এগৰাকী অভিনেতা-অভিনেত্ৰী তথা একোগৰাকী গায়ক-গায়িকাই যেনেদৰে দৰ্শক তথা শ্ৰোতাক আমোদ প্ৰদানৰ ক্ষমতা ৰাখে ঠিক তেনেদৰে একোগৰাকী চিত্ৰকাৰেও একোখন চিত্ৰ অংকনেৰে প্ৰশান্তি যুগুতাই দৰ্শকৰ মনত। সেইবাবেই আমি একোখন ছবি অথবা এটা গীত উপভোগ কৰাৰ সমান্তৰালকৈ এখন চিত্ৰৰ উপভোগ কৰিও আমোদ লাভ কৰো। অসম তথা একোগৰাকী অসমীয়া প্ৰতিটো দিশতেই আগৰণুৱা; সেয়া মনোৰঞ্জনেই হওঁক অথবা অইন কোনো দিশতেই হওঁক। আজি আমি একোগৰাকী অভিনেতা-অভিনেত্ৰী অথবা সংগীতশিল্পীৰ পৰা ফালৰি কাটি কিছু কথা পাতিম এগৰাকী চিত্ৰকাৰৰ সৈতে। অইন নালাগে; তেওঁৰ চচিয়েল মিডিয়া একাউন্টতো দেখিলেই আপুনি অনুভৱ কৰিব এইগৰাকী প্ৰতিভাৰে পৰিপূৰ্ণ নৱপ্ৰজন্মৰ যুৱকক। তেওঁৰ সৈতে শেহতীয়াকৈ ৰূপালীপৰ্দা যোগে পাতিছিলো কিছু কথা-বতৰা; তেওঁৰ নাম হৈছে পল্লৱ বৰুৱা। কেতিয়াৰ পৰা ছবি অংকন কৰিবলৈ আৰম্ভ কৰিছিলে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “সকলো সৰু ল’ৰা-ছোৱালীৰ দৰে মইও সৰুৰ পৰা ছবি আঁকি ভাল পাইছিলো। আৰম্ভণিতে আম, আপেল, অমিতা, ঘৰ, তামোল গছৰ চিত্ৰ অংকনেৰে আৰম্ভ হৈছিল এই যাত্ৰা। কিন্তু, চিত্ৰাংকনৰ প্ৰতি থকা মোৰ আগ্ৰহ দেখি মা-দেউতাই মোক এগৰাকী প্ৰতিষ্ঠিত চিত্ৰশিল্পী প্ৰয়াত মাধৱ বৈশ্য ছাৰৰ ওচৰলৈ লৈ গৈছিল। তেওঁৰ তাত চতূৰ্থ বৰ্ষৰ পৰা এডমিছন লোৱা হৈছিল যদিও মোৰ আগ্ৰহ দেখি তেওঁ মোক মনৰ পৰা কিবা এটা আঁকিবলৈ কৈছিল। মোৰ এতিয়াও মনত আছে মই কি আঁকিছিলো; মই তেখেতৰ ঘৰটো সম্পূৰ্ণকৈ অঁকাৰ লগতে তেওঁৰ ঘৰৰ আশে-পাশে থকা আম গছ আৰু তামোল গছজোপাও আঁকি দিছিলো।”
পল্লৱ বৰুৱাই আগলৈ কয় যে, “তেখেতে চিত্ৰাংকন খন দেখি মাত্ৰ মাহঁতক এয়াই কৈছিল যে মংগলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ৰাতিপুৱা ৬ বজাত মোক লৈ আনিবলৈ। মই ছাৰৰ সান্নিধ্যত অষ্টম শ্ৰেণীলৈ শিকিলো; “Tempera আৰু Wash Painting”; আৰু এনেকৈ মোৰ এই যাত্ৰটো আৰম্ভ হৈছিল।” অইন মনোৰঞ্জনৰ সৈতে এখন চিত্ৰৰ মনোৰঞ্জনৰ কি সম্পৰ্ক আছে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “মনোৰঞ্জন দিশৰ পৰা চাবলৈ গ’লে প্ৰত্যেকৰে নিজাববীয়া কিছু দৃষ্টিভংগী থাকে। একাংশই টিভি চাই তথা গান শুনি লগতে একাংশই মনোৰঞ্জন লাভ কৰে একোখন চিত্ৰ উপভোগ কৰে। কিন্তু, এতিয়া প্ৰশ্নটো হ’ল মনোৰঞ্জন প্ৰদানকাৰী জন কোন? আচলতে এই আটাইবোৰত আছে একোগৰাকী সৃষ্টিকৰ্তা অথবা স্ৰষ্টা। আটাইবোৰ স্ৰষ্টা একো একোটা সৃষ্টিৰ সৈতে এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ থাকে আৰু তেওঁলোকৰ সৈতে জড়িত হৈ থাকে কষ্ট, সময় আৰু তেখেতসকলৰ অনুদান; গতিকে, প্ৰতিটো মনোৰঞ্জনেই মোৰ হিচাপত একেই হয়; পাৰ্থক্য উপভোক্তাৰ ওপৰত নিৰ্ভৰ কৰে যে কোনে কেনেধৰণে আঁকোৱালি ল’ব পাৰে।” ৬ ঘন্টীয়া এজন চাকৰিয়ালৰ একঘেয়ামী জীৱনৰ পৰা ফালৰি কাটি নিজৰ সপোনক লৈ জীয়াই থকাটো কিমান সহজ অথবা টান বুলি প্ৰশ্ন কৰাত পল্লৱে কয় যে, “মোৰ মতে, জীৱনৰ কোনো ভাল কামেই সহজ নহয়। যদিহে একোটা ভাল কৰ্ম সম্পাদনেৰে জীৱন সফল কৰিব বিচাৰে তেতিয়াহ’লে তাত তেওঁৰ কষ্ট আৰু ত্যাগ জড়িত হৈ থাকে। প্ৰত্যেকজন লোকৰ লক্ষ্য ভিন্ন; কাৰোবাৰ বাবে টকা নহ’লে কাৰোবাৰ বাবে হয়টো জনপ্ৰিয়তা, কাৰোবাৰ বাবে নিজ সপোনটো গুৰুত্বপূৰ্ণ। আনহাতে, কোনোবাজনে নিজৰ সপোন বাস্তৱত পৰিণত কৰোৱাটোৱেই তেওঁৰ লক্ষ্য হৈ পৰে; তাত লাগিলে টকা আৰু জনপ্ৰিয়তা নাথাকক! কিন্তু তাত এক অইন ধৰণৰ প্ৰশান্তি আছে।
মোৰ জীৱনৰ লক্ষ্য হৈছে মোৰ সপোনটো; যাতে আহিবলগীয়া প্ৰজন্মটোৰ বাবে কিবা এটা এৰি থৈ যাব পাৰো। মই নিজেই এগৰাকী “mens wear fashion designer” আছিলো; কিন্তু আজি মোৰ চাকৰি এৰা তিনিবছৰ হ’ল আৰু তেতিয়াৰ পৰাই হৈ পৰিলো এগৰাকী “freelance illustrator”; চাকৰি এৰি সপোনক সাৱটি লোৱাটো সহজ নহয়; কিন্তু জীৱনত ৰিক্স নহ’লে জানো কিবা পোৱা যায়? নিজৰ কমফৰ্ট জ’নৰ পৰা বাহিৰলৈ ওলাব পাৰিলেহে আমি সপোনৰ পিছত দৌৰিবলৈ সক্ষম হওঁ। নহ’লে এটা ঠাইতে আৱদ্ধ হৈ থাকিবলগীয়া হ’ব ওৰেটো জীৱন; মই এতিয়াও কেৰিয়াৰটোক লৈ সংঘৰ্ষ কৰি আছো। নিজৰ অস্তিত্ব পাবলৈ চেষ্টা কৰি আছো; সকলোৰে মৰম আৰু সঁহাৰি পালে অৱশ্যে নিজ অস্তিত্ব বিচৰাত সফল হ’ম।” তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা বুলিবলৈ কিছু হাতত আছে; অৱশ্যে কেইটামানৰ নাম এতিয়াই ল’ব পৰা নাযায়। মই বৰ্তমান বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী অংকুৰ তিৱাৰী লগতে “Hashtag Poker” নামে এটা এপৰ সৈতে জড়িত হৈ আছো তেওঁলোকৰ কিছু ডিজাইনিঙৰ কাম কৰিবলৈ। লগতে, আমাৰ সকলোৰে মৰমৰ কন্ঠশিল্পী নীল আকাশ দাৰ এটা প্ৰকল্পৰ পৰিকল্পনা চলি আছে; সমান্তৰালকৈ মই আৰু মোৰ সতীৰ্থ এগৰাকীয়ে এটা প্ৰডাকচন হাউচ “Pneuma Production” অলপতে খুলিলো। য’ত আমি ডিজিটেল চাৰ্ভিচ বোৰ ক্ৰমে “2D-3D animation, modelling, graphic designing, artworks, video/photography, website build আৰু designing” ইত্যাদি প্ৰদান কৰো। এই হাউচটোৰ ফালৰ পৰাই কিছু কাম অব্যাহত আছে।”
Add comment