কোনো এটা দিশত নিজক আগবঢ়াই লৈ যোৱাত সদায় আমাক প্ৰথম সহায় কৰে আমাৰ ঘৰখনে; নিজৰ মা-দেউতাই দিয়া সাহস আৰু আগ্ৰহ বোৰৰ বাবেই আমি নিষ্ঠাৰে কোনো এটা দিশত আগবাঢ়িবলৈ সক্ষম হওঁ। আমাৰ অসমীয়া মনোৰঞ্জন জগত খন অৱশ্যে সেইবাবেই ইমান গ্ৰহণযোগ্য; কাৰণ ইয়াত অভিভাৱকে দিয়া উৎসাহৰ বাবে তেওঁলোকৰ সন্তানে আজি তেওঁলোককেই গৌৰম্বিত কৰি ৰাখিবলৈ সক্ষম হৈছে। পিতৃৰ সৈতে ভাওঁনালৈ গৈ এই দিশটোৰ প্ৰতি আগ্ৰহী হোৱা টিকেন্দ্ৰজিৎ শেহতীয়াকৈ অভিনয় দিশটোত পৰিপক্ক হৈ উঠিছে; নৱপ্ৰজন্মৰ এই প্ৰতিভা গৰাকীৰ নামটোৰ সৈতে আপোনালোক আটাই বৰ বেছি পৰিচিত নহ’লেও তেওঁৰ কাম সমূহে দৰ্শকৰ ওচৰত প্ৰতিভাগৰাকীক উপভোগ্য কৰি তুলিছে। তেওঁৰ সৈতে ৰূপালীপৰ্দাৰ ফালৰ পৰা আমি পাতিছিলো এক্সক্লুচিভলি কিছু কথা-বতৰা। অভিনয় দিশটোৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত এই প্ৰতিভাগৰাকীয়ে কয় যে, “অভিনয় দিশটোত খুব সৰুৰ পৰাই জড়িত বুলিয়ে ক’ব লাগিব কিয়নো মোৰ দেউতাই ভাওঁনা কৰিছিল; দেউতাক দেখি মোৰো মন গৈছিল ভাওঁনাৰ কাপোৰ পিন্ধি যুদ্ধ কৰিবলৈ। দেউতাৰ গাঁওৰ ঘৰত যাওঁতে এবাৰ ভাওনাৰ মাজত ওলোৱা ছং কৰিছিলো তেতিয়া মই তৃতীয় শ্ৰেণী মানত আছিলো; পৰৱৰ্তী সময়ত ষষ্ঠ শ্ৰেণীৰ পৰা ভাওঁনাত অভিনয় কৰিছো। সেই সময়ছোৱাত প্ৰায় ২০ খন মান ভাওঁনা মই কৰিলো। পিছলৈ নাটক কৰিছিলো স্কুলত; অষ্টম মান শ্ৰেণীত পঢ়ি থকা সময়ত। তাৰ পাছত, কলেজলৈ আহি নাটক কৰিছো; ২০১৩ চনৰ পৰা চলি থকা এই যাত্ৰা বৰ্তমানেও অব্যাহত আছে।” বৰ্তমানৰ অসমীয়া অভিনয় ক্ষেত্ৰখনত থকা কি বস্তুক আৰু কিয় সলনি কৰিব বিচাৰে বুলি প্ৰশ্ন কৰাত নৱপ্ৰজন্মৰ এই প্ৰতিভা গৰাকীয়ে কয় যে, “অসমৰ বৰ্তমানৰ অভিনয় ক্ষেত্ৰখনত মোৰ কিবা সলনি কৰিবলগীয়া আছে বুলি পোনছাতেই মনে নধৰে; অতীজৰে পৰা অভিনয় শৈলীৰ ভিন্নতাৰে বিভিন্ন মাধ্যমত বিজ্ঞসকলে নিজ-নিজ চৰ্চা অব্যাহত ৰাখিছে। সাহিত্য-সংস্কৃতিৰে সমৃদ্ধ অসমত এনে অভিনয় মাধ্যমৰ ভিন্নতাই অভিনেতাসকলক ইচ্ছানুযায়ী চৰ্চাৰ এটা নিজস্ব পথ বিচাৰি ল’ব পৰাৰ সুযোগ প্ৰদান কৰিছে। বৰ্তমান আমাৰ চলচ্চিত্ৰ উদ্যোগটোৰ ব্যৱসায়িক তথা ছবি নিৰ্মাণৰ মানদণ্ডত ঘটা উত্তৰণ আমাৰ দৰে কলাপ্ৰেমী সকলৰ বাবে এক সু-খবৰ।”
টিকেন্দ্ৰজিতে আগলৈ কয় যে, ” উদ্যোগটোৰ এই প্ৰসাৰতাই নৱ প্ৰজন্মৰ বহু নিৰ্মাতা তথা কলা-কুশলীক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে। এজন অভিনেতা হিচাপে মই মাত্ৰ আশা কৰো যে অনাগত দিনত অসমৰ চলচ্চিত্ৰ উদ্যোগটো ভাৰতবৰ্ষৰ মালয়ালম, তামিল, মাৰাঠী, পশ্চিমবংগ আদি চলচ্চিত্ৰ উদ্যোগ সমূহৰ দৰে অধিক “Ethnic” হৈ উঠক; শিল্পী সকলৰ দূৰ্দিনৰ সময়ত যাতে সাহাৰ্য্যৰ বাবে হাবাথুৰি খাবলগীয়া নহয় তেনে পৰিবেশ ৰচনা হওঁক। ভাওঁনা, নাটক, চিনেমা-ধাৰাবাহিক , সংগীত আদিবোৰৰ সৈতে জড়িত শিল্পী সকলৰ কৰ্মনিষ্ঠতা তথা দায়িত্ববোধ বৃদ্ধি হওঁক।যোগ্যজনে প্ৰাপ্য স্বীকৃতি লাভ কৰক, সিমানেই আশা ৰাখিছো।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “তেনে কোনা প্ৰকল্পৰ সৈতে জড়িত নহয়। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চিক্কিমত অধ্যয়ন কৰি আছো। মাৰ্চৰ শেষত মই পাছ কৰি ওলাই আহিম; বৰ্তমান আমাৰ শেষৰ নাটকখনৰ কামত লাগি আছো। “লক ডাউন” ৰ সময়ছোৱাত নিজেই এখন শিশু কেন্দ্ৰিক চুটি ছবি নিৰ্মাণ কৰিলো। সম্পাদনাৰ কাম কৰি থকা হৈছে; মোৰ বন্ধু এজনৰ চুটি ছবি এখনতো অভিনয় কৰিলো। “লক-ডাউন” ত ঘৰলৈ গৈ থাকোতে মোবাইলৰ সহযোগত দৃশ্যগ্ৰহণ কৰা হৈছিল; কিছুদিন পূৰ্বে তেওঁৰেই কবিতা এটাত অভিনয় কৰিছিলো যিটো বৰ্তমান সম্পাদনা হৈ আছে।
নাটকৰ কৰ্মশালা সৈতেও জড়িত হৈছিলো। বাকী সপোন ঢেৰ আছে অভিনয় জগত খনত এজন অভিনেতা ৰূপে নিজক সন্ধান কৰাৰ। তাৰোপৰি নিজাকৈ ৩-৪ খন চুটি ছবিৰ চিত্ৰনাট্য লিখি উলিয়াইছিলো সেই খিনি পৰিচালনা কৰি উলিওৱাৰ মন আছে যদিও তাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব। তাৰ পূৰ্বে, এখন তথ্যচিত্ৰ উলিওৱাৰ বহু দিনীয়া সপোন আছিল তাৰ ওপৰত সদ্যহতে কাম আগবঢ়াম।” টিকেন্দ্ৰজিতৰ দৰে একাংশ এনে প্ৰতিভাৰ কৰ্মোদ্যমে প্ৰত্যেককে উৎসাহিত কৰে। নহয়নে বাৰু? ৰূপালীপৰ্দাৰ তৰফৰ পৰা এইগৰাকী প্ৰতিভাক জনাইছো অলেখ শুভকামনা।
Add comment