Rupaliparda.com
ন-ধাৰাবাহিক "সত্যমেৱ জয়তে" ৰ সৈতে ৰাতুল শৰ্মাঃ 1

ন-ধাৰাবাহিক “সত্যমেৱ জয়তে” ৰ সৈতে ৰাতুল শৰ্মাঃ

আহিবলগীয়া সময়ৰ ৰেঙণি চেনেল যোগে সম্প্ৰচাৰ লাভ কৰিবলগীয়া এখন নতুন ধাৰাবাহিক হৈছে “সত্যমেৱ জয়তে”। ধাৰাবাহিকখনৰ নামটোৱে আচলতে ইয়াৰ কাহিনীভাগৰ কিছু আভাষ জনসাধাৰণক দিছে; ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ অৰ্থাৎ আৰক্ষী বিষয়াৰ চৰিত্ৰটো ৰূপায়ন কৰিব অভিনেতা ৰাতুল শৰ্মাই। কটন বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত ভাষাত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এই গৰাকী অভিনেতাই অভিনয়ৰ বাবে লোৱা নাছিল কোনো আনুষ্ঠানিক শিক্ষা। অভিনয়ৰ প্ৰতি ৰাপ থকা স্বত্বেও তেওঁ পোৱা নাছিল অভিনয়ৰ জখলাডাল; য’ত বগাই তেওঁ পালেহেঁতেন নিজৰ গন্তব্য স্থান। কিন্তু, কষ্ট কৰোতাই কোনো দিন হাৰি নাযায়; আৰু পিছত হ’লেও ৰাতুল শৰ্মাই লাভ কৰিলে অভিনয়ৰ সুযোগ। অভিনয়ৰ সৈতে সৰুৰ পৰাই জড়িত নহ’লেও এইক্ষেত্ৰখনত যথেষ্ট ৰাপ থকা এইগৰাকী অভিনেতাৰ প্ৰথমখন ধাৰাবাহিকৰ নাম আছিল “জোনাকৰ বৰষুণ”। তাৰ পিছতেই তেওঁক আন কেইবাখনো ধাৰাবাহিকৰ সৈতে দেখিবলৈ পোৱা যায়। ইতিমধ্যে এই অভিনেতাগৰাকীৰ অনুৰাগীৰ শাৰীখনো হৈ পৰিছে দীঘলীয়া।

ন-ধাৰাবাহিক "সত্যমেৱ জয়তে" ৰ সৈতে ৰাতুল শৰ্মাঃ 2


আহিবলগীয়া সময়ত তেওঁক দেখিবলৈ পোৱা যাব অসমীয়া ছবি “চন্দ্ৰাৱলী” ত । বলিন শৰ্মাৰ দ্বাৰা পৰিচালিত এই ছবিখনত ৰাতুল শৰ্মাৰ সৈতে মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেত্ৰী অমৃতা গগৈ। ৰাতুল শৰ্মাৰ আহিবলগীয়া উক্ত ধাৰাবাহিক খনৰ অধিক তথ্য বৰ্তমানলৈ বাহিৰলৈ অহা নাই যদিও ইয়াৰ চমু এটি টিজাৰক ইতিমধ্যে উলিয়াই দিয়া হৈছে ৰাইজৰ মাজলৈ। চচিয়েল মিডিয়া যোগে এই কথা নিজ অনুৰাগীক জানিবলৈ দিয়ে অভিনেতা গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform