰে; শব্দ-সংমিশ্ৰণৰ দায়িত্বত আছে কৌস্তভ শইকীয়া। গীতটিৰ ভিডিঅ’ৰ দৃশ্যগ্ৰহণ মানৱ জ্যোতি বৰুৱাৰ আৰু সহঃ পৰিচালনা নিলাক্ষী তালুকদাৰৰ। গীতটিৰ সম্পাদনা শান্তনু দত্তৰ। ৰূপসজ্জা মৌমিতা শইকীয়াৰ, ফটোগ্ৰাফী আশিষ শইকীয়াৰ আৰু পোষ্টাৰ ডিজাইন কৰিছে ঋতুপৰ্ণ বৰাই।

কিছু শংকা আৰু প্ৰশ্নক বুকুত বান্ধি মুক্তি লাভ কৰিছে "দুবাহুৰে সাৱটি ল'বানে" 2


দীপলিনা ডেকাৰ কন্ঠৰ অনুৰাগীয়ে ইতিমধ্যে গীতটিক আঁকোৱালি লৈছে। আনহাতে, নিপ্জৰ কন্ঠ আৰু অভিনয়ৰ প্ৰশংসাও কমেন্ট বক্সত একাংশই কৰা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform