শেহতীয়াকৈ ঘোষণা কৰা হৈছে ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা। দিল্লীত ঘোষণা কৰা এই বঁটানুষ্ঠানত প্ৰদান কৰা একাংশ বঁটাক লৈ চৰ্চাও আৰম্ভ হৈছে সচেতন মহলত। অসমীয়া ভাষাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে জনপ্ৰিয় পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত “ৰণুৱা-Who Never Surrenders” শীৰ্ষক ছবিখনে; এই ছবিখনে লাভ কৰিছে “ৰজত কমল” বঁটা। আনহাতে সমকামিতাৰ বিষয়বস্তুক লৈ নিৰ্মিত “জোনাকী পৰুৱা” ছবিখনে লাভ কৰে জুৰীৰ বিশেষ উল্লেখ বঁটা। প্ৰকাশ ডেকাৰ দ্বাৰা পৰিচালিত এই ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ লগতে ছবিখনে দৰ্শকৰ পৰা বহুল হাৰত প্ৰশংসাও লাভ কৰিবলৈও সক্ষম হয়। এইবাৰৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয় বি-টাউনৰ কুইন কংগনা ৰাণাওঁটক। “মণিকৰ্ণিকা” তথা “পাংগা” ছবিখনৰ বাবে অভিনেত্ৰী গৰাকীয়ে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ। সমান্তৰালকৈ, অভিনেতা মনোজ বাজপেয়ী আৰু ধনুষে যুঁটীয়াভাৱে লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ। “ভোচলে” ৰ বাবে মনোজ বাজপেয়ী লগতে “অসুৰন” ৰ বাবে ধনুষে লাভ কৰে এই বঁটা।


ইয়াৰ উপৰিও, আজি ঘোষিত ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ বছৰটোৰ শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰে মালায়ালম ভাষাৰ ছবি “মাৰাক্কৰ- Life of Arabian Sea” নামে ছবিখনে। আনহাতে, বিগত বৰ্ষত নিজ বাসগৃহতেই মৃত্যুক আঁকোৱালি লোৱা অভিনেতা সুশান্ত সিং ৰাজপুতৰ বহু সমাদৃত ছবি “চিছৰে” য়ে লাভ কৰে হিন্দী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান।
Add comment