Rupaliparda.com
ফাঁকুৱালৈ মাজত মাত্ৰ কেইটামান দিন বাকীঃ প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাও প্ৰস্তুত নিজৰ গীতক লৈ- 1

ফাঁকুৱালৈ মাজত মাত্ৰ কেইটামান দিন বাকীঃ প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাও প্ৰস্তুত নিজৰ গীতক লৈ-

ফাঁকুৱালৈ মাজত মাত্ৰ কেইটামান দিন বাকী; ৰঙৰ উৎসৱ ফাঁকুৱাক লৈ প্ৰতিজন জনসাধাৰণ উৎসাহিত হৈ পৰিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ প্ৰত্যেকেই একোটা উৎসৱ ৰং-ৰহৈছে অথবা উছাহেৰে উদযাপন কৰিবলৈ বাট চাইছে। অৱশ্যে এই ক্ষেত্ৰত অসমীয়া শিল্পী সমূহৰ সক্ৰিয়তা নুই কৰিব নোৱাৰি; তেওঁলোকে প্ৰতিটো উৎসৱতেই সাধাৰণজনৰ বাবে একোটা প্ৰকল্পৰ সৃষ্টি কৰে। যি প্ৰকল্পসমূহক লগত লৈ সাধাৰণজনেও সেই নিৰ্দ্দিষ্ট উৎসৱটো উদযাপন কৰিবলৈ সক্ষম হয়। বিগত বৰ্ষৰ শেষৰ ফালে আপোনালোকে এটা গীতৰ চৰ্চা চচিয়েল মিডিয়াত হোৱা শুনিবলৈ পাইছিলে; গীতটিৰ নাম আছিল “কোন তুমি?” প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ “এক যোগ এক” শীৰ্ষক এলবামটোৰ এই দ্বিতীয়টো গীতৰ মুক্তিৰ পিছতেই সংগীতশিল্পী গৰাকীৰ অনুৰাগীৰ শাৰী যথেষ্ট দীঘলীয়া হোৱা পৰিলক্ষিত হৈছিল। গতিকে, এইখিনিতে এই কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ বাবে আমি লৈ আনিছো আন এক সুখবৰ। আগন্তুক ফাঁকুৱা উপলক্ষে তেওঁৰ কন্ঠৰে মুক্তি পাবলৈ সাজু হৈছে এটা হোলী কেন্দ্ৰিক গীত। হোলীৰ সময়ছোৱাৰ ৰং-ৰহৈছ ইত্যাদিক কেন্দ্ৰ কৰিয়েই গীতটিক প্ৰস্তুত কৰিবলৈ সাজু হৈছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা। দীপলিনা ডেকাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰা গীত “মধুলগন” ৰ লগতে শেহতীয়াকৈ মুক্তি লাভ কৰা “কোন তুমি” ৰ পিছত প্ৰণৱৰ প্ৰতিটো গীতৰ বাবেই এতিয়া উৎসাহিত অনুৰাগী।

ফাঁকুৱালৈ মাজত মাত্ৰ কেইটামান দিন বাকীঃ প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাও প্ৰস্তুত নিজৰ গীতক লৈ- 2


অহা ২১ মাৰ্চ তাৰিখে আহিবলগীয়া হোলী কেন্দ্ৰিক গীতটিৰ ভিডিঅ’ ৰ শ্বুটিং কৰা হ’ব। গীতটিত কথা দিছে বৰ্তমান সময়ৰ সকলোৰে পৰিচিত ৰাহুল গৌতম শৰ্মাই লগতে ইয়াত সংগীত কৰিছে Mystic Production House ৰ সৈতে জড়িত তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী পল্লৱ তালুকদাৰে। শব্দ সংমিশ্ৰণ কৰিছে জনপ্ৰিয় ইবচন লাল বৰুৱাৰ লগতে এডিশ্বনেল প্ৰগ্ৰেমিং নৱপ্ৰজন্মৰ প্ৰতিভা মৃন্ময় তালুকদাৰৰ। প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ বেণ্ডমেট কেইগৰাকীৰ সহযোগিতাত নিৰ্মিত গীতটি হোলীৰ সময়ছোৱাতে মুকলি কৰি দিয়া হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। বৰপেটাৰ যুৱক তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত হৃদয় বাবা গীতটিত বাদ্যযন্ত্ৰৰ বিভাগটোত জড়িত। লগতে, প্ৰণৱৰ প্ৰতিটো প্ৰকল্পৰ সৈতেও জড়িত হৃদয় বাবা। উল্লেখ্য যে , ৬ টা গীত সমৃদ্ধ “এক যোগ এক” এলবামটো প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ উল্লেখনীয় প্ৰকল্প; এই এলবামটোৰ আহিবলগীয়া গীতটিৰ নাম হৈছে “যুঁজি যাওঁ”। তেওঁ ইতিমধ্যে এই গীতটিৰো আৰম্ভ কৰিছে প্ৰস্তুষ্টি।

ফাঁকুৱালৈ মাজত মাত্ৰ কেইটামান দিন বাকীঃ প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাও প্ৰস্তুত নিজৰ গীতক লৈ- 3

প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ এই আটাইবোৰ প্ৰকল্পক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা। আহিবলগীয়া দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি যদি কোৱা হয় তেনেহ’লে মনোৰঞ্জন ক্ষেত্ৰখনত পুংখানুপুংখভাৱে অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই এতিয়া অহৰহ প্ৰচেষ্টা হাতত লৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform