Rupaliparda.com
অমৃতা গগৈৰ সাহস কোন? কিয় তেওঁ উভতিব পাৰিছে কৰ্মত?? খুলি ক'লেঃ 1

অমৃতা গগৈৰ সাহস কোন? কিয় তেওঁ উভতিব পাৰিছে কৰ্মত?? খুলি ক’লেঃ

এগৰাকী অভিনেত্ৰীয়ে নিজৰ পাৰ্চনেল আৰু প্ৰফেচনেল লাইফটোক সদায় সংলগ্ন কৰি থাকিবলগীয়া হয়; তেওঁৰ ব্যক্তিগত জীৱনত যিমানেই উখল-মাখল নহওঁক কিয়, এটা সময়লৈ গৈ তেওঁ নিজৰ কৰ্মক্ষেত্ৰলৈ সময়নুসৰি উভতি আহিবলগীয়া হয়। এইখিনিতে, আমি নাম ল’ব পাৰো এগৰাকী অভিনেত্ৰী অমৃতা গগৈৰ; কিছুদিন পূৰ্বে মাতৃত্বৰ সুখ লাভ কৰা এইগৰাকী অভিনেত্ৰীয়ে নিজৰ কামসমূহো সমান্তৰালকৈ আগবঢ়াবলৈ ধৰিছে। তেওঁৰ কণমানি কেচুঁৱাটোক এৰি কেনেদৰে তেওঁ কামলৈ উভতিছে বুলি কৰা ভিন্নটা প্ৰশ্নৰ উত্তৰ এইবাৰ তেওঁ দিছে ৰাজহুৱাকৈ; আমি নিজ জীৱনসংগী এগৰাকী বিচাৰো যিয়ে প্ৰতিটো সময়ত আমাৰ হাতখন ধৰি ক’ব পাৰে যে “ব’লা, আমি কৰি ল’ম।” আচলতে তেনে এক সুন্দৰ উদাহৰণ পোৱা গৈছে অমৃতা গগৈৰ ব্যক্তিগত জীৱনত। ৮ বছৰীয়া প্ৰেমৰ অন্তত বিবাহ পাশত আৱদ্ধ হোৱা অমৃতা গগৈয়ে নিজ স্বামীৰ প্ৰশংসা কৰি বহু কথাই ব্যক্ত কৰিলে চচিয়েল মিডিয়াত। কৰ্মক্ষেত্ৰলৈ উভতি অহাত স্বামী কেনেদৰে তেওঁৰ সাহস হৈ থিয় দিছে এই আটাইবোৰ কথা ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে। তেওঁ ফটোশ্বুট কৰি সময়ৰে এখন ফটো আপলোডেৰে তেওঁৰ কথাসমূহ খুলি কয় জনসাধাৰণৰ সমুখত। তেওঁ কয় যে,

অমৃতা গগৈৰ সাহস কোন? কিয় তেওঁ উভতিব পাৰিছে কৰ্মত?? খুলি ক'লেঃ 2
অমৃতা গগৈৰ সাহস কোন? কিয় তেওঁ উভতিব পাৰিছে কৰ্মত?? খুলি ক'লেঃ 3

“আজিকালি প্ৰায়েই এটা প্ৰশ্ন মোক সকলোৱে সোধে , যে “মাক” হোৱাৰ পিছতেই ইমান সোনকালে কামলৈ ঘুৰি অহাটো মোৰ বাবে কেনেদৰে সম্ভৱ হ’ল । মোৰ inbox ত বিভিন্ন জনৰ শুভেচ্ছা আশীৰ্বাদৰ লগতে এই প্ৰশ্নটো প্ৰায়েই পাও,প্ৰায়েই পঢ়ো । ইয়াৰ উত্তৰটো হৈছে ফটোখনত থকা সেই বিশেষ ব্যক্তিজন । যিজনে মোক মানসিক আৰু শাৰীৰিক ভাৱে ভীষণ শক্তিশালী কৰি প্ৰতিটো দিনৰ বাবে মোক প্ৰস্তুত কৰি তোলে । এইজনেই হৈছে মোৰ “উত্তৰ”❤❤তুমি মোক “মই” হৈ থাকিবলৈ দিয়া🙂 আজি মোৰ এই জীৱনটো তোমাৰ বাবেই হৈ পৰিছে ইমান সহজ, ইমান মসৃন ফটোখন যোৰহাটৰ এটা photoshoot ৰ সময়ত আমি গম নোপোৱাকৈ Rahul Rrd এ তোলা,ডেৰমহীয়া ৰিধিক চম্ভালি থকা অৱস্থাত মোৰ মানুহটো ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform