Rupaliparda.com
মানসিক কষ্ট নিদিবলৈ অনুৰোধ কন্ঠশিল্পী সুবাসনা দত্তৰঃ 1

মানসিক কষ্ট নিদিবলৈ অনুৰোধ কন্ঠশিল্পী সুবাসনা দত্তৰঃ

বিগত বৰ্ষৰ “লক-ডাউন” ৰ ফলত হেঁপাহৰ ৰঙালী বিহুটোক উদযাপন কৰিব পৰা নাছিল কোনো অসমীয়াই। কিন্তু এইবাৰ প্ৰত্যেকগৰাকী সাজু হৈছে হেঁপাহৰ ৰঙালীক হেঁপাহেৰে আজুৰিবলৈ; কন্ঠশিল্পী, সংগীতশিল্পী সকলে যেনেদৰে বিগত বৰ্ষত বিহু অনুষ্ঠান সমূহ নোহোৱাৰ ফলত হতাশা তথা মানসিক কষ্টত ভুগিবলগীয়া হৈছিল তাৰ তুলনাত চলিত বৰ্ষটো কিছু আগৰ তুলনাত ঠিকে আছে। কিন্তু, শেহতীয়াকৈ অহা কিছু উৰা-বাতৰিৰ বাবে আকৌ এবাৰ হতাশগ্ৰস্ত হৈ পৰিছে শিল্পী সকল। বিধানসভা নিৰ্বাচনৰ পিছত “লক-ডাউন” ঘোষণা কৰা হ’ব বুলি বিগত কেইবাদিন ধৰি জনসাধাৰণৰ মুখে মুখে তথা চচিয়েল মিডিয়াত প্ৰচাৰ হোৱা দেখিবলৈ পোৱা গৈছিল। এই প্ৰসংগটোক লৈ শেহতীয়াকৈ চচিয়েল মিডিয়াত নিজ স্পষ্টীকৰণ দাঙি ধৰিছে কন্ঠশিল্পী সুবাসনা দত্তই। তেওঁৰ এক ষ্টেটাচ আপলোড কৰি কয় যে জনসাধাৰণে যদিহে এনেধৰণৰ উৰা বাতৰি বিয়পাই ফুৰে তেন্তে আহিবলগীয়া দিনত লক-ডাউন নহ’লে মানসিক কষ্টত আত্মহত্যা কৰিবলগীয়া পৰ্যায় আহি পৰিব।

মানসিক কষ্ট নিদিবলৈ অনুৰোধ কন্ঠশিল্পী সুবাসনা দত্তৰঃ 2
মানসিক কষ্ট নিদিবলৈ অনুৰোধ কন্ঠশিল্পী সুবাসনা দত্তৰঃ 3


তেওঁ কয় যে, “Officially order দিছে জানো lockdown ৰ? তাৰিখ টো কোনোবাই জানে নেকি? এটা কথা ক’ব খুজিছো,lockdown হ’লে টো বহুত বেছি বেয়া হ’ব। কিন্তু,এতিয়ালৈকে একো খাতাং নোহোৱাকৈ lockdown ক লৈ দি থকা আপোনালোকৰ এই post বোৰে আমাক সকলোতকৈ বেছি বিপদত পেলাব কিন্তু। এই post বোৰৰ বাবেই ইতিমধ্যে বহিবলগীয়া বিহু কমিতি সমুহ বিমোৰত পৰিছে,মিটিং ৰ তাৰিখ পিছুৱাই দিছে। লাহে লাহে বুকিং হৈ থকা অনুস্থান বোৰো বাতিল কৰি দিব। তাৰ পিছত বোলে বিহু হ’ল কিন্তু অনুস্থান কাৰো নাই। তেতিয়া?যোৱা বছৰৰ পৰা আমি সকলোবোৰ বৰ মানসিক অশান্তিত আছো। এটা বছৰ বৰবাদ কৰি কেনেকৈ কিমান হেঁ‌পাহেৰে এইটো বিহুলৈ আমি ৰৈ আছো আমিহে বুজি পাওঁ‌। আৰু এতিয়া lockdown হ’বনে বা হ’লে কি হ’ব আমি একো ভাবিব পৰা অবস্থাত বৰ্তমান নাই। গতিকে অনুগ্ৰহ কৰি অলপ ধৰ্য্য ধৰক সকলোৱে। নহলে lockdown হোৱাৰ আগতেই এই কেইদিন lockdown হ’ব বুলি সকলোৱে দি থকা post বোৰ দেখি দেখি depression তেই আমাৰ মানুহবোৰ মৰি থাকিব কিন্তু।”

Add comment

Leave a Reply