Rupaliparda.com
"মোৰ খং উঠে যেতিয়া আমাক কষ্ট নকৰা বুলি কয়"- সুৰজ পাঞ্চলী 1

“মোৰ খং উঠে যেতিয়া আমাক কষ্ট নকৰা বুলি কয়”- সুৰজ পাঞ্চলী

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউডত নেপোটিজিমৰ প্ৰসংগটো সক্ৰিয় হৈ পৰিছে। যদিও এই প্ৰসংগটো পূৰ্বৰে পৰা চলি আছিল তথাপিও বৰ্তমান এই বিষয়টোক লৈ সকলোৱে খুলি কথা ক’বলৈ আৰম্ভ কৰিছে। প্ৰত্যেকে বৰ্তমান এইটোৱে মনত লৈছে যে এই ইণ্ড্ৰাষ্ট্ৰীটোত কেৱল মাত্ৰ সুবিধা লাভ কৰে ষ্টাৰ কিডচ সকলেহে। শেহতীয়াকৈ এই বিষয়ত নিজ মুখ খুলিছে অভিনেতা সুৰজ পাঞ্চলীয়ে। তেওঁৰ মতে এই ক্ষেত্ৰখনত নিজৰ এটা বিশেষ ঠাই বনোৱাতো প্ৰত্যেকৰে বাবে অসুবিধা অথবা টান। এক সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁক নেপোটিজিমৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “মই এইটো নকওঁ যে এয়া সকলোৰে বাবে সহজ। কেৱল মাত্ৰ সকলোতকৈ ভাল বোৰেহে এই ক্ষেত্ৰখনত থাকিবলৈ সুবিধা লাভ কৰে; বাকী কোনো নোৱাৰে। এয়া সকলো ভাল পৰিয়ালৰ প্ৰতিজন ভাল সন্তানৰ সৈতেই হৈছে। মোৰ খং উঠে যেতিয়া কোৱা হয় যে আমি কষ্ট নকৰো। ফিল্ম ইণ্ডাষ্টী সকলোৰে বাবেই সমান হয়; ইয়াক একাংশ পৰিয়ালৰ সদস্যই বেয়া পায়। চচিয়েল মিডিয়াইও ইয়াত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে; ইয়াত এতিয়া প্ৰতিজন লোকেই আলোচক আৰু ইয়াত হিংসা এক চেকেণ্ডত বিয়পি পৰে। ষ্টাৰ কিডচ বোৰে এই চচিয়েল মিডিয়াত হোৱা হিংসা বোৰৰ সৈতে যুঁজ কৰাটোৱেই কেতিয়াবা কঠিন কাম হৈ পৰে।”

"মোৰ খং উঠে যেতিয়া আমাক কষ্ট নকৰা বুলি কয়"- সুৰজ পাঞ্চলী 2
"মোৰ খং উঠে যেতিয়া আমাক কষ্ট নকৰা বুলি কয়"- সুৰজ পাঞ্চলী 3


সুৰজ পাঞ্চলীয়ে একচন ছবিত অভিনয় কৰি ভাল পায় বুলি কোৱাৰ লগতে তেওঁ ইয়াৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত সুৰজ পাঞ্চলীৰ ওপৰত অধিক হাৰত কিছুমান আৰোপ লগোৱা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ প্ৰতিউত্তৰত অৱশ্যে অভিনেতাগৰাকীয়ে বহুবাৰ নিজ মন্তব্য প্ৰকাশ কৰিছে

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.