Rupaliparda.com
সমুখত নিৰ্বাচন; অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচনী প্ৰচাৰ জেৰিফা ৱাহিদৰঃ 1

সমুখত নিৰ্বাচন; অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচনী প্ৰচাৰ জেৰিফা ৱাহিদৰঃ

সমুখত নিৰ্বাচন; নিৰ্বাচনৰ প্ৰাকক্ষণত দ্ৰুতগতিত চলিছে প্ৰচাৰ। ৰাজনৈতিক দলসমূহৰ ৰণকৌশলেৰে ইতিমধ্যে জনসাধাৰণক আকৰ্ষণৰ চেষ্টা চলিছে সৰ্বত্ৰে। শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে অসমীয়া অভিনেত্ৰী জেৰিফা ৱাহিদে। ৰাইজৰ দলৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰি অভিনেত্ৰী গৰাকীয়ে যোগদান কৰে অসম জাতীয় পৰিষদত। নিৰ্বাচনী প্ৰচাৰ চলোৱা ভালেকেইখন ফটো ইতিমধ্যে অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত আপলোড কৰিছে; তেওঁৰ এই ফটো সমূহ ভাইৰেলো হৈছে অনুৰাগীৰ মাজত। ১৯৯০ চনত মুক্তিপ্ৰাপ্ত ছবি “অভিমান” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই অভিনেত্ৰী গৰাকী স্কুল গৈ থকাৰ পৰাই জড়িত হৈছিল অভিনয়ৰ সৈতে। সেইটো সময়তে তেওঁ কেইবাখনো ছবি ক্ৰমে, “অগ্নিগড়”, “অতিক্ৰম” আদিত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক আৰু মিউজিক এলবামত অভিনীত জেৰিফাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল “তুমি মোৰ মাথো মোৰ” ছবিখনৰ পৰা। জুবিন গাৰ্গৰ সৈতে উক্ত ছবিখনত জেৰিফাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল।


যদুমণি দত্তৰ দ্বাৰা পৰিচালিত “অগ্নিসাক্ষী” ছবিখনৰ বাবে জেৰিফা ৱাহিদে অসম চৰকাৰৰ ৰাজ্যিক চলচিত্ৰ বঁটাত মূখ্য ভূমিকাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে “দুৱাৰ” ছবিখনৰ বাবে তেওঁ লাভ কৰিছিল “প্ৰথম পূব ফিল্মফেয়াৰ এৱাৰ্ড ২০১৪” ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। জেৰিফা ৱাহিদ হৈছে প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী যিয়ে নিজাববীয়াকৈ প্ৰডাকচন হাউচ; নাম “জেৰিফা ৱাহিদ প্ৰডাকচনচ” খুলিছিল। জেৰিফা ৱাহিদে বিভিন্ন ছবি তথা ভিচিডি আদিত অভিনয় কৰাৰ উপৰিও থিয়েটাৰ সমূহতো সক্ৰিয় ৰূপে অভিনয় কৰিছিল। সমাজৰ বিভিন্ন কাৰ্য-কলাপতো বৰ্তমান অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় এই গৰাকী অভিনেত্ৰী জেৰিফা ৱাহিদক।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform