Rupaliparda.com
ৰাম গোপাল বাৰ্মাৰ স্পষ্টীকৰণ; "কংগনা ৰাণাওঁট অদ্বিতীয়"- 1

ৰাম গোপাল বাৰ্মাৰ স্পষ্টীকৰণ; “কংগনা ৰাণাওঁট অদ্বিতীয়”-

প্ৰথমে ৰাষ্ট্ৰীয় পুৰস্কাৰৰ দ্বাৰা পুৰস্কৃত আৰু তাৰ পিছত, শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰাণাওঁটৰ আহিবলগীয়া ছবি “থলাইবী” ট্ৰেইলাৰ মুকলিৰ পিছত লাভ কৰা প্ৰশংসা। মুঠতে, কেৰিয়াৰৰ এইটো সময়ত পূৰ্ণৰূপত আনন্দিত লৈছে কংগনাই। উক্ত ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পিছত অভিনেত্ৰী গৰাকীৰ অভিনয় কৌশলৰ প্ৰশংসা কৰা হৈছে সচেতন মহলত; এইখিনিতে আপোনালোকক জনাই থওঁ যে, কংগনা ৰাণাওঁটৰ চিন্তাৰ মতভেদ হোৱাৰ পিছতো তেওঁৰ এই ছবিখনৰ ট্ৰেইলাৰ দেখি অভিনেত্ৰী গৰাকীক প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে একাংশক। শেহতীয়াকৈ, ট্ৰেইলাৰ উপভোগ কৰাৰ পিছতেই পৰিচালক ৰাম গোপাল বাৰ্মাই টুইট কৰি কয় যে, “কিছুমান বিশেষ ক্ষেত্ৰত আপোনাৰ সৈতে মোৰ চিন্তাধাৰা নিমিলে; কিন্তু “থলাইবী” ৰ চুপাৰ-ডুপাৰ ট্ৰেইলাৰ উপভোগ কৰা পিছত আপোনাক চেল্যুট কৰিব খুজিছো। এইটো খুব ভাললগা আৰু মোৰ বিশ্বাস আছে যে স্বৰ্গত থকা জয়ললিতাও এই ছবিখনক লৈ ৰোমাঞ্চিত হ’ব।” ৰাম গোপাল বাৰ্মাৰ টুইটৰ প্ৰতিউত্তৰত কংগনা ৰাণাওঁটেও এক টুইটযোগে পৰিচালকগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। আপোনালোকৰ নিশ্চয় মনত আছে কংগনা ৰাণাওঁটে কিছুদিন পূৰ্বে নিজক হলীউডৰ অভিনেত্ৰীৰ সৈতে তুলনা কৰিছিল। কিন্তু এতিয়া ৰাম গোপাল বাৰ্মা সঁচাকৈ কংগনা অদ্বিতীয় বুলি মান্তি হয়।

Hey @KanganaTeam I might disagree with u on certain overreaches in some specific regions but I want to salute u for being so super duper special #ThalaiviTrailer is just MINDBLOWING and I am sure JAYALALITHA must be thrilled in heaven 🙏🙏🙏

Originally tweeted by Ram Gopal Varma (@RGVzoomin) on March 23, 2021.


উল্লেখ্য যে, কংগনাই দাবী কৰিছিল যে গোটেই বিশ্বত তেওঁৰ সমান কোনো এগৰাকী অভিনেত্ৰী নাই আৰু যদিহে কোনোৱে এই বিষয়ত তৰ্ক কৰিবলৈ বিচাৰে তেতিয়াহ’লে অভিনেত্ৰী কংগনা ৰাণাওঁট একেবাৰে প্ৰস্তুত। এইখিনি কথাক লৈয়ে তেওঁ দুখন “থলাইবী” ৰ ফটো আৰু এখন “ধাকঢ়” ৰ ফটো শ্বেয়াৰ কৰে। অভিনেত্ৰী গৰাকীয়ে এয়াই দাবী কৰিছে যে এই গ্ৰহত তেওঁৰ দৰে কৰ্মপৰায়ণ, নিষ্ঠাবান আৰু চৰিত্ৰৰ সৈতে খেলিব পৰা অভিনেত্ৰী আৰু দ্বিতীয় গৰাকী নাই। যদিহে আছে তেতিয়াহ’লে তেওঁ নিজৰ এনে অহংকাৰ ত্যাগ কৰিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform