Rupaliparda.com
"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 1

“যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়”- অংশুমা শইকীয়া

আমি ইতিমধ্যে এনে বহু অসম প্ৰতিভা দেখিছো যিসকলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত হোৱাৰ সমান্তৰালকৈ অসমক প্ৰতিটো মহুূৰ্তত গৌৰম্বিত কৰি ৰাখিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ একোটা প্ৰকল্পত এগৰাকী অসম সন্তানৰ নাম সন্নিৱিষ্ট হোৱাটো প্ৰায় সুলভ হৈ পৰিছে। আচলতে, মনোৰঞ্জনৰ দিশটোত থকা প্ৰত্যেকটো মাধ্যমৰ ক্ষেত্ৰত তেওঁলোকে প্ৰতিটো সময়ত কৰা অহৰহ প্ৰচেষ্টাই তেওঁলোকক সকলোৰে সমুখত এক উচ্চ স্থানত প্ৰতিষ্ঠিত কৰোৱাইছে। আচলতে, সঁচা কথা ক’বলৈ গ’লে স্তব্ধতাৰ পিছতো স্তব্ধ নোহোৱা মনোৰঞ্জন ক্ষেত্ৰখনে প্ৰতিদিনেই আমাক বহু নতুন সোঁৱাদ দি আহিছে; কিবা এটা কৰাৰ ইচ্ছা বুকুত বান্ধি শৈশৱৰ পৰাই একোটা বস্তুৰ সৈতে কৰা নিৰৱিচ্চিন্ন প্ৰয়াসে তেওঁলোকক দৰ্শক-জনসাধাৰণৰ সমুখত আৰু অধিক গ্ৰহণযোগ্য কৰি তোলে। আমি এতিয়ালৈ ৰূপালীপৰ্দাৰ জৰিয়তে এনে বহু প্ৰতিভাক আপোনালোকৰ সমুখত চিনাকী কৰি দিবলৈ সক্ষম হৈছো; গতিকে এনেপৰিপ্ৰেক্ষিততে, শেহতীয়াকৈ আমি কথা পাতিছিলো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম জীয়ৰী অংশুমা শইকীয়াৰ সৈতে; গীত, নৃত্য, অভিনয় আদি প্ৰতিটো দিশৰ সৈতে জড়িত এইগৰাকী শিল্পীক আমি লৈ আনিছো আপোনালোকৰ মাজলৈ। দেওঁবৰীয়া সাক্ষাৎকাৰ বিশেষত তেওঁৰ সৈতে পতা কথা-বতৰা যোগে তেওঁ কি জনালে চাওঁচোন আহকঃ

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 2

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?

অংশুমা শইকীয়াঃ সঁচা কথা ক’বলৈ গ’লে, এটা সাংস্কৃতিক পৰিয়ালতেই জন্ম হৈছিল মোৰ। গতিকে, গীত তথা অভিনয় মই সৰুৰে পৰা দেখিছো। নৃত্য মই নিজাববীয়াকৈ কৰিছিলো যদিও তেনে এক পৰিয়ালত জন্ম হোৱা বাবে মই সৰুৰ পৰাই এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ সুবিধা পাইছিলো।

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 3

প্ৰশ্নঃ গীত, নৃত্যৰ সমান্তৰালকৈ অভিনয়ৰ দিশটোতো আপুনি সমানেই পাৰদৰ্শিতা দেখুৱাইছে অথবা দেখুৱাবলৈ সক্ষম হৈছে। এই তিনিওটা দিশৰ সৈতে আপুনি কেনেদৰে জড়িত?

অংশুমা শইকীয়াঃ সংগীত মই ৫ বছৰ মান বয়সৰ পৰাই গাইছিলো; স্কুলতটো মই প্ৰায় গীততেই কন্ঠদান কৰিছিলো। কিন্তু মাজতহে নৃত্য কৰিবলৈ আৰম্ভ কৰিছিলো; আমাৰ স্কুলৰে কৃষ্ণা দাস নাথ বাইদেউৱে এই ক্ষেত্ৰত মোক যথেষ্ট অৰিহণা যোগাইছিল। বাইদেউৱে “য়াই ৰে য়াই ৰে” শীৰ্ষক বলীউডৰ জনপ্ৰিয় গীতটিত প্ৰথম নাচিবলৈ শিকালে; তাৰ পাছতেই অৱশ্যে মোৰো নৃত্য ভাল লগা হ’ল। সেইটো সময়ত বাইদেউৰ লগত বহু অনুষ্ঠানো কৰিলো। ঠিক তেনেকৈ, বাইদেউৰ স্কুলত ক্লাচিকেল ডেন্স শিকাবলৈ দেৱব্ৰত বৰুৱা নামে এগৰাকী ছাৰ আহিছিল। মই তাতেই odissi নৃত্য শিকিছিলো; প্ৰথমাৱস্থাত অকণমান আমনি পাইছিলো যদিও এৰিম এৰিম বুলি সিদ্ধান্ত লওঁতে লওঁতেই আজি মই নৃত্য শিকা ২৩ বছৰেই হ’ল আৰু এই নৃত্যশৈলীটোক বৰ্তমানেও অব্যাহত ৰাখিছো। পিছলৈ, মেট্ৰিক পৰীক্ষা দি উঠি মই মাধুৰিমা গোস্বামী বাইদেউ ওচৰত আকৌ ৫ বছৰ odissi শিকিলো আৰু গুৱাহাটীত আহি মই শিকিলো সংগীতা হাজৰিকা বাইদেউৰ পৰা; কিন্তু এইখিনিতে এটা কথা জনাই থওঁ যে মই যেতিয়াই তেজপুৰলৈ যাওঁ তেতিয়াই মাধুৰিমা বাউদেউৰ ওচৰলৈ গৈ কিবা এটা শিকি আহিবলৈ প্ৰয়াস কৰো। পিছলৈ, মায়ানগৰীলৈ আহি মই গুৰু ৰবীন্দ্ৰ আতিবুধিৰ ছাৰৰ তাত odissi শিকিলো; মই চাৰে ৬ বছৰ গুৰুজীৰ সান্নিধ্যত নানানটা নৃত্য গৱেষণা বিদ্যালয়ৰ প্ৰশিক্ষক হিচাপে থাকিলো। তাৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত মই কেইবাটাও অনুষ্ঠান কৰিবলৈ সক্ষম হওঁ; ঠিক তেনেকৈ মোৰ এই নৃত্যৰ যাত্ৰাটো চলি আছে। কিন্তু, ইয়াৰ মাজতে মই সংগীত এৰিবলগীয়া হ’ল; মই সমান্তৰালকৈ দুইটাতেই মনোনিৱেশ কৰিব পৰা নাছিলো। আনহাতে, অভিনয়ৰ কথা ক’বলৈ গ’লে মোৰ এগৰাকী বা আছিল; আছিল বুলি এইটো কাৰণেই কওঁ কাৰণ কেইদিনমান আগতেই ৰশ্মি দেৱী নামে বা গৰাকীয়ে মৃত্যুক আঁকোৱালি ল’লে। ৰশ্মি বাই খুব ভাল অভিনয় কৰিছিল; তেওঁক দেখি দেখি আগ্ৰহী হৈ মই তেজপুৰৰ বাণ থিয়েটাৰৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছিলো। অৰুণ নাথ ছাৰ, মৃদুল নাথ ছাৰ হঁতক তাত লগ পাই বহুখিনি কথা শিকিবলৈ সক্ষম হৈছিলো। গতিকে, মোৰ অভিনয় জীৱনৰ প্ৰথমজন গুৰু বুলি ক’বলৈ গ’লে অৰুণ নাথ ছাৰ বুলিয়েই ক’ব লাগিব। ২০০৯ ত মুম্বাইলৈ মই অভিনয় কৰিম বুলিয়েই আহিছিলো; গতিকে তেনেকৈয়ে চলি গৈ আছে।

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 4

প্ৰশ্নঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত এগৰাকী অসম কন্যা ৰূপে মুম্বাই আৰু অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ মাজত আপুনি কি পাৰ্থক্য অনুভৱ কৰে?

