Rupaliparda.com
উদয়পুৰলৈ বৰ্ষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাঃ ফটোৱে কঁপাইছে চচিয়েল মিডিয়া- 1

উদয়পুৰলৈ বৰ্ষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাঃ ফটোৱে কঁপাইছে চচিয়েল মিডিয়া-

বিবাহৰ পিছত উদয়পুৰলৈ উৰা মাৰিছে বহু প্ৰত্যাশিত যুঁটি। বৰ্ষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বিবাহৰ পিছৰ একোখন ফটোৱে এতিয়া কঁপাইছে চচিয়েল মিডিয়া। অনুৰাগীৰ ভিন্ন কমেন্টৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ একোখন ফটোক এতিয়া নিজ নিজ প্ৰফাইলত আপলোড কৰি বিবাহিত যুঁটিটোক শুভকামনা জনোৱা দেখিবলৈ পোৱা গৈছে। বিবাহৰ পিছৰ অভিনেত্ৰী বৰ্ষাৰাণীক লৈ প্ৰত্যেকজন অনুৰাগী উৎসাহিত হৈ থকা দেখিবলৈ পোৱা গৈছে; তেওঁলোকৰ ফটো সমূহক ধনাত্মক কমেন্টেৰে উপচাই পেলাইছে। বৰ্ষাৰাণী এনে এগৰাকী অভিনেত্ৰী, যি গৰাকীয়ে এক দীঘলীয়া সময়ৰ পৰাই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিজ প্ৰতিষ্ঠা অব্যাহত ৰাখিছে। গতিকে, তেওঁৰ প্ৰসংগক লৈ বাহিৰলৈ অহা যিকোনো খবৰেই জনসাধাৰণৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে। শেহতীয়াকৈ অভিনেত্ৰী গৰাকী নিজ স্বামী ভাস্কৰ বৰুৱাৰ সৈতে কেইবাখনো ফটো আপলোড কৰে; উদয়পুৰৰ মনোৰম ঠাইবোৰত উঠা একোখন ফটোক লৈ এতিয়া অনুৰাগীও আকৰ্ষিত হৈ পৰা পৰিলক্ষিত হৈছে। চাওঁচোন আহক এই ফটোবোৰঃ

https://www.instagram.com/p/CMg0YlfrNMC/?utm_source=ig_web_copy_link


এই বিবাহখনক লৈ ৰাইজৰ মাজতো দেখিবলৈ পোৱা গৈছিল উৎকন্ঠাৰ; পেচাত এগৰাকী শিক্ষক ভাস্কৰ বৰুৱাৰ সৈতে বিবাহত বহিছে অভিনেত্ৰী গৰাকী। আচলতে, প্ৰথম বিবাহৰ কিছুদিন পিছতেই মৃত্যুক সাৱটিছিল তেওঁৰ স্বামীয়ে; তাৰ পিছত এক অকলশৰীয়া জীৱনক সাৱটি লৈয়েই আগবাঢ়িছিল অভিনেত্ৰী গৰাকী। উল্লেখ্য যে, আহিবলগীয়া সময়ত অসমীয়া ছবি ক্ৰমে “গুৱাহাটী ডায়েৰিজ” আৰু “ৰাজনীতি” ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া। তেওঁ প্ৰায়ে অনুৰাগীক আকৰ্ষণ টানিবলৈ একো একোখন ফটোৰে জীৱনৰ ধনাত্মক কথাবোৰ বাখ্যা কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform