বিগত বৰ্ষৰ এক বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হৈছিল প্ৰত্যেকজন জনসাধাৰণ। কেৱল অসম তথা ভাৰতবাসী নহয়; সমগ্ৰ বিশ্ববাসীয়ে সন্মুখীন হ’বলগীয়া হৈছিল এক বিভীষিকাময় পৰিস্থিতিৰ। “ক’ৰোণা ভাইৰাছ” ৰ ফলত হোৱা লক-ডাউনে কেওঁদিশে স্তব্ধতাও সানছিল; বাহিৰলৈ ওলাই গৈ ফুৰি-মেলি থকা সকলো লগতে নিজ কৰ্মৰ বাবে গোটেই দিনটো অথবা গোটেই ৰাতিটো বাহিৰত থকা সকলেও গৃহবন্দী হৈ যাবলগীয়া হৈছিল। কিছুদিনৰ বাবে লক-ডাউনে যদিও এক আমাৰ মনবোৰত বিষণ্ণতাৰ সৃষ্টি কৰিছিল তথাপিও কিন্তু এটা সময়লৈ এই স্তব্ধতাৰ দিনবোৰতে বহু ব্যক্তি অথবা শিল্পী, কলা-কুশলীয়ে নিজ নিজ প্ৰতিভাৰে ভিন্ন নতুন কথাৰ তথা প্ৰকল্পৰ সৃষ্টি কৰিছিল। দৰ্শকৰ সঁহাৰি লাভ কৰা এনে প্ৰকল্পসমূহ অৱশ্যে বৰ্তমানলৈও অব্যাহত ৰখা হৈছে। আপোনালোক নিশ্চয় সংগীতশিল্পী ডনি হাজৰিকাৰ নামটোৰ সৈতে পৰিচিত; বিগত ৩৫ বছৰৰ পৰা মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান। প্ৰায় ৩৫ খনকৈ হিন্দী ধাৰাবাহিক লগতে ১৫ খনকৈ অসমীয়া ছবিৰ সৈতে জড়িত ডনি হাজৰিকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ সৈতেও জড়িত। আপোনালোকৰ নিশ্চয় মনত আছে “আয়া বিহু ঝুম কে” ৰ বিষয়ে; য’ত আমাৰ বাপতি সাহোন বিহুটিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰাৰ মানসেৰে তেওঁ এই প্ৰকল্পটোৰ সৈতে জড়িত কৰোৱাইছিল কেইবাগৰাকীও জনপ্ৰিয় বলীউডৰ কন্ঠশিল্পীক। আচলতে, আজি আমি এইগৰাকী শিল্পীৰ বিষয়ে কোৱাৰ আঁৰত আছে আন এক প্ৰসংগহে। “লক-ডাউন” ৰ সময়ত আমি বহু কন্ঠশিল্পীয়ে চচিয়েল মিডিয়া যোগে লাইভ আহি নিজৰ অনুৰাগীৰ সৈতে কথা পতা দেখিছিলো। কিন্তু, ডনি হাজৰিকাৰ ক্ষেত্ৰত এই কথা সমূহ আছিল কিছু ব্যতিক্ৰম; চচিয়েল মিডিয়া যোগেই এইগৰাকী সংগীতশিল্পীয়ে আৰম্ভ কৰিলে Tete-a-tete নামে এক সুন্দৰ যাত্ৰা।

বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা বৰ্তমান দীঘলীয়া হোৱাৰ সমান্তৰালকৈ সফল আৰু দৰ্শকৰ বহুল সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে। এই লাইভ যাত্ৰা সমূহত ডনি হাজৰিকাই কেৱল মাত্ৰ একোজন জনসাধাৰণৰ পৰিচিত আৰু চচিয়েল মিডিয়াৰ সৈতে সক্ৰিয় সংগীতশিল্পীকেই লৈ অনা নাছিল; তেওঁ নিজৰ এই প্ৰচেষ্টাত সন্নিৱিষ্ট কৰিছিল এনে কিছু সংগীতশিল্পী যিগৰাকীৰ কামসমূহ আমাৰ চিনাকী যদিও তেওঁক এগৰাকী ব্যক্তিৰূপে বৰ্তমানলৈ প্ৰায় জনসাধাৰণ পৰিচিত নহয়। লাইভ সমূহত ডনি হাজৰিকাই তেওঁলোকৰ সাংগীতিক যাত্ৰাটোৰ বিষয়ে কথা পতাৰ লগতে তেওঁলোকৰ জীৱনৰ কিছু নজনা কথা জানিবলৈ অথবা জনসাধাৰণৰ মাজত উলিয়াই আনিবলৈও চেষ্টা কৰিছিল। প্ৰত্যেকটো শনিবাৰে কৰা এই “Tete-a-tete” লাইভ অনুষ্ঠান সমূহত পিছলৈ ডনি হাজৰিকাই একোজন তেওঁৰ চিনাকী মনোবৈজ্ঞানিক, চিকিৎসক আদিকো মতাই আনিছিল। “লক-ডাউন” ৰ সময়ত একাংশৰ ওপৰত পৰা মানসিক হেঁচা লগতে এগৰাকী সংগীতশিল্পীয়ে গোটেই ৰাতি কাম কৰা ফলত দৈহিকভাৱে কেনে পৰিৱৰ্তন হ’ব পাৰে আদি বহুখিনি বিষয়ক লৈ হোৱা বাৰ্তালাপ সমূহে আন বহু শিল্পীক উপকৃত কৰিবলৈ সক্ষম হৈছিল।

ডনি হাজৰিকাৰ এনে পদক্ষেপত বৰ্তমান বহু শিল্পী উৎসাহিত হৈছে। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।
Add comment