Rupaliparda.com
"জয়মতী" মৌন যুদ্ধক লগত লৈ অনুভূতি কাকতি গোস্বামীৰ নতুন গীতঃ 1

“জয়মতী” মৌন যুদ্ধক লগত লৈ অনুভূতি কাকতি গোস্বামীৰ নতুন গীতঃ

আগন্তুক ২৭ মাৰ্চ তাৰিখে জয়মতী দিৱস উদযাপন কৰিব সমগ্ৰ অসমবাসীয়ে। জয়মতীক সুঁৱৰি উক্ত দিনটোত ঠাইয়ে ঠাইয়ে ভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ’ব। সতী জয়মতীৰ কষ্ট, সাধনা, ত্যাগ আদিক লগত লৈ আমি প্ৰত্যেকেই কেৱল মাত্ৰ এটা দিনতেই যে তেওঁক সুঁৱৰিম আচলতে তেনে নহয়; এতিয়াও আমাৰ সমাজত জয়মতীৰ উদাহৰণেৰে নাৰীয়ে ত্যাগ কৰিছে, নিৰৱিচ্চিন্ন সাধনা কৰিছে। তেওঁৰ কষ্টৰ সৈতে তুলনা যদিও কৰিব পৰা নাযায় তৎস্বত্বেও তেওঁৰ জীৱন গাঁথা শুনিলে আজিও প্ৰতিজন অসমীয়াৰ গাৰ নোঁম শিঁয়ৰি উঠে। অসম বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰোৱা নামটোৱে হৈছে সতী জয়মতীৰ; জেৰেঙা পথাৰত আজিও হয়টো জয়মতীৰ কান্দোন ভাঁহি আছে। তেওঁৰ ত্যাগৰ সৰু সৰু টুকুৰাবোৰ সামৰি আজিও জেৰেঙা পথাৰখন চাবলৈ বহু লোকৰ সোঁত বয়। জয়মতী আছিল ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ বিষয়ববীয়া বৰগোঁহাই বংশৰ জীয়াৰী। গদাপণিৰ পত্নী জয়মতীক লৈ ইতিমধ্যে বহু গৱেষণা পত্ৰ, ভিচিডি, একোখন ছবিৰ নিৰ্মাণ হোৱা আমি দেখিছো। কিন্তু, বৰ্তমানেও জয়মতী আমাৰ মনত সজীৱ গতিকে তেওঁক লৈ এতিয়াও আমাৰ অসমীয়া শিল্পী সমাজ উৎকন্ঠিত হৈ থকা দেখিবলৈ পোৱা যায়। এনেপৰিপ্ৰেক্ষিততে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অনুভূতি কাকতি গোস্বামীৰ কন্ঠৰে মুক্তি পাবলৈ সাজু হৈছে নতুন গীত “জয়মতী”। যোৰহাটত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে নিজ মাতৃৰ পৰাই লাভ কৰে শাস্ত্ৰীয় সংগীতৰ বুনিয়াদী শিক্ষা; সৰুৰ পৰাই সাংস্কৃতিক পৰিৱেশ লাভ কৰা অনুভূতিৰ আহিবলগীয়া “জয়মতী” শীৰ্ষক গীতটিক লৈ শেহতীয়াকৈ উৎসাহিত হৈ পৰিছে সকলো।

"জয়মতী" মৌন যুদ্ধক লগত লৈ অনুভূতি কাকতি গোস্বামীৰ নতুন গীতঃ 2


আচলতে, “জয়মতী” বুলি ক’লেই আমি প্ৰতিজন অসমীয়া এই নামটোৰ সৈতে জড়িত হৈ পৰো; তেওঁৰ নামটো শুনাৰ লগে লগে আমাৰ চকুলৈ ভাঁহি আহে তেওঁৰ মৌনতাৰ যুদ্ধ। আহিবলগীয়া গীতটিৰ কাম ১০ বছৰ ধৰি কৰি থকা হৈছে; ইয়াত কথা কাৰ আছিল সেয়া বৰ্তমানেও অজ্ঞাত। গীতটিৰ কথা সংগ্ৰহ কৰা হৈছিল বোকাখাত নিবাসী নিত্যা নন্দা বৰদলৈ দেৱৰ পৰা। গীতটিত সুৰ কৰিছে সেউজ অনুভূতিয়ে আৰু লগতে সংগীত প্ৰযোজনা ইমন সেউজ গোস্বামীৰ। গীতাৰ ঋতু পবন কটকীৰ লগতে গীতটিৰ কিছু অংশত কন্ঠদান কৰিছে অনুষ্মা শৰ্মাই; ডাবিং চুপাৰভাইজাৰ সুকুমাৰ দত্ত। মুম্বাইস্থিত Heartz Studio আৰু Swarit Studio ত বাণীবদ্ধ হোৱা এই “জয়মতী” গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে মুম্বাইৰে Play head Studio ত ৰূপজিৎ দাসে। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা জাবালিক খাউণ্ডে আৰু দৃশ্যগ্ৰহণ কৰিছে বিদ্যুৎ শইকীয়াই। সম্পাদনা অমল কাকতিৰ আৰু সহঃ সম্পাদনা অম্বৰিশ বৰকটকীৰ। পোহৰ ৰাজীৱ দাসৰ, ৰূপসজ্জা দেৱ শৰ্মাৰ লগতে সাজসজ্জা ত্ৰিদিশা শৰ্মা আৰু কমলা ক’লৰ। প্ৰডাকচন মেনেজাৰ হিচাপে কাম কৰিছে দীপ বৰাই আৰু ভি এফ এক্স দিব্যজ্যোতি বৰাৰ।


অনূভূতি কাকতি গোস্বামীৰ এই গীতটি মুক্তি লাভ কৰিব ২৩ মাৰ্চ তাৰিখে Dhwani Records নামে ইউটিউব চেনেলটোত। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform