আমাৰ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত এনে একাংশ অভিনেতা আছে যাৰ এই অভিনয় যাত্ৰাটো নিজৰ জন্ম ঠাই খনৰ পৰাই আৰম্ভ হৈছিল। জন্মিয়ে খুলীয়া, ভাঁৱৰীয়া, ওজা পালি, নাঙেলী গীত, আই নাম, বিয়া নাম, চেৰাঢেক, চিয়া গীত, বৰ ঢুলীয়া, ঢেপা ঢুলীয়া, নাগাৰা নাম, চেও চাপৰি আদিৰ দৰে জনপ্ৰিয় লোক কলা সমূহ যেতিয়া একোজন অভিনেতাই হৃদয়ংগম কৰিবলৈ পাই তেতিয়া তেওঁৰ গাত এই সাংস্কৃতিক দিশটোত আগবঢ়া পোকটো দিনক দিনে বৃদ্ধি পাবলৈ ধৰে। এনে এগৰাকী অভিনেতাৰ নাম হৈছে কুলদ্বীপ চহৰীয়া; তেওঁৰ অভিনয়ৰ প্ৰতি শ্ৰদ্ধা আৰু মৰমে আজিৰ সময়ছোৱাত তেওঁক জনসাধাৰণৰ বাবে চিনাকী আৰু প্ৰতিষ্ঠিত কৰি তুলিছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা এইগৰাকী অভিনেতাৰ সৈতে আমি পাতিছিলো কিছু এক্সক্লুচিভ কথা বতৰা; অভিনয়ৰ দিশটোত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, ” পোন প্ৰথমে মই ৰূপালী পৰ্দাক মোৰ আন্তৰিক ধন্যবাদ তথা নমস্কাৰ জনাইছো। আমাৰ দৰে নাট্যকৰ্মী তথা বোলছবি কৰ্মী সকলৰ লগত সংযোগ স্থাপনেৰে ভাবৰ আদান প্ৰদান কৰি আমাক সাহস আৰু শকতি প্ৰদান কৰাৰ বাবে। আমাৰ গাঁওখন আছিল লোক কলা কৃষ্টি আৰু সাংস্কৃতিক অনুষ্ঠানেৰে ভৰপূৰ গাঁও। আগতে আমাৰ প্ৰাথমিক বিদ্যালয়ত শনিবৰীয়া চ’ৰা হৈছিল আৰু দুমাহৰ মূৰে মূৰে সেই অঞ্চলৰ সমূহ বিদ্যালয় এক লগ হৈ এখনকৈ অনুষ্ঠান অনুষ্ঠিত কৰিছিল; তেতিয়া আমাক শিক্ষা গুৰু সকলে পাঠ্যপুঠিৰ লগতে শিলৰ চোলা, পানীৰ বেজী , ৰজা আৰু ভাটৌ চৰাই , কন্তকৰামৰ সাধু আদি পাঠ নাটক আকাৰে আমাৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ কৈছিল; সেই আছিল দৰ্শকৰ আগত প্ৰথম। এইফালে মোৰ ককা আছিল এগৰাকী লোক শিল্পী অৰ্থাৎ এগৰাকী ওজা; সমান্তৰালকৈ মোৰ দেউতা, খুড়া, পেহী সকলোৱে লোক
অভিনয়ৰ সৈতে জড়িত আছিল। সেই সময়ছোৱাতে, মোৰ অনিচ্ছা স্বত্বেও মোক পেহীয়ে ধৰি বান্ধি আনি গাওঁবোৰত হোৱা ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰোৱাইছিল।”

তেওঁ আগলৈ কয় যে, পিছলৈ মহাবিদ্যালয় পালো; মোৰ মেজৰ বিষয় আছিল অসমীয়া। ভাষা সাহিত্য পঢ়াৰ লগে লগে বন্ধু তথা ছাৰ বাইদেউ সকলৰ তাগিদাত নিজেও চৰ্চা কৰিবলগীয়াত পৰিলো; নিচা হৈ পৰিল আৰু এই সাহিত্য আৰু কলাৰ চৰ্চা পূৰ্ণদ্যোমেই চলি থাকিল। মাষ্টাৰ ডিগ্ৰী কৰি থকা সময়ত চেক্সপীয়েৰ পৰা ভেন গঘ আদি মনিষীৰ কৃতি, শংকৰ গুৰু, জ্যোতি বিষ্ণু, ফণী শৰ্মাৰ দৰে আন বহু মহান মহান ব্যক্তিৰ সৃষ্টি বোৰ পঢ়িব পালো। আৰু, একে সময়তে মুখামুখি হ’লো জিলা খনত নাটকৰ গৱেষণা কৰি থকা , আধুনিক নাটকেৰে অসমক প্ৰতিনিধিত্ব কৰি থকা মহান অগ্ৰজ সকলক। এনেকৈয়ে এদিন হঠাৎ কলেজৰ ক্লাছ কৰি আহি থাকোঁতে এটা ৰুমত কিছু হূলস্থূল শুনিলোঁ আৰু খিৰিকীৰে চাই দেখিলোঁ এজন মানুহে কিবা এটা কৰি আছে আৰু এজাক লৰা ছোৱালীয়ে তাক ৰিপিত কৰি আছে। এনেকৈ খিৰিকীৰে জুমি জুমি চাই থাকিলো তিনিদিন। এদিন হঠাৎ শিকাই থকা মানুহ জনে দেখি মোক ভিতৰত মাতি লৈ গ’ল। আৰু, ক’লে কৰিবি নেকি? মই ক’লো কি ? তেওঁ কলে এয়া নাটকৰ কৰ্মশালা। কিনো নাটকৰ কৰ্মশালা বুজি নাপালোঁ কিন্তু ক’লো শিকিব দিলে শিকিম। সেয়া আছিল কলেজৰ সাংস্কৃতিক বিভাগে পতা ১০ দিনীয়া নাট্য কৰ্মশালা । তিনি দিন যোৱাৰ পিছত এই অভাজনে অংশগ্ৰহণ কৰিলোঁ প্ৰশিক্ষক জনৰ কৃপাত। তেতিয়াই সেই প্ৰশিক্ষক জনৰ লগত সম্পৰ্ক গঢ় ললে আৰু বুজি উঠিলো অভিনয়ৰো যে প্ৰশিক্ষণৰ প্ৰয়োজন, ইয়াৰো যে বিজ্ঞান সন্মত অধ্যয়নৰ প্ৰয়োজন। এনেকৈয়ে “national young artist scholarship” ৰ পুৰষ্কাৰ লাভ কৰিছিলো, তাত মাহিলী ৫০০০ কৈ দুবছৰ অধ্যয়নৰ বাবে টকা পালো, সিয়ে এটা সাহস দিলে। ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ চিকিম শাখাত উত্তীৰ্ণ হ’লো; তাত আচলতে বুজিবলৈ সক্ষম হৈছিলো যে মই অভিনয়ৰ সম্পৰ্কে এতিয়ালৈ একো নাজানো। নিজক মজবুত কৰিব ট্ৰেইনিং পালো আৰু এতিয়া গঢ়াৰ প্ৰস্তুতি চলি আছে।”

