Rupaliparda.com
ৰণৱীৰ কাপুৰলৈ মনত পেলায় আলিয়া ভাটে পোষ্ট কৰিছে ফটোঃ 1

ৰণৱীৰ কাপুৰলৈ মনত পেলায় আলিয়া ভাটে পোষ্ট কৰিছে ফটোঃ

কিছুদিন পূৰ্বে আমি সকলোৱে শুনিবলৈ পাইছিলো অভিনেতা ৰণৱীৰ কাপুৰ ক’ৰোণা সংক্ৰমণৰ আগ্ৰাসনত আহিছিল আৰু তেওঁলৈ বৰ্তমান মনত পেলাই এতিয়া ইটোৰ পিছত সিটোকৈ পোষ্ট কৰিবলৈ আৰম্ভ কৰিছে অভিনেত্ৰী আলিয়া ভাটে। শেহতীয়াকৈ আলিয়া ভাটে আপলোড কৰা এখন ফটোত তেওঁ ৰণৱীৰ কাপুৰৰ হাত ধৰি থকা দেখিবলৈ পোৱা যায়; য’ত তেওঁ লিখে যে, “মোৰ বহুত মনত পৰি আছে।” আলিয়া ভাট আৰু ৰণৱীৰ কাপুৰ ব্যস্ত হৈ আছিল তেওঁলোকৰ আগন্তুক ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ ডাবিঙত; কিন্তু, যিহেতু অভিনেতা ৰণৱীৰ কাপুৰ ক’ৰোণা পজিটিভ হ’ল ফলত এই আটাইবোৰ স্তব্ধ হৈ পৰিল। ইয়াৰ পূৰ্বেও ৰণৱীৰ কাপুৰৰ মাতৃ নীতু কাপুৰে নিজ পুত্ৰৰ স্বাস্থ্য খবৰ জনসাধাৰণক জনায় তেওঁ কয় যে,”আপোনালোকৰ চিন্তাৰ বাবে ধন্যবাদ। ৰণৱীৰ কাপুৰৰ ক’ৰোণা টেষ্ট পজিটিভ আহিছে আৰু তেওঁ বৰ্তমান ঔষধ খাই আছে। তেওঁ ঠিক হয় আছে আৰু তেওঁ ঘৰতেই কোৱাৰেন্টাইনত আছে।” শেহতীয়াকৈ আলিয়া ভাটে ৰণৱীৰ কাপুৰৰ সৈতে আপলোড কৰা ফটোখনত জনসাধাৰণৰ বহুল প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল।

ৰণৱীৰ কাপুৰলৈ মনত পেলায় আলিয়া ভাটে পোষ্ট কৰিছে ফটোঃ 2


১৯৯৩ চনত জন্মগ্ৰহণ কৰা আলিয়া ভাটে সৰুতেই “সংঘৰ্ষ” নামে ছবিখনত অভিনয় কৰিছিল লগতে কৰণ জহৰৰ ছবি “ষ্টুডেন্ট অৱ দা ইয়েৰ” ৰ পৰা তেওঁ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ লগতে, অভিনেতা ঋষি কাপুৰৰ পুত্ৰ ৰণৱীৰে বলীউডত খোজ দিয়ে “সাৱৰিয়া” ছবিখনৰ পৰা। প্ৰথমখন ছবি ফ্লপ হৈছিল যদিও তেওঁৰ আগন্তুক কেইবাখনো ছবিয়ে দৰ্শকৰ সমাদৰ লাভ কৰে। উল্লেখ্য যে, আলিয়া-ৰণৱীৰৰ তেওঁলোকৰ আগন্তুক ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ বাবে অপেক্ষাৰত অনুৰাগীও। আয়ান মূখাৰ্জীৰ দ্বাৰা পৰিচালিত ছবিখনৰ প্ৰযোজনা কৰণ জহৰৰ। এই ছবিখনত আলিয়া-ৰণৱীৰৰ সৈতে অভিনয় কৰিব অমিতাভ বচ্চন, মৌনী ৰয় তথা দিম্পল কপাদিয়াই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform