Rupaliparda.com
এখন অন্তৰ্যুদ্ধ আৰু মানৱ জ্যোতি বৰুৱাৰ "অপৰাহ্ন" 1

এখন অন্তৰ্যুদ্ধ আৰু মানৱ জ্যোতি বৰুৱাৰ “অপৰাহ্ন”

কেতিয়াবা কোনো এটা সময়ত এজন সৃষ্টিশীল মনোবৃত্তিৰ ব্যক্তিৰ মন-মগজুত অলেখ ভাৱনাই ক্ৰিয়া কৰি থাকে। সৃষ্টিৰ মাজতেই দোলা দি ধৰে বহু চিন্তাই, বহু ভাৱনাই। প্ৰতিজন শিল্পী, কলা-কুশলীয়ে কোনো এটা নিৰ্দ্দিষ্ট বস্তু নিজাববীয়াকৈ সৃষ্টি কৰিবলৈ বিচাৰিলে তাত একাংশ চিন্তাই অহৰহ ক্ৰিয়া কৰি গৈ থাকে। সেইবাবে কবিয়ে হয়টো নিজৰ ভাৱনাক শব্দৰে প্ৰকাশ কৰিবলৈ কেইবাখনো পৃষ্ঠাৰ বলি দিবলগীয়া হয়; আনহাতে এজন চিত্ৰকাৰেও তেওঁ সৃষ্টিক আঁকাৰ দিবলৈ বহুখিনি চিন্তা কৰিবলগীয়া হয়। আমাৰ মন-মগজু আচলতে একেটা ঠাইতে একেটা চিন্তাকেই লৈ ই স্থাৱৰ হৈ নাথাকে; মনস্তাত্ত্বিক ভাৱনাৰ খেলি-মেলি সকলোৰে হয়। আমি সাধাৰণ জনে সদায় এখন মনৰ ভিতৰৰ অন্তৰ্যুদ্ধ কৰো; এইটো হ’লে কেনে হ’ব অথবা এইটো নোহোৱা হ’লেনো কেনে হ’লহেঁতেন আদি ভিন্ন কথাৰ উত্তৰবোৰ বিচাৰি ফুৰো। মুঠতে; জীৱনৰ আন এক সংজ্ঞাই হৈছে সংগ্ৰাম। সেয়া লাগিলে নিজৰ নিজৰেই লগতেইনো নহওঁক কিয়! বিগত বৰ্ষৰ প্ৰায় এইখিনি সময়ৰ পৰাই সমগ্ৰ বিশ্বত স্তব্ধতাই বিৰাজ কৰিছিল। স্বব্ধতা যদিও অইন বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল; তৎস্বত্বেও এই স্তব্ধতাই গ্ৰাস কৰিব পৰা নাছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক। একাংশৰ প্ৰতিভাৰ আৱিৰ্ভাবৰ লগতে বহু নৱপ্ৰজন্মৰ সুন্দৰ কাম সমূহ আমি উপভোগ কৰিবলৈ সক্ষম হৈছিলো। ঠিক সেইখিনি সময়ৰ পৰাই আমি একোখন অসমীয়া চুটি ছবি সমূহৰ মুক্তিক লৈ উৎসাহিত হৈ পৰিছো; নতুন বিষয়বস্তু সমূহৰ সোঁৱাদ ল’বলৈ উৎকন্ঠিত হৈছো। শেহতীয়াকৈ, মানৱ জ্যোতি বৰুৱাৰ দ্বাৰা পৰিচালিত “অপৰাহ্ন” য়ে ঘৰুৱা দৰ্শকৰ সমুখত লাভ কৰিছে মুক্তি। চুটি ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ সমান্তৰালকৈ ই পুৰস্কৃত হ’বলৈও সক্ষম হৈছে।


Bioscope Production ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনতো এগৰাকী শিল্পীয়ে নিজ সৃষ্টিক আকাৰ দিবলৈ কৰা সংগ্ৰাম আৰু অন্তৰ্যুদ্ধৰ কাহিনীক উপস্থাপন কৰা হৈছে। কৈলাশ বকোটেইলে ৰচনা কৰা এটি কবিতাৰ মাজেৰে চুটি ছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে। “অপৰাহ্ন” ৰ প্ৰযোজনাৰ দায়িত্বত আছে মৌচুমী বৰগৈয়াৰী আৰু ৰিণি বসুমতাৰী। ইয়াত অভিনয় কৰিছে ক্ৰমে কিছমত বানু লগতে মৌচুমী বৰগৈয়াৰী। চুটি ছবিখনৰ কাহিনীভাগ লিখিছে মানৱ জ্যোতি বৰুৱাৰ লগতে জাহ্নৱী গগৈয়ে; পৰিচালনাৰ সমান্তৰালকৈ চুটি ছবিখনৰ দৃশ্যগ্ৰহণ তথা সম্পাদনাৰ দায়িত্বত আছে পৰিচালক গৰাকী নিজেই। সহযোগী পৰিচালক পংখী পেগু আৰু সহকাৰী পৰিচালনা টীমত আছে ক্ৰমে অংকুৰ ডেকা, গাৰ্গী দত্ত আৰু পুনম খনিকৰ। সংগীত পৰিচালনা সৌৰভ মহন্তৰ লহতে ভি.এফ.এক্স দিছে দীপজ্যাতি সন্দিকৈয়ে। ২০১৭ চনৰ পৰা পেছাগত ভাৱে পৰিচালনাৰ দিশটোৰ সৈতে জড়িত মানৱ জ্যোতি বৰুৱাৰ “লক-ডাউন” ৰ সময়ত মু্ক্তি লাভ কৰা আন এখন চুটি ছবি “গ্ৰহণ” কো আকোঁৱালি লৈছিল দৰ্শকে।

এখন অন্তৰ্যুদ্ধ আৰু মানৱ জ্যোতি বৰুৱাৰ "অপৰাহ্ন" 2


“অপৰাহ্ন” ৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীকে ধৰি মানৱ জ্যোতি বৰুৱাৰ আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে পৰিচালক গৰাকীক ৰূপালীপৰ্দাই জনাইছে শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform