Rupaliparda.com
ক'ৰোণা ভেকচিনৰ প্ৰথমটো শ্ব'ট ল'লে সঞ্জয় দত্তইঃ 1

ক’ৰোণা ভেকচিনৰ প্ৰথমটো শ্ব’ট ল’লে সঞ্জয় দত্তইঃ

ক’ৰোণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ তাৰকা সকলে প্ৰায়ে জনসাধাৰণক উৎসাহ দিয়া, প্ৰেৰণা দিয়া পৰিলক্ষিত হয়। কেতিয়াবা এই তাৰকা সকলে চচিয়েল মিডিয়াত বাৰ্তা প্ৰেৰণৰ দ্বাৰা অথবা কেতিয়াবা নিজেই ভেকচিন লগোৱাই তেওঁলোকে সাধাৰণ ৰাইজক মহামাৰীৰ পৰা বাহিৰ ওলাই আহিবলৈ উৎসাহ প্ৰদান কৰে; এইবাৰ এনে উৎসাহ প্ৰদান কৰিছে অভিনেতা সঞ্জয় দত্তই। অভিনেতা গৰাকী ক’ৰোণা ভেকচিন লগোৱাই শেহতীয়াকৈ অনুৰাগীক উৎসাহী কৰিছে। মংগলবাৰে সঞ্জয় দত্তই চচিয়েল মিডিয়াত এখন ফটো পোষ্ট কৰে; য’ত তেওঁক ক’ৰোণা টীকাকৰণ কেন্দ্ৰলৈ গৈ ক’ৰোণা ভেকচিন লগাই থকা দেখিবলৈ পোৱা যায়। ফটোখনৰ লগতে অভিনেতা গৰাকীয়ে ভেকচিন দিয়া ডাক্তৰ সকলকো নিজ ধন্যবাদ জ্ঞাপন কৰে। সঞ্জয় দত্তই কয় যে, “ক’ৰোণা টীকাকৰণ কেন্দ্ৰত আজি মই ক’ৰোণা ভেকচিনৰ প্ৰথমটো শ্ব’ট লওঁ। মই ডাক্তৰ ডেৰেৰ সৈতে তেওঁৰ সমগ্ৰ টীমক ইমান সুন্দৰ কাম কৰি যোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। জয় হিন্দ।” অভিনেতা গৰাকীৰ এই টুইটটো বৰ্তমান চচিয়েল মিডিয়াত বহুল হাৰত ভাইৰেল হ’বলৈ ধৰিছে।” আনহাতে কিছুদিন পূৰ্বে অভিনেতা গৰাকী ভাইৰেল হোৱা কাৰণটো আছিল তেওঁৰ নতুন লুকটো। অনুৰাগীয়ে তেওঁৰ লুকটো অৱশ্যে যথেষ্ট পচন্দও কৰা দেখিবলৈ পোৱা গৈছিল।


সঞ্জয় দত্তৰ জীয়ৰী ত্ৰিশিলাই নিজৰ পিতৃ সঞ্জয় দত্তক সদায় গৌৰৱ অনুভৱ কৰে । অভিনেতা গৰাকীয়ে নিজ অসুবিধা সমূহৰ কথা খুলি ব্যক্ত কৰে। পিতৃৰ ড্ৰাগছ সেৱনৰ কথাক লৈ জীয়ৰী ত্ৰিশিলা প্ৰতিদিনাই স্পষ্টবাদী হৈ থকা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.