Rupaliparda.com
শ্ৰদ্ধাংশু বৰুৱাৰ নতুন গীত "জোনৰ দেশলৈ"; ক্ষন্তেকতে গীতটিৰ জনপ্ৰিয়তাঃ 1

শ্ৰদ্ধাংশু বৰুৱাৰ নতুন গীত “জোনৰ দেশলৈ”; ক্ষন্তেকতে গীতটিৰ জনপ্ৰিয়তাঃ

শেহতীয়াকৈ ঠন ধৰি উঠা এই সংগীত ক্ষেত্ৰখনত ইটোৰ পিছত সিটোকৈ নতুন গীতৰ মুক্তি আমি দেখিবলৈ পাইছো। নতুন প্ৰজন্মৰ প্ৰতিভা সমূহে শেহতীয়াকৈ নিজ নিজ সৃষ্টিৰ দ্বাৰা প্ৰত্যেককে আপ্লুত কৰি ৰখাত সক্ষম হৈছে। নিজ নিজ ৰৈ যোৱা প্ৰকল্পসমূহক লগত লৈ চলিত বৰ্ষত ইটোৰ পিছত সিটোকৈ আহিছে ভাল খবৰ। আহিবলগীয়া গীতসমূহৰ সৈতে যদিহে এক চিনাকী প্ৰিয় কন্ঠ জড়িত হয় থাকে তেতিয়াহ’লে তাতকৈ অধিক ভাললগা কথা অইন কি হ’ব পাৰে! সদ্যমুক্তিপ্ৰাপ্ত গীত “জোনৰ দেশলৈ” ইতিমধ্যে শ্ৰোতা-দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ভিডিঅ’ সহ মুক্তি লাভ কৰা এই গীতটিয়ে অতি কম সময় ভিতৰতে হাজাৰৰ অংকত লাভ কৰিবলৈ সক্ষম হৈছিল ভিউৱাৰচ। শ্ৰদ্ধাংশু বৰুৱাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিৰ ভিডিঅ’ত তেওঁৰ সৈতে যুঁটীয়াভাৱে অভিনয় কৰিছে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। লগতে, গীতটিৰ শ্ৰদ্ধাংশুৰ সৈতে কন্ঠদান কৰিছে মাইনা হিমাদ্ৰীয়ে। গীতটিত কথা শোণিত গগৈৰ লগতে ইয়াত সুৰ আৰু সংগীতৰ দায়িত্বত আছে বিজয় শংকৰ। বাঁহী অঞ্জন মেধিৰ, শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। আনহাতে, গীতটিত গীতাৰ বজাইছে নৈবেদ্য হাজৰিকা আৰু ঋতুৰাজ গগৈয়ে। গীতটিৰ ভিডিঅ’ পৰিচালনা শচীন বৰুৱাৰ; দৃশ্যগ্ৰহণ বিতুল দাসৰ আৰু সম্পাদনা মানস কাশ্যপৰ। লগতে, সহঃ পৰিচালনা সমীনৰ।


গীতটিৰ ভিডিঅ’ৰ কমেন্ট সমূহতো অৱশ্যে শ্ৰোতা-দৰ্শকৰ ধনাত্মক কমেন্ট দেখা পৰিলক্ষিত হয়। “সুৰ বিচাৰি”, “নিজানৰ বাঁহী”, “নাচনী লগতে “নীলিমা” শীৰ্ষক আন কেইবাটিও গীতৰ কন্ঠদানৰ সৈতে জড়িত শ্ৰদ্ধাংশুৰ সাংগীতিক জীৱনৰ টাৰ্ণিং পইন্ট আছিল “যৌৱন জিলা” শীৰ্ষক গীতটি। তেওঁ নিজ সাক্ষাৎকাৰতে জনাইছিল যে,”গুৱাহাটীত কন্ঠশিল্পী হ’ম বুলি নহয় আচলতে মই সংগীত প্ৰযোজনাহে শিকি আছিলো। মই সেইটো সময়ত কাকোৱে চিনি পোৱা নাছিলো; কিন্তু পিছত মই আপোনালোক সকলোৰে চিনাকী জনপ্ৰিয় শোণিত গগৈক লগ পাই তেওঁৰ সৈতে এটি গীত কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল আৰু সঁচা কথা ক’বলৈ গ’লে আমি কম দিনতেই আত্মীয় হৈছিলো ইজনে আনজনৰ। তেতিয়া তেওঁ “যৌৱন জিলা” গীতটিৰ কথা মোক ক’লে আৰু মই বহুত ভাগ্যৱান যে তেওঁলোকে বিশ্বাস কৰি গীতটো মোক গাবলৈ দিলে। সমান্তৰালকৈ, মই শ্ৰোতা-দৰ্শকৰ ইমান সঁহাৰি পাম বুলি সপোনতো ভবা নাছিলো গতিকে ই মোৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্ট আছিল।” শ্ৰদ্ধাংশু বৰুৱাৰ এনে জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পৰা যায় যে তেওঁৰ বৰ্তমান নিৰ্মাণ হৈ পৰিছে অনুৰাগীৰ এটা শাৰী।

শ্ৰদ্ধাংশু বৰুৱাৰ নতুন গীত "জোনৰ দেশলৈ"; ক্ষন্তেকতে গীতটিৰ জনপ্ৰিয়তাঃ 2
শ্ৰদ্ধাংশু বৰুৱাৰ নতুন গীত "জোনৰ দেশলৈ"; ক্ষন্তেকতে গীতটিৰ জনপ্ৰিয়তাঃ 3


শ্ৰদ্ধাংশু বৰুৱাৰ নতুন গীত সমূহক লৈ তথা তেওঁৰ আহিবলগীয়া প্ৰতিটো পৰিকল্পনাৰ বাবে কন্ঠশিল্পী গৰাকীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.