Rupaliparda.com
আন এখন চুটি ছবিৰ সৈতে সাজু সমুজ্জল কাশ্যপঃ Arrange কৰিবলৈ আহি আছে "LoveBirds"- 1

আন এখন চুটি ছবিৰ সৈতে সাজু সমুজ্জল কাশ্যপঃ Arrange কৰিবলৈ আহি আছে “LoveBirds”-

আমি একোটা সুন্দৰ প্ৰকল্পক লৈ সদায় উৎসাহী হৈ থাকো; তাতেই আকৌ যদি উক্ত প্ৰকল্পটোৰ সৈতে জড়িত কলা-কুশলীৰ কামবোৰ পূৰ্বৰে পৰাই আমাৰ মন-গহ্বৰত সোমাবলৈ সক্ষম হৈছে তেতিয়াহ’লেটো আৰু প্ৰশ্নই নাই! সম্প্ৰতি সময়ৰ চুটি ছবিসমূহে দৰ্শকসকলক এক বেলেগ পৰ্যায়ৰ আমোদ প্ৰদানত সক্ষম হৈছে; একোটা সুন্দৰ কাহিনীক ১০ অথবা ১৫ মিনিট সময়ৰ মাজত উপভোগ কৰিয়ে সেই কাহিনীভাগে প্ৰায় কেইবাদিনলৈ আমাৰ হৃদয় বন্যাত সোমাই ক্ৰিয়া কৰি থাকে। তেনে বহু চুটি ছবিৰেই উদাহৰণ আমি বিগত সময়ছোৱাৰ পৰা পাবলৈ সক্ষম হৈছো; এই কাহিনীসমূহত সন্নিৱিষ্ট হৈ থকা একোটা বাস্তৱ জীৱনে আমাক তেওঁলোকৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰি তোলে। আচলতে, আমি এই আটাইবোৰ প্ৰসংগ টানি অনাৰ বাবে হয়টো আপোনালোৰ মনলৈও কিছু প্ৰশ্নৰ উত্থাপন হৈছে; নহয়নে? কিন্তু এইখিনিতে, আপোনালোকক দিবলৈ ওলাইছো এক সু-খবৰ; আপোনালোকে ইতিমধ্যে “Arranged” নামে এখন সুন্দৰ চুটি ছবি উপভোগ কৰাৰ সমান্তৰালকৈ চুটি ছবিখনৰ প্ৰতিটো চৰিত্ৰৰ প্ৰশংসাত পঞ্চমুখ হৈছে। গতিকে, উক্ত চুটি ছবিখনৰ পৰিচালক সমুজ্জল কাশ্যপৰ পৰিচালনাৰে নিৰ্মাণৰ বাবে আগবাঢ়িছে আন এখন চুটি ছবি “Love Birds”। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে এই চুটি ছবিখনৰ শ্বুটিং; সমান্তৰালকৈ আৰম্ভ হৈছে সম্পাদনাৰ কামো।

আন এখন চুটি ছবিৰ সৈতে সাজু সমুজ্জল কাশ্যপঃ Arrange কৰিবলৈ আহি আছে "LoveBirds"- 2


“LoveBirds” ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে অচিন্ত ৰাজ কাশ্যপ আৰু আলিস্মিতা গোস্বামীয়ে। আনহাতে, ইয়াৰ পূৰ্বে “Arranged” ত দেখিবলৈ পোৱা তথা এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত থাকিব এইবাৰো অভিনেতা হৰ্ষ সিদ্ধান্ত, লগতে থাকিব হিৰণ্য অধিকাৰী। দৰ্শকক মনোৰঞ্জন প্ৰদানৰ অৰ্থেই নিৰ্মাণ কৰা চুটি ছবিখনক বৰ্তমানলৈ কোনোধৰণৰ ছবি সমাৰোহলৈ প্ৰেৰণ কৰাৰ কথা ভবা নাই বুলি জানিবলৈ দিয়ে পৰিচালক গৰাকীয়ে। এই চুটি ছবিখনৰ কাহিনী তথা স্ক্ৰীপ্টৰ দায়িত্ব আছে ভাস্কৰজিৎ শইকীয়া লগতে চিত্ৰনাট্যৰ দায়িত্বত আছে পৰিচালক সমুজ্জল কাশ্যপ। অৱশ্যে, উক্ত চুটি ছবিখনৰ কাহিনীভাগত হৰ্ষ সিদ্ধান্তই ৰূপায়ন কৰা চৰিত্ৰটোৰ চিত্ৰনাট্য তেওঁ নিজাববীয়াকৈ লিখি উলিয়াইছে। চুটি ছবিখনৰ সহঃ পৰিচালক কাদম্বৰী কাশ্যপৰ লগতে ৰূপসজ্জা বিজিয়েতা পাটগিৰীৰ। ৰঙালী বিহুৰ সমসাময়িক ভাৱে মুক্তিপাবলগীয়া এই চুটিছবিখনৰ দৈৰ্ঘ্য হ’ব প্ৰায় ২০ মিনিট। KC Digital Films ৰ ইউটিউব চেনেলত মুক্তি লাভ কৰিব “LoveBirds”। মহানগৰীত কৰ্মব্যস্ততাৰ সৈতে জীৱন যাত্ৰা আগুৱাই লৈ গৈ থকা একাংশ নৱপ্ৰজন্মৰ কাহিনীৰে নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত চুটি ছবিখনৰ কাহিনীভাগ। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় দৃশ্যগ্ৰহণকাৰী নগেন বৈশ্যই; কিছুদিন পূৰ্বে পৰিচালক গৰাকীৰ আন এখন চুটি ছবি “মায়া বাইদেউ” য়েও ঘৰুৱা দৰ্শকৰ সমুখত লাভ কৰিছিল মুক্তি।

আন এখন চুটি ছবিৰ সৈতে সাজু সমুজ্জল কাশ্যপঃ Arrange কৰিবলৈ আহি আছে "LoveBirds"- 3

“মায়া বাইদেউ” য়ে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি লাভৰ পূৰ্বেই অৱশ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্নটা ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ লগতে দৰ্শক-সমালোচকৰ তৰফৰ পৰা লাভ কৰিছিল সঁহাৰি। এইগৰাকী পৰিচালক তথা তেওঁৰ আহিবলগীয়া চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform