Rupaliparda.com
সংযুক্তা দত্তৰ নৱতম সংগ্ৰহ "শুকুলা" ৰ প্ৰশংসাঃ 1

সংযুক্তা দত্তৰ নৱতম সংগ্ৰহ “শুকুলা” ৰ প্ৰশংসাঃ

ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত এগৰাকী অসম জীয়ৰী; পেছাত ফেশ্বন ডিজাইনাৰ। অসমৰ পাট-মুগা তথা মেখেলা ছাদৰক ৰাষ্ট্ৰীয় ক্ষেত্ৰত এক উচ্চ স্থানলৈ লয় যোৱাৰ মানসিকতাৰে তেওঁ আগবাঢ়িছে। তেওঁৰ নাম হৈছে সংযুক্তা দত্ত।এগৰাকী-দুগৰাকী নহয়; বলীউডৰ প্ৰায়বোৰ মোহময়ী অভিনেত্ৰীয়ে সংযুক্তাৰ দ্বাৰা ডিজাইন কৰা অসমীয়া মেখেলা ছাদৰ পৰিধান কৰি ৰেম্পত খোজ দিছে। কৰিশ্মা কাপুৰ, তাবু আদিকে ধৰি বহু তাৰকাক সংযুক্তাই ঢালিছে অসমীয়া ৰঙত। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়; চলিত বৰ্ষৰ “লেকমি ফেশ্বন উইক” ত সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া পাটৰ মেখলা ছাদৰ পৰিধান কৰি ৰেম্পত খোজ দিলে বি-টাউনৰ মোহময়ী অভিনেত্ৰী লাৰা দত্তই; “লেকমি ফেশ্বন উইক” ত প্ৰশংসিত হৈছে সংযুক্তাৰ নৱতম সংগ্ৰহ “শুকুলা”। লগতে, চলিত বৰ্ষৰ উক্ত ফেশ্বন শ্ব’টোৰ Showstopper আছিল লাৰা দত্ত। অৱশ্যে, লাৰা দত্তই নিজেও অসমীয়া মেখেলা-ছাদৰৰ পৰিধানেৰে অভিভূত হৈ পৰা বুলি মন্তব্য প্ৰদান কৰিছে। মেখেলা-ছাদৰক অন্যতম ৰূপ প্ৰদানত সফল হোৱা সংযুক্তা দত্ত সঁচাকৈ এগৰাকী অসম গৌৰৱ।


ইয়াৰ পূৰ্বেও তেওঁ ডিজাইন কৰা মেখেলা-ছাদৰ পৰিধান কৰি উৎফুল্লিত হোৱা বুলি মন্তব্য প্ৰদান কৰিছিল বহু সংখ্যক বলীউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে। আচলতে, কেৱল মাত্ৰ মনোৰঞ্জন দিশটো বুলিয়ে নহয়; ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম সন্তান প্ৰায় প্ৰত্যেকটো দিশতেই আগৰণুৱা তথা জনপ্ৰিয়তা অৰ্জনত সফল হৈ উঠিছে। উল্লেখ্য যে, বিগত বৰ্ষৰ “লেকমি ফেশ্বন উইক” ত সংযুক্ত দত্তৰ ডিজাইনৰ কাপোৰ পৰিধান কৰিছিল অভিনেত্ৰী বিপাশা বসু লগতে তেওঁৰ স্বামী তথা অভিনেতা কৰণ সিং গ্ৰোৱাৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform