Rupaliparda.com
সমাগত বহাগ বিহু; বিহুৰ প্ৰাকক্ষণত ৰূপাংকৃতা কলিতা-অলংকৃতা কলিতাৰ "তোৰা বটিয়া" 1

সমাগত বহাগ বিহু; বিহুৰ প্ৰাকক্ষণত ৰূপাংকৃতা কলিতা-অলংকৃতা কলিতাৰ “তোৰা বটিয়া”

সমাগত বহাগ বিহু; বিহুৰ বাবে সৰ্বত্ৰে চলিছে প্ৰস্তুতি। কন্ঠশিল্পী সমূহো ৰঙালী বিহুৰ বাবে নিজ প্ৰস্তুতি অব্যাহত ৰাখিছে। নতুন বছৰত এটি নতুন গীতৰ সৈতে ৰাইজৰ কাষ চাপিছে ওৱণ্ডাৰ চিষ্টাৰচ খ্যাত অলংকৃতা আৰু ৰূপাংকৃতা কলিতা। “তোৰা বটিয়া” শীৰ্ষক এটি নতুন বিহু গীতৰ সৈতে অনুৰাগীৰ মাজলৈ আকৌ এবাৰ আহিবলৈ সক্ষম হৈছে উক্ত ভগ্নীৰ যুঁটিটো। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত যুঁটিটোৰ “প্ৰেমৰে বেহেলা” শীৰ্ষক গীতটিয়েও লাভ কৰিছে জনপ্ৰিয়তা। গুৱাহাটী নাৰেংগী নিবাসী উক্ত যুঁটিটোৰ নাম বৰ্তমান সকলোৰেই বাবে পৰিচিত। ৰূপাংকৃতাই নিজৰ ডেবিউ গীতেই পৰিৱেশন কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে। প্ৰায়বোৰ মঞ্চানুষ্ঠানত আমন্ত্ৰণ জনোৱা এই দুয়োগৰাকী গায়িকা গীতসমূহে সমাদৰো লাভ কৰে শ্ৰোতা ও দৰ্শকৰ। এওঁলোকৰ গীতসমূহৰ উপৰিও দুই ভগ্নীৰ একেধৰণৰ পিন্ধনেও দৰ্শকক আকৰ্ষিত কৰে। মঞ্চত তথা কোনো অনুষ্ঠানত যেতিয়াই দুই ভগ্নীক একেলগে দেখা হয়; দুয়োকে একে ধৰণৰ কাপোৰৰ সৈতেই দেখে দৰ্শকে।

সমাগত বহাগ বিহু; বিহুৰ প্ৰাকক্ষণত ৰূপাংকৃতা কলিতা-অলংকৃতা কলিতাৰ "তোৰা বটিয়া" 2


তেওঁলোকৰ প্ৰতিটো মুক্তিপ্ৰাপ্ত গীতেই আচলতে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ উদাহৰণ তেওঁলোকৰ গীত “চেৰেক চেৰেক” অথবা “বাবৰি বাবৰি” ৰ পৰাই পাব পৰা যায়। অনুৰাগীক আকৰ্ষণ কৰি তোলাৰ বাবে এওঁলোকে প্ৰায় একোটা গীতৰ কভাৰ প্ৰস্তুত কৰাও দেখিবলৈ পোৱা যায়। বিগত বৰ্ষৰ বিহুত মুক্তিপ্ৰাপ্ত তেওঁলোকৰ আন এটি বিহুগীত “বহাগী বহাগী” য়েও জনসাধাৰণৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.