Rupaliparda.com
"…এই ৱেব চিৰিজখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰতেই ৰাইজে মোক দেখিবলৈ পাব"- পলাশ মেছ 1

“…এই ৱেব চিৰিজখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰতেই ৰাইজে মোক দেখিবলৈ পাব”- পলাশ মেছ

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে বহু প্ৰকল্প আছে যিসমূহত ইজন-সিজনকৈ বহুকেইগৰাকী অসম সন্তানে নিজ কৰ্ম সম্পাদন কৰি গৈ আছে। নিজ নিজ প্ৰতিভাৰে তেওঁলোকে ইতিমধ্যে বহুকেইবাৰ অসমক গৌৰম্বিত কৰি তোলাত সক্ষম হৈছে। আমি প্ৰায়ে এনে বহু খবৰ সংবাদ পত্ৰযোগে পঢ়িছো অথবা সংবাদ মাধ্যম যোগে দেখিছো যে একোগৰাকী অসম প্ৰতিভাই কেনেদৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰকল্প সমূহৰ সৈতে কেৱল মাত্ৰ জড়িত হোৱাই নহয় সেই প্ৰকল্প সমূহক আৰু অধিক কৰি তুলিবলৈও প্ৰয়াস কৰি গৈ থাকে। আপোনালোকে ইতিমধ্যে নিশ্চয় অভিনেতা পলাশ মেছৰ অভিনয়ৰ সোঁৱাদ লাভ কৰিবলৈ সক্ষম হৈছে; শেহতীয়াকৈ তেওঁ অসমীয়া ছবি “জোনাকী পৰুৱা” টো এটা বৰ গুৰুত্বপূৰ্ণ তথা হৃদয়স্পৰ্শী চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল। নেশ্বনেল স্কুল অৱ ড্ৰামাৰ পৰা অভিনয়ৰ শিক্ষা গ্ৰহণ কৰা পলাশ মেছক এইবাৰ আপোনালোকে দেখিবলৈ পাব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব চিৰিজত; হয় আপোনালোকে ঠিকেই শুনিছে। Alt Balaji ৰ বেনাৰত নিৰ্মিত এই ৱেব চিৰিজখনৰ পৰিচালনা জনপ্ৰিয় পৰিচালক তথা প্ৰযোজক একতা কাপুৰৰ; “Apaharan” (অপহৰণ) নামৰ এই ৱেব চিৰিজখনৰ দ্বিতীয়টো সংস্কৰণত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক। ইতিমধ্যে ৱেব চিৰিজখনৰ শ্বুটিঙৰ বাবে ইউৰোপলৈ উৰা মাৰিছে অভিনেতা পলাশ মেছ আৰু তাতেই তেওঁ আৰম্ভ কৰিছে চিৰিজখনৰ শ্বুটিং চিড্যুল।

"…এই ৱেব চিৰিজখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰতেই ৰাইজে মোক দেখিবলৈ পাব"- পলাশ মেছ 2


উক্ত ৱেব চিৰিজখনত তেওঁ লাভ কৰা এনে সুযোগ আৰু বৰ্তমানলৈ তেওঁৰ অভিজ্ঞতা সম্পৰ্কে এক্সক্লুচিভলি ৰূপালীপৰ্দাই তেওঁৰ সৈতে পাতিছিল কিছু কথা। অভিজ্ঞতাৰ বিষয়ে সোধাত অভিনেতা পলাশ মেছে কয় যে, “এদিন ঘৰতেই কিছুমান ঘৰুৱা খেতি-বাতিৰ কামৰ সৈতে লাগি আছিলো; তেতিয়া আচলতে কাষ্টিং ডাইৰেক্টৰ এগৰাকীয়ে ফোন কৰি মোক মোৰ ফটোগ্ৰাফ আৰু সৰুকৈ পৰিচয় দি এটা ভিডিঅ’ ক্লিপ বিচাৰিলে। গতিকে মই গোটেইখিনি বস্তু পঠিওৱা পিছত মোক আকৌ ফোন কৰি তেওঁলোকে নিৰ্বাচন কৰা বুলি কয় মোক মাতি পঠিয়ালে। মইও বৰ-বেছি ভাবি গুণি চলি থকা বিধৰ মানুহ নহয়; কাম কৰি টকা পাওঁ, সেই টকাৰে নতুন ঠাইলৈ ফুৰিবলৈ যাওঁ। গতিকে, এই ফোনটো পোৱাৰ পিছত মোৰ এনেকুৱাই লাগিছিল যে বহুদিন ক’লৈকো যোৱাই নাই; গৈ আহোচোন, ভাল লাগিব। ইয়ালৈ তেনেকৈয়ে আহিলো; আগতে যিহেটো মুম্বাইতে থাকি “ক্ৰাইম পেট্ৰোল” অথবা তেনে কিছু প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ অভিজ্ঞতা আছে গতিকে এয়া নতুন নহয়। তথাপিও, একতা কাপুৰ আৰু এখন এনেধৰণৰ ৱেব চিৰিজৰ সৈতে জড়িত হ’বলৈ পাই মই সুখী।” আগলৈ তেওঁ ৱেব চিৰিজখনক লৈ কয় যে, “তেওঁলোকে কোৱা অনুসৰি মোৰ শ্বুটিং ৩১ মাৰ্চলৈকে হ’ব বুলি গম পাইছো আৰু পিছলৈ সলনি হয় যদিও নাজানো। মুঠ ৮ টা খণ্ডযুক্ত এই ৱেব চিৰিজখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰতেই ৰাইজে মোক দেখিবলৈ পাব। চাওঁচোন আগলৈ কি হয়! কিন্তু এই অভিজ্ঞতাটো সুন্দৰ; মই ইয়াত থাকোতেই এখন স্ক্ৰীপ্ট লিখিও সম্পূৰ্ণ কৰিলো। Apaharan 2 খন শেষ কৰি উভতি বহুখিনি অইন কামো কৰিবলগীয়া আছে।”

"…এই ৱেব চিৰিজখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰতেই ৰাইজে মোক দেখিবলৈ পাব"- পলাশ মেছ 3
"…এই ৱেব চিৰিজখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰতেই ৰাইজে মোক দেখিবলৈ পাব"- পলাশ মেছ 4


তেওঁ আগলৈ কয় যে, “মহাবাহু ছবিখনৰ কামসমূহ ইতিমধ্যে আৰম্ভ হৈছে। গতিকে সেই ছবিখনৰ কামতো গৈ পেলাই ব্যস্ত হ’ম। বাকী, ইয়াত আছো; কেতিয়াও নেদেখা এটুকুৰা ঠাই। অভিজ্ঞতা বোৰ গোটাই গৈ আছো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform