Rupaliparda.com
বিচ্চেদৰ পিছতো ঘৰৰ দেৱালত ৰাখিছিল সুশান্ত সিং ৰাজপুতৰ ফটোঃ 1

বিচ্চেদৰ পিছতো ঘৰৰ দেৱালত ৰাখিছিল সুশান্ত সিং ৰাজপুতৰ ফটোঃ

বিগত বৰ্ষত বহু চৰ্চিত বিষয়ৰ ভিতৰত এটা হৈছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ বিষয়টো। বিগত বৰ্ষত হোৱা তেওঁৰ এই আকস্মিক দূৰ্ঘটনাই সমগ্ৰ ভাৰতবৰ্ষক কঁপাই ৰাখিছিল; তেওঁৰ অনুৰাগীয়ে বৰ্তমানলৈ তেওঁক পাহৰিব পৰা নাই লগতে সুশান্ত সিং ৰাজপুতৰ পূৰ্ব প্ৰেয়সী অংকিতা লোখণ্ডে অভিনেতা গৰাকীক প্ৰায়ে সময়তে মনত পেলাই থকা দেখিবলৈ পোৱা যায়। অংকিতা লোখণ্ডে তেওঁৰ প্ৰতিটো সাক্ষাৎকাৰতেই নিজৰ পূৰ্ব প্ৰেম অৰ্থাৎ সুশান্ত সিং ৰাজপুতক মনত পেলায়; কিন্তু কেতিয়াবা এনেও হয় যে অভিনেত্ৰী গৰাকীক চচিয়েল মিডিয়াত বহুল হাৰত ট্ৰোল কৰাও হয়। চচিয়েল মিডিয়াত অভিনেত্ৰী গৰাকীয়ে যেতিয়াৰ পৰাই কিছুমান আনন্দ কৰি ভিডিঅ’ শ্বেয়াৰ কৰিছে তেতিয়াৰ পৰাই আচলতে আৰম্ভ হৈছে এই ট্ৰোলৰ। এইখিনিতে, এটা কথাও সঁচা যে অংকিতাই প্ৰতিটো সময়তে তেওঁক লৈ হোৱা ট্ৰোলৰ প্ৰতিউত্তৰ দি আহিছে। এক দীঘলীয়া সময়ৰ পৰাই অংকিতা আৰু সুশান্ত সিং ৰাজপুত প্ৰেমৰ সম্পৰ্কত আছিল যদিও তেওঁলোকৰ ব্ৰেকআপ হোৱা পিছতো অভিনেত্ৰী অংকিতাই নিজৰ ঘৰৰ দেৱালত সুশান্তৰ ফটো ওলমাই ৰাখিছিল। সুশান্তৰ সৈতে থকা এই সম্পৰ্কক পাহৰিবলৈ অভিনেত্ৰী গৰাকীৰ আঢ়ৈ বছৰ সময়ৰ প্ৰয়োজন হৈছিল বুলি অভিনেত্ৰী গৰাকীয়ে নিজেই মন্তব্য কৰে।

বিচ্চেদৰ পিছতো ঘৰৰ দেৱালত ৰাখিছিল সুশান্ত সিং ৰাজপুতৰ ফটোঃ 2
বিচ্চেদৰ পিছতো ঘৰৰ দেৱালত ৰাখিছিল সুশান্ত সিং ৰাজপুতৰ ফটোঃ 3


তেওঁ কয় যে, “কোনো এটা সময়ত হতাশাত পৰিলে অথবা নকৰিবলগীয়া কিছু কাম কৰিবলৈ গ’লে যেতিয়া মই তেওঁৰ ফটো খন দেখিছিলো তেতিয়াই মই সাহস পাইছিলো। আচলতে সুশান্ত সম্পৰ্কটোৰ বিষয়ত খাটাং আছিল যে তেওঁ কেৱল নিজৰ জীৱনত কেৰিয়াৰক প্ৰাধান্য দিব আৰু সেইবাবেই তেওঁ কেৰিয়াৰটোক লৈয়ে আগবাঢ়ি গৈছিল।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.