Rupaliparda.com
"ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক"- মিনাংক ডেকা 1

“ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক”- মিনাংক ডেকা

“বিশ্ব মূকাভিনয় দিৱস” উপলক্ষে আজি ৰাষ্ট্ৰীয় মূকাভিনয় শিল্পী মিনাংক ডেকাৰ আন এক প্ৰচেষ্টা। জনপ্ৰিয় কলা যদিও আজিও ক’ৰবাত চৰ্চাৰ পৰা বিমুখ হৈ থকা মূকাভিনয়ক জনসাধাৰণৰ ওচৰত প্ৰচাৰ কৰিবলৈ বিগত দিনৰ পৰা চলাই থকা মিনাংক ডেকাৰ প্ৰচেষ্টাত উৎসাহিত হৈছে জনসাধাৰণো। ২২ মাৰ্চ তাৰিখে সৰ্বত্ৰে সকলোৱে উদযাপন কৰা বিশ্ব মূকাভিনয় দিৱস উপলক্ষে এই মূকাভিনেতা গৰাকীৰ নেতৃত্বত যোৱা চাৰিজনীয়া এটি দলে গুৱাহাটী ক্লাৱৰ পৰা ফাঁচী বজাৰ অভিমুখে এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে। “ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক” শীৰ্ষক মূকাভিনয় প্ৰদৰ্শন কৰি ৰাজপথ, বাছ আস্থানকে ধৰি ফুটপাথ, বজাৰ তথা বাছৰ ভিতৰত প্ৰদৰ্শন কৰে। জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰে মূকাভিনয় প্ৰদৰ্শনকাৰী দলটোৰ প্ৰত্যেকগৰাকী শিল্পীয়ে। কেৱল মাত্ৰ মূকাভিনয় দিৱস বুলিয়েই নহয়; ইয়াৰ পূৰ্বেও মিনাংক ডেকাই নিজাববীয়াকৈ বহুবাৰ জনসাধাৰণৰ ওচৰত সজাগতামূলক কাৰ্যসূচীৰে মূকাভিনয় প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিল। মিনাংক ডেকাক লৈ এতিয়া একাংশ নৱপ্ৰজন্ম মূকাভিনয় শিল্পটোৰ প্ৰতি আগ্ৰহী হৈ পৰাও দেখিবলৈ পোৱা যায়।

"ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক"- মিনাংক ডেকা 2
"ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক"- মিনাংক ডেকা 3


কিছুদিন পূৰ্বে মিনাংক ডেকাই অসমৰ পৰা প্ৰকাশিত ভাৰতৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল “নির্বাক” প্ৰস্তুত কৰি উলিয়াইছিল। জাৰ্নেল খন মিনাংক ডেকাৰ এক সপোনৰ প্ৰকল্প হোৱাৰ লগতে “নিৰ্বাক” ৰ দ্বাৰা মুকাভিনয় শিল্পটোৰ প্ৰতি নৱপ্ৰজন্ম তথা উত্তৰ প্ৰজন্মক বহুল হাৰত আকৰ্ষিত হ’ব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উক্ত দ্বিভাষিক পত্ৰিকাখনত অসমৰ বহু লেখক- শিল্পীয়ে প্ৰবন্ধ লেখাৰ উপৰি বিশেষকৈ মেক্সিকো, ফ্ৰান্স, জাৰ্মানী আদি বিভিন্ন দেশৰ মুকাভিনয় শিল্পীয়ে এই বিশ্বজনীন শিল্পটোৰ বিষয়ে বিশদ ভাৱে লিখিছে। শিশুৰ শাৰিৰীক তথা মানসিক বিকাশত মুকাভিনয়ৰ যে যথেষ্ট ভূমিকা আছে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিও বিজ্ঞানসন্মত ভাৱে আগবাঢ়িব চেষ্টা কৰিছে মিনাংক ডেকাই। ক’ৰোণা কালছোৱাত মাইমেৰে জনসাধাৰণৰ মাজত সজাগতা বঢ়োৱাত আগ-ভাগ লৈছিল মিনাংক ডেকাই। শিল্পীগৰাকীয়ে বিগত বৰ্ষত ইউটিউব যোগেও মুকলি কৰিছিল এটা “ক’ৰ’ণা ভাইৰাছ সজাগতা ভিডিঅ”।

"ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক"- মিনাংক ডেকা 4
"ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক"- মিনাংক ডেকা 5

এনে একোগৰাকী নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰ বাবেই আচলতে সম্প্ৰতি সময়ছোৱাত বহু গঠনমূলক কামেৰে অসমৰ মনোৰঞ্জন ক্ষেত্ৰখন চহকী হৈ পৰিছে। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অলেখ শুভকামনা।

1 comment

Leave a Reply