নাটক তথা ছবিত কৰা অভিনয়ৰ মাজত কি পাৰ্থক্য আছে বুলি প্ৰশ্ন কৰাত কুলদ্বীপ চহৰীয়াই কয় যে, “নাটক আৰু ছবিত কৰা অভিনয়ৰ মাজত পাৰ্থক্য আছে; মই অভিনেতা হিচাপে পোৱা পাৰ্থক্য হ’ল যে নাটকত যিমান যথাৰ্থবাদী অভিনয়ে নহওঁক কিয় তাত অভিনেতা জনে “larger then life” কৰিবলগীয়া হয়েই। দৰ্শকৰ প্ৰথম শাৰীৰ পৰা শেষ শাৰীলৈ স্পষ্টকৈ সংলাপ শৰীৰ সঞ্চালন অভিব্যক্তি আদি প্ৰক্ষেপন কৰিবই লাগিব। গতিকে, অভিনয়ত অভিনেতা জন ১% হলেও larger then life হ’বলগীয়া হয়। আৰু, তাৰ সমান্তৰালভাৱে কেমেৰাৰ বাবে কৰা অভিনয়ত অভিনেতা জনে অভিনয়ত কোনো “larger then life” কৰাৰ প্ৰয়োজন নাই; ই যিমান পাৰি ক্ষুদ্ৰ-সামান্য (দৈনন্দিন জীৱনত আমি যি ধৰণে আচৰণ কৰো)। ইয়াৰ লগত প্ৰযুক্তি অংগ অঙ্গা অঙ্গী বিষয়। কিন্তু চৰিত্ৰ নিৰ্মাণ , চৰিত্ৰ তৈয়াৰী এইবোৰ একেই; ইয়াৰ কোনো পাৰ্থক্য মোৰ দৃষ্টিত ধৰা নপৰে। পাৰ্থক্য অভিনয় পৰিবেশন শৈলীতহে। বাকী পৰিচালনা , মেক আপ , পোছাক আদিৰ দিশত পাৰ্থক্য বহুতেই বেছি।”

আগন্তুক পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত অভিনেতা গৰাকীয়ে কয় যে, “সদ্য হতে “বুৰ্বকৰ খেল” নামৰ পূৰ্ণদৈৰ্ঘ্যৰ কথা ছবি এখন আহি আছে; তাত মুখ্য চৰিত্ৰত অভিনয় কৰিছো। ছবিখনৰ পৰিচালনা অস্বীন কেলকৰ। আনহাতে, পৰিকল্পনাৰ এখন ডাঙৰ পাহাৰ আছে; তাৰে এটা মাত্ৰ টিলাও যদি পাৰ হ’ব পাৰো সেয়া মোৰ সোভাগ্য । কেতিয়াবা ভয় খাই উঠো, হতাশা-দুখে হেঁচি ধৰে । আমি জীয়াই থকা সমসাময়িক সময়ৰ কথা ভাবি; মানুহ – প্ৰকৃতি এই দুটা শব্দই আলোড়িত কৰে মাজে মাজে। পৃথিৱীৰ সকলো মানুহে হাঁহি থাকক, সকলোৱে আনন্দ মনে জীৱন পাৰ কৰক। সকলো আপোন সত্তাই উৰুৱাওক উজ্বল নিচান , প্ৰাণ ভৰি প্ৰাণখুলি জীয়াই থাকক সকলোৱে সকলোৰ ওচৰত, এই ধৰণৰ বিষয় বোৰটো আছেই। লোক কলা-সাহিত্য , আধুনিক নাটক , আৰু ব্যক্তিগত ভাবে ছবিৰ কাম চলি আছে । নতুন নতুন সত্যৰ উদ্ঘাটন হৈ আছে; অভিনেতা হিচাপে হাজাৰ বাৰ মৰিছো, হাজাৰ বাৰ জী উঠিছোঁ, গঢ়িব যত্ন কৰিছো হাজাৰ বাৰ। নতুন নাটক কেইবাখনৰো কাম আৰম্ভ হৈছে,গানৰ কাম আৰম্ভ হৈছে। দুই তিনিখন ছবিত কাষৰীয়া চৰিত্ৰ আৰু দুখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছো। তাৰেই কামত এতিয়া মুম্বাইত আছোহি। গৈয়ে আৰম্ভ কৰিম নাটকৰ কাম।”
Add comment