Rupaliparda.com
আজি "জয়মতী দিৱস"; অনুভূতি কাকতি গোস্বামীৰ "জয়মতী" ৰ জনপ্ৰিয়তাঃ 1

আজি “জয়মতী দিৱস”; অনুভূতি কাকতি গোস্বামীৰ “জয়মতী” ৰ জনপ্ৰিয়তাঃ

“সতী জয়মতী”; ই এনে এক কাহিনী অথবা এনে এক নাম, যাৰ কাহিনী প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে শিঁপাই আছে। প্ৰজন্মৰ পিছত প্ৰজন্ম আহিলেও ই কোনোদিন লুপ্ত নহয় হৃদয়ৰ পৰা; আজি ২৭ মাৰ্চ অৰ্থাৎ সৰ্বত্ৰে পালন কৰা হৈছে জয়মতী দিৱস। অসম বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিখা সতী জয়মতীৰ নামৰ লগতে তেওঁৰ সত্বা, সাধনা, একাগ্ৰতাক আজিও পাহৰিব পৰা নাই কোনেও। জয়মতী দিৱস উপলক্ষে কিছুদিন পূৰ্বে অসমীয়া কন্ঠশিল্পী তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা অনুভূতি কাকতি গোস্বামীৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি গীত “জয়মতী”; গীতটি উপভোগ কৰা প্ৰত্যেক গৰাকী শ্ৰোতা-দৰ্শকে কেৱল মাত্ৰ এটাই কথা কৈছে যে এই গীতটি শুনি থকা সময়ছোৱাত তেওঁলোকৰ গাঁৰ নোম শিঁয়ৰি উঠিছিল। অৱশ্যে, কথাষাৰ একেবাৰেই নুই কৰিব নোৱাৰি যে “সতী জয়মতী” ৰ বাস্তৱ কাহিনীভাগেই ইমান অধিক হৃদয়স্পৰ্শী যে তেওঁৰ বিষয়ক লৈ নিৰ্মিত প্ৰায় প্ৰতিটো প্ৰকল্পত দৰ্শকৰ আগ্ৰহ নিজাববীয়াকৈ সৃষ্টি হয়। আনহাতে, অনুভূতি কাকতি গোস্বামীৰ কন্ঠৰে মুক্তি লাভ কৰা এই গীতটিৰ প্ৰসংগলৈ যদি আহো তেতিয়াহ’লে আপোনাকলোকক এটাই কথা ক’ব লাগিব যে এই গীতটিক উপভোগ কৰক; কাৰণ, গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীৰ নিঁখুট কৰ্মই গীতটিক আৰু অধিক উপভোগ্য কৰি তুলিছে। কন্ঠশিল্পী গৰাকীৰ কন্ঠ সমন্বিতে উপস্থাপিত ভিডিঅ’টোৱেও দৰ্শকক নিজৰ ফালে আজুৰিবলৈ সক্ষম হৈ পৰিছে।


উল্লেখ্য যে, “জয়মতী” শীৰ্ষক সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিৰ কাম বিগত ১০ বছৰ ধৰি কৰি থকা হোৱাৰ লগতে এই গীতটিত কথা কাৰ আছিল সেয়া বৰ্তমানেও অজ্ঞাত। মাত্ৰ এই গীতটিৰ বাবে কথা সংগ্ৰহ কৰা হৈছিল বোকাখাত নিবাসী নিত্যা নন্দা বৰদলৈৰ দেৱৰ পৰা। সাংস্কৃতিক পৰিয়ালত জন্ম লাভ কৰা অনুভূতি কাকতি গোস্বামীৰ এই গীতটিত সুৰ কৰিছে সেউজ অনুভূতিয়ে আৰু লগতে সংগীত প্ৰযোজনা ইমন সেউজ গোস্বামীৰ। গীতাৰ ঋতু পবন কটকীৰ লগতে গীতটিৰ কিছু অংশত কন্ঠদান কৰিছে অনুষ্মা শৰ্মাই; ডাবিং চুপাৰভাইজাৰ সুকুমাৰ দত্ত। মুম্বাইস্থিত Heartz Studio আৰু Swarit Studio ত বাণীবদ্ধ হোৱা এই “জয়মতী” গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে মুম্বাইৰে Play head Studio ত ৰূপজিৎ দাসে। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা জাবালিক খাউণ্ডে আৰু দৃশ্যগ্ৰহণ কৰিছে বিদ্যুৎ শইকীয়াই। সম্পাদনা অমল কাকতিৰ আৰু সহঃ সম্পাদনা অম্বৰিশ বৰকটকীৰ। পোহৰ ৰাজীৱ দাসৰ, ৰূপসজ্জা দেৱ শৰ্মাৰ লগতে সাজসজ্জা ত্ৰিদিশা শৰ্মা আৰু কমলা ক’লৰ। প্ৰডাকচন মেনেজাৰ হিচাপে কাম কৰিছে দীপ বৰাই আৰু ভি এফ এক্স দিব্যজ্যোতি বৰাৰ।

আজি "জয়মতী দিৱস"; অনুভূতি কাকতি গোস্বামীৰ "জয়মতী" ৰ জনপ্ৰিয়তাঃ 2


অনুভূতি কাকতি গোস্বামীৰ এই নতুন গীতটিক লৈ তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

1 comment

Leave a Reply

  • অতি সুন্দৰ ,ভাল লাগিল বহুদিনৰ পাছত এটি সুন্দৰ গীত শুনি আপ্লুত হলো ৷

The Ultimate Managed Hosting Platform