Rupaliparda.com
কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ৰ মুক্তিৰ নতুন পথঃ "Niri9" ত এইবাৰ পৰিচালক গৰাকী- 1

কল্পজ্যোতি দাসৰ “ৰমিঅ’ ইন জেং” ৰ মুক্তিৰ নতুন পথঃ “Niri9” ত এইবাৰ পৰিচালক গৰাকী-

“মই সৰু মানুহ, সৰু সৰু কাম কৰি ডাঙৰ হোৱাৰ আশাত” শীৰ্ষক এক পৰিকল্পনাৰে আগবঢ়া কল্পজ্যোতি দাসৰ প্ৰকল্প “ৰমিঅ’ ইন জেং” ৰ মুক্তিৰ দিশত আহিছে এক নতুন খবৰ। সৰু সৰু আশাবোৰক বুকুত বান্ধিয়ে আগবঢ়া এইগৰাকী পৰিচালকৰ নতুন প্ৰকল্পটো মুক্তি লাভ কৰিব নতুনকৈ মনোৰঞ্জন প্ৰদানৰ দৰ্শকৰ কাষচপা ডিজিটেল প্লেটফৰ্ম “NIRI9” এপটোত। নৱপ্ৰজন্মৰ পৰিচালক গৰাকীৰ “ৰমিঅ’ ইন জেং” ক লৈ ইতিমধ্যে জনসাধাৰণৰ মাজত সৃষ্টি হৈছে উৎসাহৰ। আচলতে, কল্পজ্যোতি দাসে শেহতীয়াকৈ মনোৰঞ্জন ক্ষেত্ৰখনত এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে আগবাঢ়িছে। ইতিমধ্যে জানিব পৰা অনুসৰি, একোগৰাকী নৱপ্ৰজন্মৰ কেৱল মাত্ৰ প্ৰতিভাক গুৰুত্ব দিয়া হৈছে পৰিচালক গৰাকীৰ এই প্ৰকল্পটোত। আপোনালোকে হয়টো নিজেও অনুভৱ কৰিছে যে, পূৰ্বতকৈ কিছু প্ৰেম নিবেদনৰ মাধ্যম সলনি হৈছে যদিও বৰ্তমানেও এই “প্ৰেম” বোলা অনুভৱটোৱেই সুকীয়া, ভাল লগা। কেতিয়াবা ভাল লগাবোৰ ভালপোৱালৈ পৰিৱৰ্তন হয় আৰু ভালপোৱাবোৰ ক্ৰমশ বাঢ়িবলৈ লয়। সৰু সৰু বস্তুবোৰতেই লাভ কৰিব পৰা যায় সুখানুভূতি; উৰ্দ্ধ শাৰী কেইটা পঢ়ি থকা সময়তে আপোনাৰ মুখত ফুটি উঠা সেই হাঁহিটোৱেই আচলতে আপোনাৰ এই সৰু সৰু সুখ।

কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ৰ মুক্তিৰ নতুন পথঃ "Niri9" ত এইবাৰ পৰিচালক গৰাকী- 2


কল্পজ্যোতি দাসৰ প্ৰকল্পটোত আন অইন প্ৰসংগ টানি অনাৰ পূৰ্বে আপোনালোকে জানি থওঁক যে কল্পজ্যোতিৰ “ৰমিঅ’ ইন জেং” কিছু সৰু বিষয়বস্তুক লৈয়ে সু-পৰিকল্পিতভাৱে নিৰ্মাণ কৰি জনসাধাৰণক মনোৰঞ্জন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। “ৰমিঅ’ ইন জেং” চিৰিজখন মুঠ ১০ টা খণ্ডযুক্ত; যাৰ প্ৰথম খণ্ডৰ ট্ৰেইলাৰটোক মুকলি ইতিমধ্যে কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। থ্ৰীলাৰ, ৰোমান্টিক তথা কমেডী আদি বিভিন্ন কাহিনী অন্তৰ্ভূক্ত এই চিৰিজ খনক লৈয়ে পৰিচালক কল্পজ্যোতি দাসো হৈছে উৎকন্ঠিত। পৰিচালক কল্পজ্যোতি দাসৰ এই পৰিকল্পনাটোত তেওঁক সহায় কৰিছে ক্ৰমে ৰূপাংকৰ দাস, নিশিৰঞ্জন কে মল্লিকা, নগেন বৈশ্য, মধুস্মিতা দাস, প্ৰাঞ্জল দাস, অনুচৰ, হৰগোবিন্দ মহন্তই। এই চিৰিজখনৰ দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যৰ লগতে পৰিচালকগৰাকীয়ে। কল্পজ্যোতি দাসৰ পৰিচালনাৰে নিৰ্মিত ইয়াৰ পূৰ্বেও এখন জনপ্ৰিয় ধাৰাবাহিক “দুটি মনৰ জোনাক” ক আপোনালোকে উপভোগ কৰিছে। বিগত বৰ্ষৰ “লক-ডাউন” ৰ সময়ছোৱাত দৰ্শকৰ বহুল সঁহাৰি লাভ কৰা এখন জনপ্ৰিয় ধাৰাবাহিকৰ মাজৰেই আছিল “দুটি মনৰ জোনাক”।

কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ৰ মুক্তিৰ নতুন পথঃ "Niri9" ত এইবাৰ পৰিচালক গৰাকী- 3


আনহাতে, “NIRI9” ৰ স্বত্বাধিকাৰী জোনমণি দেৱী খাউণ্ডৰ এই পদক্ষেপে সঁচা অৰ্থত নৱপ্ৰজন্মক উৎসাহিত কৰাত সক্ষম হৈছে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী হ’বলগীয়া “NIRI9” এপটোত কেৱল মাত্ৰ অসমীয়া প্ৰকল্পই নহয়; মুক্তি লাভ কৰিব হিন্দী আৰু বাংলা ভাষাৰো বিভিন্ন ধৰণৰ প্ৰকল্প। থ্ৰীলাৰ, চাইকো’লজিকেল থ্ৰীলাৰ, এক্সন, ড্ৰামা সম্পন্ন কাহিনীও ইয়াত দেখিবলৈ পোৱা যাব; গুগল প্লে ষ্টোৰ তথা এপ্পল প্লে ষ্টোৰত উপলদ্ধ এই এপটোত নৱপ্ৰজন্মৰ সোঁৱাদনুসৰিয়ে বিভিন্ন ধৰণৰ প্ৰকল্প অন্তৰ্ভূক্তি কৰা হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform