Rupaliparda.com
বিকিনী আৰু বিন্দিৰ সৈতে চচিয়েল মিডিয়াত ভাইৰেল প্ৰিয়ংকা চোপ্ৰাঃ 1

বিকিনী আৰু বিন্দিৰ সৈতে চচিয়েল মিডিয়াত ভাইৰেল প্ৰিয়ংকা চোপ্ৰাঃ

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে আৰু নিজৰ ব্যক্তিগত জীৱনৰ ভিন্ন কথা অনুৰাগী সকলৰ সৈতে শ্বেয়াৰ কৰে। এগৰাকী জনপ্ৰিয় আৰু সফল অভিনেত্ৰীৰ মাজৰ এগৰাকী হৈছে প্ৰিয়ংকা চোপ্ৰা। শেহতীয়াকৈ, তেওঁ ইনষ্টাগ্ৰামত এখন তেওঁৰ পূৰণি দিনৰ ফটো শ্বেয়াৰ কৰে য’ত তেওঁ পৰিধান কৰে বগা ৰঙৰ এটা বিকিনী আৰু কপালত ফোঁট। প্ৰিয়ংকা চোপ্ৰাই নিজ কেৰিয়াৰত এক দীঘলীয়া সময় অতিক্ৰম কৰিছে; য’ত তেওঁ প্ৰথমতে মিছ বৰ্ল্ড আছিল আৰু তাৰ পিছত বলীউডত লাভ কৰা সহাঁৰিক লৈ তেওঁ হলীউডলৈ যাত্ৰা কৰিছিল। তেওঁ শেহতীয়াকৈ তেওঁৰ পূৰণি ফটোখন আপলোড কৰি কেপচনত লিখে যে,” সঁচা ক’বলৈ গ’লে, মই তেতিয়াও লাজ কৰা নাছিলো, বিন্দী আৰু বিকিনী”। অভিনেত্ৰী গৰাকীৰ এই ফটোখন বৰ্তমান চচিয়েল মিডিয়াত ভাইৰেল হ’বলৈ ধৰিছে। উল্লেখ্য যে, অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা প্ৰায়ে তেওঁৰ ব্যক্তিগত কথা সমূহৰ বাবে চৰ্চা লাভ কৰি থাকে। অভিনেত্ৰী গৰাকীয়ে সাক্ষাৎকাৰ সমূহত নিজৰ ব্যক্তিগত কথা সমূহ প্ৰকাশ কৰি অনুৰাগীক উৎসাহিত কৰি ৰাখে। প্ৰিয়ংকা চোপ্ৰাই এবাৰ কৈছিল যে ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনত কাম কৰি অভিনেত্ৰী গৰাকীয়ে এবাৰ জনসাধাৰণৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়াত পৰিছিল। তেওঁ কয় যে,”চাউথ এছিয়াত উজ্বলতা বঢ়োৱা ক্ৰীমৰ কথা পতাটো একেবাৰে সৰু কথা। এতিয়াও ইয়াক সঠিক বুলি বহুতেই ভাৱে কিন্তু যেতিয়া এগৰাকী মহিলা কলাকাৰে এনে বিজ্ঞাপন কৰে তেতিয়া এয়া অশুদ্ধ হৈ পৰে।

বিকিনী আৰু বিন্দিৰ সৈতে চচিয়েল মিডিয়াত ভাইৰেল প্ৰিয়ংকা চোপ্ৰাঃ 2


মোৰ বাবে এগৰাকী সৰু ছোৱালীয়ে মুখত টেলকম পাউদাৰ ব্যৱহাৰ কৰিবলৈ লৈছিলে কিয়নো মই এয়া বিশ্বাস কৰোৱাইছিলো যে ক’লা ৰঙৰ হোৱাটো ভুল কথা।” হলীউডত কাম কৰিবলৈ আৰম্ভ কৰাৰে পৰা অৰ্থাৎ ২০১৫ চনৰে পৰা প্ৰিয়ংকা চোপ্ৰাই এনে ক্ৰীমৰ বিজ্ঞাপনৰ পৰা নিজক আঁতৰাই ৰাখিছিল। উল্লেখ্য যে, তেওঁৰ ছবি “অনফিনিচড” ত প্ৰিয়ংকা চোপ্ৰাৰ শৈশৱৰ পৰা আৰম্ভ কৰি “মিছ ৱৰ্ল্ড” ৰ শিৰোনামৰ জয়ী হোৱালৈ লগতে হলীউডত অহালৈ প্ৰতিটো বিষয়ক অন্তৰ্ভূক্ত কৰা হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.