Rupaliparda.com
কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ সম্পৰ্কঃ আওঁপকীয়াকৈ কিয়াৰাইও দিছে উত্তৰ- 1

কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ সম্পৰ্কঃ আওঁপকীয়াকৈ কিয়াৰাইও দিছে উত্তৰ-

বলীউডত প্ৰেমৰ সম্পৰ্ক সমূহক লৈ প্ৰায়ে সাধাৰণজন আগ্ৰহী হৈ থকা দেখিবলৈ পোৱা যায়। আচলতে, এনেও বহু সম্পৰ্ক আছে যিসমূহ প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়; য’ত একাংশ তাৰকাই নিজৰ প্ৰেমৰ সম্পৰ্ক সমূহৰ বিষয়ে খুলি কথা কয় তাতেই আকৌ একাংশ এনেও তাৰকা আছে যিয়ে নিজৰ অনুৰাগীৰ পৰা সম্পৰ্ক সমূহৰ বিষয়ে প্ৰায়ে লুকাই ৰাখে। শেহতীয়াকৈ বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী কিয়াৰা আদৱানীয়ে নিজ প্ৰেম সম্পৰ্কৰ কথা খুলি কয় যদিও নিজ প্ৰেমাস্পদ গৰাকীৰ নাম নকয়। কিয়াৰা আদৱানী প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায়; সমান্তৰালকৈ তেওঁক অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতেও বহুবাৰ মিডিয়াই দেখিছে। কিন্তু এতিয়ালৈ এই বিষয়ত কোনোধৰণৰ স্পষ্টীকৰণ দাঙি ধৰা নাছিল উক্ত যুঁটিটোৱে। এক সাক্ষাৎকাৰ যোগে যেতিয়া অভিনেত্ৰী কিয়াৰাক এই বিষয়ত প্ৰশ্ন কৰা হৈছিল তেতিয়া অভিনেত্ৰী গৰাকীয়ে স্পষ্ট ভাৱে কৈছিল যে তেওঁ কাৰোবাৰ সৈতে জড়িত হৈ আছে কিন্তু সাংবাদিকে সেইজন কোন বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কিছুমান অলাগতিয়াল প্ৰসংগৰে নিজ উত্তৰ সামৰি ৰাখে।

কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ সম্পৰ্কঃ আওঁপকীয়াকৈ কিয়াৰাইও দিছে উত্তৰ- 2
কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ সম্পৰ্কঃ আওঁপকীয়াকৈ কিয়াৰাইও দিছে উত্তৰ- 3


যদিও কিয়াৰাই অভিনেতা গৰাকীৰ নাম লোৱা নাছিল তথাপিও তেওঁৰ উত্তৰ সমূহৰ দ্বাৰা বুজিব পৰা গৈছিল যে তেওঁ কোন অভিনেতাৰ বিষয়ে ক’ব বিচাৰিছে। আনহাতে, কিছুদিন পূৰ্বে কিয়াৰা আদৱানীক সিদ্ধাৰ্থ মালোহোত্ৰাৰ সৈতে মালদ্বীপত দেখা গৈছিল য’ত অভিনেত্ৰী গৰাকীয়ে সিদ্ধাৰ্থৰ পিতৃ-মাতৃকো লগ কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.