অংশুমা শইকীয়াঃ মুম্বাই আৰু অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ মাজত বৰ বেছি পাৰ্থক্য মই বিচাৰি নাপাওঁ। কাৰণ যেতিয়া অসমত থাকি কাম কৰা হয় তেতিয়াও অসমৰ বাবেই কৰা হয় আৰু যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়। মাত্ৰ এটাই পাৰ্থক্য অনুভৱ কৰো যে যদিহে মই অসমত কাম কৰো তেতিয়া কেৱল অসমৰ দৰ্শক-শ্ৰোতাইহে চাব কিন্তু যেতিয়া মই মুম্বাইত কাম কৰো; যিহেটো এয়া নেশ্বনেলি হৈ যায় গতিকে তেতিয়া দৰ্শকৰ সংখ্যাটো কিছু পৰিমাণে বৃদ্ধি পায়। অসমতো শেহতীয়াকৈ বহু ধুনীয়া ধুনীয়া কাম হৈ আছে; এটা পৰ্যায়ৰ কাম হয় এতিয়া অসমত গতিকে তেনে কোনো বিশেষ পাৰ্থক্য মই বিচাৰি নাপাওঁ।

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 5

প্ৰশ্নঃ আপোনাৰ আহিবলগীয়া সময়ৰ প্ৰকল্প সমূহৰ বিষয়ে জানিব বিচাৰিম।

অংশুমা শইকীয়াঃ আগন্তুক প্ৰকল্প বুলি ক’বলৈ গ’লে, আছে কিছু কাম হাতত। শেহতীয়াকৈ এটা মোৰ উল্লেখনীয় প্ৰকল্পৰ সমাপ্তি কৰিলো; ষ্টাৰ ভাৰত যোগে সম্প্ৰচাৰিত “দূৰ্গা মাতা কি ছায়া” ত মই অভিনয় কৰিছিলো। মই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছিলো; নিগেটিভ আছিল চৰিত্ৰটো। বহু ভাল ভাল প্ৰশিক্ষিত একোগৰাকী তাৰকাৰ সৈতে কাম কৰাৰ সুবিধা পাইছিলো। এই ধাৰাবাহিকখনৰ সমাপ্তিৰ পিছতেই আচলতে আৰু আন এখন ধাৰাবাহিকৰ অফাৰ মই পাইছিলো; ষ্টাৰ প্লাছৰ ধাৰাবাহিক হয়। ইয়াৰ লগতে, এখন হিন্দী ছবিৰ কথাও চলি আছে; কিন্তু এই প্ৰকল্পটো আৰম্ভ হওঁতে কিছুদিনৰ সময় লাগিব।

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 6

প্ৰশ্নঃ আপোনাৰ মতে এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিব বিচাৰিম।

অংশুমা শইকীয়াঃ “শিল্পী” ৰ সংজ্ঞা আচলতে একেটা শাৰীতেই এনেদৰে কৈ দিয়াটো সম্ভৱ নহয়; তথাপিও মই থুলমুলকৈ ক’বলৈ চেষ্টা কৰো। মই ভাবো, এজন প্ৰকৃত শিল্পীয় সদায় সুন্দৰতাৰ ওপৰত গুৰুত্ব দিয়ে; তেওঁৰ সৃষ্টি সমূহৰ দ্বাৰা যাতে অইনে আনন্দ লাভ কৰিব পাৰে তেওঁ তাকেই প্ৰচেষ্টা কৰা দেখা যায়। সেয়া লাগিলে, এখন চিত্ৰ হওঁক, নৃত্য প্ৰদৰ্শন হওঁক অথবা এখন নাটকৰ এটা চৰিত্ৰ ৰূপায়নেই নহওঁক কিয়; এগৰাকী শিল্পীয়ে সদায় এনে সৃষ্টি কৰে য’ত অইনে নিজৰ আমোদ বিচাৰি পায়।

"যেতিয়া মুম্বাইত কাম কৰা যায় তেতিয়াও অসমক প্ৰতিনিধিত্ব কৰিয়েই কৰা হয়"- অংশুমা শইকীয়া 7

ৰূপালীপৰ্দাঃ ধন্যবাদ অংশুমা শইকীয়া। আপোনাৰ কথা খিনিয়েই নিশ্চয় বহুখিনি নৱপ্ৰজন্মক উৎসাহিত কৰিব।

অংশুমা শইকীয়াঃ ধন্যবাদ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform